লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দল-নেতাৰ প্ৰচাৰৰ সামৰণি

- Advertisement -
- Advertisement -
- Advertisement -

■ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে বুধবাৰে বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ৰ পৰহিলৈ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৯টা সংসদীয় সমষ্টিত ভোটগ্রহণ কৰা হ’ব। ইয়াৰ ভিতৰত অসমৰ দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টি আছে। প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে নির্বাচনী সভাত ভাগ লয়।

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ সাগৰৰ বাৰটুমাত এখন নির্বাচনী সভাক সম্বোধন কৰি কয় যে দেশতেই হওক বা মধ্যপ্রদেশতেই হওক কংগ্ৰেছে ক্ষমতাৰ পৰা যোৱাৰ পাছত, বিজেপি ক্ষমতালৈ অহাতহে উন্নয়ন সম্ভৱ হৈছে। তেওঁ কয় যে নীতি আৰু দৃষ্টিভংগী সঠিক হ’লেহে উন্নয়ন সম্ভৱ হয়। কংগ্ৰেছৰ শাসনকালত মধ্যপ্রদেশ ৰুগ্ন ৰাজ্যৰূপে জনাজাত আছিল বুলি উল্লেখ কৰি প্রধানমন্ত্ৰীয়ে কয় যে একেখন ৰাজ্য সম্প্ৰতি বিজেপি চৰকাৰৰ অধীনত উন্নয়নৰ নতুন শিখৰত উপনীত হৈছে। ৰাজখনত ঐতিহাসিক কেন-বেতৱা সংযোগ প্রকল্প ইতিমধ্যে আৰম্ভ হৈছে বুলি শ্রীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যখনত ভাল ঘাইপথৰ এটা পূৰ্ণাঙ্গ নেটৱৰ্ক গঢ়ি তোলাৰ কাম অব্যাহত আছে। নর্মদা প্রগতি পথেই হওক বা বিন্ধ্য প্রগতি পথ, মালৱা-নিৱাড়, মধ্যভাৰত, বুন্দেলখণ্ড প্ৰগতি পথ, এক্সপ্ৰেছৱে নতুন মধ্যপ্ৰদেশৰ পৰিচয় হৈ উঠিছে বুলি শ্রীমোদীয়ে মন্তব্য কৰে। ধৰ্ম ভিত্তিক সংৰক্ষণৰ বিৰোধিতা কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ সংবিধানে ধৰ্মৰ ভিত্তিত সংৰক্ষণ প্ৰদান নকৰে। তেওঁ কয় যে বাবাচাহেব আম্বেদকাৰ নিজে ধর্মভিত্তিক সংৰক্ষণৰ বিৰোধী আছিল যদিও কংগ্ৰেছে কেইবাবছৰ পূৰ্বেই ধৰ্মৰ আধাৰত সংৰক্ষণৰ বিপদজনক সংকল্প গ্রহণ কৰিছে। তেওঁ কয় যে কংগ্ৰেছে ২০০৯ আৰু ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত প্ৰকাশ কৰা দলীয় ইস্তাহাৰত ধৰ্মৰ নামত সংৰক্ষণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। শ্রীমোদীয়ে কয় যে কংগ্ৰেছে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কোটা হ্ৰাস কৰি ধৰ্মৰ ভিত্তিত সংৰক্ষণ প্ৰদানৰ প্ৰস্তুতি চলাইছে।

আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্রী অমিত শ্বাহে বুধবাৰে পি এফ আই আৰু এছ ডি পি আই আদিৰ দৰে ৰাষ্ট্ৰ বিৰোধী শক্তিসমূহৰ পৰা কংগ্ৰেছ আৰু কমিউনিষ্ট দলসমূহে সমৰ্থন লোৱা বুলি অভিযোগ উত্থাপন কৰিছে। কেৰালাৰ আলাপুজ্জাত বুধবাৰে বিয়লি এখন ৰাজহুৱা সভা সম্বোধন কৰি বিজেপিৰ নেতাগৰাকীয়ে অভিযোগ কৰে যে, সংখ্যালঘুসকলৰ ভোট আদায়ৰ বাবে দুয়োটা দলে কেৰালাত সন্ত্ৰাসবাদক উৎসাহিত কৰিছে। তেওঁ কয় যে, বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনকালত পি এফ আইৰ দৰে সংগঠনক কেতিয়াও সহ্য কৰা নহয়। কৰুণৱন্নুৰ সমবায় বেংক কেলেংকাৰীৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে, বিধি বলৱৎকাৰী সঞ্চালকালয়ে এই কেলেংকাৰীৰ তদন্ত অব্যাহত ৰাখিছে আৰু ইয়াত ধন জমা ৰখা লোকসকলে তেওঁলোকৰ ধন ঘূৰাই পাব বুলি আশ্বাস প্ৰদান কৰিছে। তেওঁ লগতে ইয়াত জড়িত দোষী ব্যক্তিসকলক শাস্তি প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰে। শ্ৰীশ্বাহে ভাৰত পাৰমাণৱিক শক্তিসম্পন্ন দেশ হোৱাৰ বাবে চি পি আই এম দলে বিৰোধিতা কৰাৰ সমালোচনা কৰি কয় যে, দেশৰ সুৰক্ষাৰ স্বাৰ্থত ভাৰতে পাৰমাণৱিক শক্তি আহৰণ কৰি থাকিব। তেওঁ কয় যে, এল ডি এফ চৰকাৰে এফালে ভাৰত পাৰমাণৱিক শক্তিৰ দেশ হোৱাৰ বিৰোধিতা কৰে আৰু আনহাতে, ৰাজ্যখনত খনিজ সম্পদৰ অবৈধ খনন আৰু ইয়াৰ বিদেশত বিক্ৰীৰ সমৰ্থন কৰে। তেওঁ কয় যে, বিভিন্ন সংঘৰ্ষৰ পৰা কেৰালাক মুক্ত কৰাৰ বাবে এই নির্বাচন অনুষ্ঠিত হৈছে। তেওঁ কয় যে, আই এন ডি আই বিৰোধী মিত্রজোট সম্পূৰ্ণৰূপে বিফল হৈছে, কিয়নো কংগ্ৰেছ আৰু বাওঁদলে দিল্লীত একেখন মঞ্চত মিলিত হৈছে যদিও ৰাজ্যখনত দুয়োটা দলে পৰস্পৰৰ বিৰোধিতা কৰিছে।

ইপিনে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কৈছে যে দেশত নিবনুৱা সমস্যা চৰম পৰ্যায়ত উপনীত হৈছে আৰু যুৱক-যুৱতীসকলে কৰ্মসংস্থাপনৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। মহাৰাষ্ট্ৰৰ অমৰাৱতীত কংগ্ৰেছ প্রার্থী বলৱন্ত বাংখেড়েৰ হকে এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীগান্ধীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে আই এন ডি আই মিত্রজোট ক্ষমতালৈ আহিলে স্নাতক আৰু ডিপ্লমাধাৰী শিক্ষাৰ্থীসকলে চৰকাৰী, ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীত শিক্ষানবিচৰ অধিকাৰ লাভ কৰিব। তেওঁলোকে বছৰি বেংক একাউণ্টত ১ লাখ টকাকৈ লাভ কৰিব বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক নীতিৰ সমালোচনা কৰি শ্ৰী গান্ধীয়ে আই এন ডি আই মিত্রজোঁট ক্ষমতালৈ আহিলে দুখীয়া খেতিয়কৰ ঋণ মাফ কৰা হ’ব বুলি ঘোষণা কৰে। তেওঁ লগতে দেশত জাতিগত লোকপিয়ল কৰাৰ কথাও ঘোষণা কৰে। কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়েও আজি কেৰালাত কেইবাখনো নির্বাচনী সভাত ভাগ লয়।

অসমতো সকলো ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাক প্ৰভাৱিত কৰাৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা পাৰ্যমানে চেষ্টা চলায়। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে দলগাঁৱত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সমাৱেশত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ কয় যে অসম চৰকাৰে চলিত বছৰত নতুনকৈ ৫০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিব। আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বুধবাৰে নগাঁৱত অনুষ্ঠিত এখন নির্বাচনী প্ৰচাৰ সভাত ভাষণ দিয়ে। একেদৰে এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমল, বড়োলেণ্ড পিপুল্‌ছ পার্টী বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰী আৰু ভিন ভিন ৰাজনৈতিক দলৰ আন বহুকেইগৰাকী নেতাই নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে।

- Advertisement -

গুৱাহাটীঃ

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ