স্বনিয়োজন নে চাকৰি?

- Advertisement -
- Advertisement -
- Advertisement -

শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বহুক্ষেত্ৰত আমাৰ ৰাজ্যখনৰ বহুসংখ্যক যুৱক-যুৱতীয়ে চৰকাৰী অথবা ব্যক্তিগত প্ৰতিষ্ঠানত আশা কৰা মতে নিযুক্তি লাভ কৰিবলৈ সক্ষম নহয়৷ ফলত ৰাজ্যখনত নিবনুৱা সমস্যাই গা কৰি উঠিছে৷ আমি সকলোৱে বুজা উচিত যে, কেৱল চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যাৰ সমাধান কেতিয়াও সম্ভৱ নহয়৷ চাকৰিৰ বাহিৰেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্যৰ জৰিয়তে নিজে উপাৰ্জনক্ষম হৈ উঠাৰ লগতে আনকো নিয়োগৰ সুবিধা প্ৰদান কৰিব পাৰি৷ এই সম্পৰ্কে চৰকাৰী, বে-চৰকাৰী, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ছাত্ৰ সংগঠনসমূহে ৰাজ্যখনৰ সকলো অঞ্চলতে সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীসকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ বিষয়ে ভালদৰে বুজাই দিয়াৰ লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় অনুষ্ঠানসমূহৰ বিষয়েও বিতংকৈ জনাব লাগে৷ তদুপৰি, বাতৰি কাকত আৰু আলোচনীসমূহেও সামাজিক দায়বদ্ধতাৰে সমাজ আৰু ৰাজহুৱা স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ‘স্বনিয়োজন’ৰ বিভিন্ন দিশ সামৰি নিয়মীয়াকৈ লেখা প্ৰকাশ কৰিলেও জনসাধাৰণ লাভৱান্বিত হ’ব৷ চৰকাৰী চাকৰিৰ অবিহনেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰিও যে সন্মানীয় জীৱন-নিৰ্বাহ কৰিব পাৰি সেই কথা উপলব্ধি কৰি কিছু সংখ্যক যুৱক-যুৱতীয়ে স্বনিয়োজনৰ পথ বাচি ল’লে নিবনুৱা সমস্যা অলপ হ’লেও কমিব বুলি আশা কৰিব পাৰি৷

এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে, কেৰিয়াৰৰ ক্ষেত্ৰত কোনো ব্যক্তিয়েই এশ শতাংশ সন্তুষ্টি লাভ নকৰে৷ কোনো ব্যক্তিয়ে হয়তো দৰমহাক লৈ সন্তুষ্ট নহ’ব পাৰে, কোনোৱাজন হয়তো কৰ্মস্থলীলৈ নতুবা সহকৰ্মীকলৈ সন্তুষ্ট নহ’ব পাৰে ইত্যাদি৷ ব্যক্তিগত খণ্ডত সৎ ভাৱে চাকৰি কৰি বা ব্যৱসায়-বাণিজ্য কৰি জীৱন ধাৰণ কৰি থকা সকলে চৰকাৰী খণ্ডত নিযুক্তি লাভ কৰা নাই বুিল হীনমন্যতাত ভোগা উচিত নহয়৷ তদুপৰি, ব্যক্তিগত খণ্ডত চাকৰিয়াল তথা ব্যৱসায়-বাণিজ্য কৰা ব্যক্তিসকলক চৰকাৰী খণ্ডতৰ চাকৰীয়াল সকলৰ দৰে সমস দৃষ্টিৰে নোচোৱাৰ মানসিকতা পৰিহাৰ কৰিব পাৰিলেহে সমাজৰ প্ৰত্যেক জন ব্যক্তিৰে যিকোনো কৰ্মৰৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব৷ উদ্যোগীসকলে নিজে উপাৰ্জন কৰাৰ লগতে আনকো নিয়োগৰ সুবিধা প্ৰদান কৰিব পাৰে৷ চাকৰিয়াৰ উপাৰ্জন সীমিত কিন্তু উদ্যোগীৰ নহয়৷ উদ্যোগীসকলে যিমানেই যত্ন কৰে সিমানেই উপাৰ্জনো বৃদ্ধি হয় আৰু নতুন নতুন দিশত কাম সম্প্ৰসাৰিত কৰিব পাৰে৷ চাকৰিয়ালসকল সদায় সীমাৰ মাজত আবদ্ধ৷ চাৰৰিয়ালসকলৰ দিনটোৰ বাবে নিৰ্দিষ্ট কৰ্মৰ সময় থাকে কিন্তু উদ্যোগীসকলৰ ক্ষেত্ৰত কৰ্মৰ কোনো নিৰ্দিষ্ট সময় সীমা নাথাকে৷ সাধাৰণতে, চাকৰি কৰি সৎ উপায়েৰে ধনী হোৱাটো সম্ভৱ নহয় কিন্তু সৎ উপায়েৰে উদ্যোগ স্থাপন কৰি ব্যৱসায় কৰি ধনী হোৱা সম্ভৱ৷

ব্যৱসায়-বাণিজ্য বা উদ্যোগ স্থাপন কৰিবলৈ প্ৰয়োজন হোৱা বিভিন্ন ধৰণৰ ঋণ আৰু সাহায্য আঁচনিৰ বিষয়ে পৰামৰ্শ গ্ৰহণ কৰিবলৈ আগ্ৰহী ব্যক্তিয়ে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, চৰকাৰী বিভাগ অনুষ্ঠান-প্ৰতিষ্ঠানবোৰৰ উপৰিও ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিত্তীয় অনুষ্ঠান, ৰাষ্ট্ৰীয়কৃত বেংকসমূহত যোগাযোগ কৰিব পাৰে৷ যেনে- ৰাষ্ট্ৰীয় ঔদ্যোগিক বিত্তীয় নিগম (Industrial Finance Corporation of India, https://www.ifciltd.com), ভাৰতীয় লঘু উদ্যোগ বিকাশ বেংক (Small Industries Development Bank of India, https://www.sidbi.in), ৰাষ্ট্ৰীয় লঘু উদ্যোগ নিগম (National Small Industries Corporation, https://nsic.co.in), ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ উন্নয়ন বেংক (National Bank for Agriculture and Rural Development, https://www.nabard.org), ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক (Industrial Development Bank of India, https://www.idbibank.in), নেড্‌ফি (North Eastern Development Finance Corporation Ltd, https://www.nedfi.com), অসম বিত্তীয় নিগম (Assam Financial Corporation, http://afconline.gov.in), অসম ঔদ্যোগিক নিগম (Assam Indistrial development Corporation, http://aidcltd.com), অসম লঘু উদ্যোগ নিগম (Assam Small Industries Development Corporation, http://asidcltd.assam.gov.in), ভৈয়াম জনজাতি উন্নয়ন নিগম, অনুসূচিত জাতি উন্নয়ন নিগম, অন্যান্য পিছপৰা জাতি উন্নয়ন নিগম আদি৷ সেইদৰে ৰাষ্ট্ৰীয়কৃত বেংক যেনে- ষ্টেট বেংক অৱ ইণ্ডিয়া, এলাহাবাদ বেংক, অন্ধ্ৰ বেংক, বেংক অৱ বোৰোডা, বেংক অৱ ইণ্ডয়া, বেংক অৱ মহাৰাষ্ট্ৰ, কানাড়া বেংক, ক’পৰেচন বেংক, চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া, ডেনা ইণ্ডিয়ান বেংক, ইণ্ডিয়ান ওভাছিয়াছ বেংক, পাঞ্জাব নেচনলে বেংক, পাঞ্জাব এণ্ড সিন্দ বেংক, সিণ্ডিকেট বেংক, ইউনিয়ন বেংক অৱ ইণ্ডিয়া, ইউনাইটেড বেংক অৱ ইণ্ডিয়া, অৰিয়নটেল বেংক অব কমাৰ্চ, ইউকো বেংক আদিৰ নিজা নিজা কিছুমান ঋণ সাহায্য আঁচনি আছে৷

ব্যৱসায়-বাণিজ্য বা উদ্যোগ স্থাপনৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা অসমৰ কেইটামান প্ৰতিষ্ঠান হ’ল-

১) ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (State Institute of Rural Development, https://sird.assam.gov.in)

২) আই. আই. ই (Indian Institute of Entrepreneurship, http://www.iie.gov.in)

৩) চিপেট (Central Institue of Plastic Engineering and Technology, http://cipet.gov.in)

৪) ফাইনাৰ (Federation of Industries & Commerce of North Eastern Region, https://finer.in)

৫) ভাৰতীয় উদ্যোগী বিকাশ প্ৰতিষ্ঠান (Entrepreneurship Development Institute of India, https://www.ediindia.org) ইত্যাদি৷

ভাৰতীয় উদ্যোগী বিকাশ প্ৰতিষ্ঠানত দুবছৰীয়া PGDM-Entrepreneurship আৰু PGDM- Innovation, Entrepreneurship & Venture Development (IEV) পাঠ্যক্ৰম অধ্যয়নৰ সুবিধা আছে৷ এই পাঠ্যক্ৰম দুটাত নামভৰ্তিৰ বাবে শিক্ষাগত অৰ্হতা হ’ল স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত ৫০ শতাংশ নম্বৰসহ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে আৰু লগতে মেনেজমেণ্ট টেষ্ট (CAT, MAT, XAT, ATMA, C-MAT)ৰ নম্বৰ থাকিব লাগে৷

অসমত মহিলাই স্থাপন কৰিব পৰা কিছুমান উদ্যোগ তথা ব্যৱসায় হ’ল- বিউটি পাৰ্লাৰ, নাৰ্চাৰী, অসমীয়া গহনা বিক্ৰীৰ প্ৰতিষ্ঠান, কম্পিউটাৰৰ প্ৰয়োজনীয় সামগ্ৰী যোগান, টিভি মেৰামতি, কুকুৰা, ছাগলী, গৰুৰ ফাৰ্ম, পোহনীয়া জন্তু চৰাইৰ বিক্ৰী কেন্দ্ৰ, কুৰিয়াৰ ছাৰ্ভিচ, কিতাপ, আলোচনী আদি বন্ধা, মাছৰ একুৰিয়াম, কেটাৰিং ছাৰ্ভিচ, মটৰ ড্ৰাইভিং স্কুল, কেৰিয়াৰ কাউন্সেলিং, স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম, এম্ব্ৰইডাৰি, পুতলা নিৰ্মাণ, বুক বাইণ্ডিং, ফটোষ্টেট আৰু লেমিনেটন, ডি টি পি, ভিডিঅ’ ৰেকৰ্ডিং, ট্ৰেভেল এজেন্সি, পৰ্যটন সেৱা কেন্দ্ৰ, ভাড়াত গাড়ী দিয়া, পেকেজিং উদ্যোগ, আচাৰ আৰু জাম-জেলী প্ৰস্তুত, কাঠফুলাৰ খেতি, ফুলৰ বাগিচা, বাঁহ-বেতৰ উদ্যোগ, গাখীৰৰ পৰা তৈয়াৰী বিভিন্ন সামগ্ৰী, ফাষ্ট ফুড ৰেস্তোৰাঁ, টেণ্ট হাউচ, মৰাপাটেৰে তৈয়াৰী বিভিন্ন সামগ্ৰী, আইচক্ৰীম, বেকাৰী, পিঠা আৰু লাড়ু প্ৰস্তুত, ক্ৰেচ, ছবি অঁকা স্কুল, গানৰ স্কুল আদি৷

বৰ্তমান সময়ত বহুসংখ্যক যুৱক-যুৱতীক দেখা গৈছে যে, লাজ আৰু সংকোচনৰ বাবে নিজ ৰাজ্যত কিছুমান বৃত্তিত নিয়োজিত হ’বলৈ নিবিচাৰে কিন্তু, বহিঃৰাজ্যত গৈ একেধৰণৰ বৃত্তিত নিয়োজিত হৈ আছে৷ এই নিবনুৱা যুৱক-যুৱতীসকলে বহিঃৰাজ্যলৈ যোৱাৰ সলনি নিজ ৰাজ্যতে তেনেবোৰ বৃত্তিৰ প্ৰতি আগ্ৰহী হ’লে শাৰীৰিক, মানসিক তথ্য আৰ্থিকভাৱেও যে লাভৱান্বিত হ’ব, সেই সম্পৰ্কে সজাগতা আনিবৰ বাবে অসমৰ ছাত্ৰ সংগঠনবোৰ তথা স্বেচ্ছাসেৱী অনুষ্ঠান, চৰকাৰী, বে-চৰকাৰী অনুষ্ঠান আৰু ছ’চিয়েল নেটৱৰ্কিং ছাইটৰ অসমৰ হকে কাম কৰি থকা বিভিন্ন গোটবোৰ আগবাঢ়ি আহিলে ভাল হয়৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,272FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
scattered clouds
23.9 ° C
23.9 °
23.9 °
93%
2.1m/s
33%
Sun
32 °
Mon
29 °
Tue
31 °
Wed
33 °
Thu
33 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
প্ৰতি ৭ জনৰ ভিতৰত এজন ব্যক্তি মানসিক ৰোগৰ চিকাৰ || #notun_somoy
02:23
Video thumbnail
১৬ সংখ্যক অসম বিধানসভাৰ আজি প্ৰথমটো দিন || #notun_somoy
05:49
Video thumbnail
ডি আৰ ডি অ’ৰ নতুন ড্ৰোন-মিছাইলৰ সফল পৰীক্ষা সম্পন্ন || #notun_somoy
02:04
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09

শেহতীয়া আপডেটঃ