দিনটোৰ খবৰ

- Advertisement -
- Advertisement -
- Advertisement -

● বাণিজ্য আৰু যোগাযোগ ব্যৱস্থাৰ প্ৰসাৰৰ বাবে যোগীঘোপাত আভ্যন্তৰীণ জলপথ টাৰ্মিনেল উদ্বোধন

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভূটানৰ বিত্তমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ যোগীঘোপাত আভ্যন্তৰীণ জলপথ টাৰ্মিনেল উদ্বোধন কৰে। মাল্টি-ম’ডাল লজিষ্টিক পাৰ্কৰ সৈতে সংযুক্ত এই টাৰ্মিনেলে বাংলাদেশ আৰু ভূটানৰ সৈতে বাণিজ্য বৃদ্ধি কৰাৰ লগতে উত্তৰ-পূব ভাৰতত মালবাহী যাতায়তৰ উন্নতি সাধন কৰিব।

● হুলস্থুলীয়া পৰিবেশৰ মাজেৰে পাৰ হ’ল অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয়টো দিন
অসম বিধানসভাৰ বাজেট অধিৱেশনত কয়লা,ছিণ্ডিকেট, ছয় নং দফা, এ পি এছ চি কেলেংকাৰীৰ দৰে বিষয়ক লৈ বিৰোধী আৰু শাসকীয় দলৰ মাজত তীব্ৰ মতানৈক্যৰ সৃষ্টি হয়। উত্থাপিত বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলোচনাৰ আশ্বাস দিয়াৰ পূৰ্বে হুলস্থুলীয়া পৰিবেশৰ বাবে অধ্যক্ষই তিনিবাৰকৈ আজিৰ সদন সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰাখে।

● অসম চৰকাৰে কাৰ্যকৰী কৰিব বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ ৩৮টা পৰামৰ্শ
অসম চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিদ্যালয়ত অসমীয়া বাধ্যতামূলক কৰা আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি, ছয় জনগোষ্ঠীৰ বাবে ৰেহাই দি ১৯৫১ চনৰ পূর্বে অসমলৈ অহা লোকৰ বাবে মাটিৰ ক্ৰয়-বিক্ৰয় সীমিত কৰাকে ধৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ মূল পৰামৰ্শসমূহ বলবৎ কৰিব।

● দুৰ্যোগত আক্ৰান্ত ৰাজ্যৰ বাবে কেন্দ্ৰৰ ১,৫৫৪ কোটি টকাৰ সাহায্য অনুমোদন
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত পাঁচখন ৰাজ্যৰ বাবে এন ডি আৰ এফৰ পৰা ১,৫৫৪ কোটি টকা অনুমোদন জনাইছে। অন্ধ্ৰ প্ৰদেশ, নাগালেণ্ড, ওড়িশা, তেলেংগানা, আৰু ত্ৰিপুৰাই এই অতিৰিক্ত সাহায্য লাভ কৰিব।

● জ্ঞানেশ কুমাৰক দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ দায়িত্ব
ৰাজীৱ কুমাৰৰ পাছত জ্ঞানেশ কুমাৰে ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ভোটদানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ ভাৰতত নিৰ্বাচনী অখণ্ডতা বজাই ৰখাৰ বাবে নিৰ্বাচন আয়োগৰ দায়বদ্ধতাক সুদৃঢ় কৰিব বুলি তেওঁ মন্তব্য কৰে।

● ছত্ৰপতি শিৱাজীৰ জন্মজয়ন্তীত শিৱাজীলৈ শ্ৰদ্ধাঞ্জলি
ভাৰতবৰ্ষই ছত্ৰপতি শিৱাজীৰ বীৰত্ব আৰু নেতৃত্বক সন্মান জনাই ৩৯৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে। স্বৰাজ্য গঢ় দিয়া আৰু প্ৰজন্মক অনুপ্ৰাণিত কৰাত তেওঁৰ ভূমিকাক আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ উত্তৰাধিকাৰক প্ৰশংসা কৰে।

● চেন্সেক্স আৰু নিফ্টি নিম্নগামী; সোণ আৰু ৰূপৰ দাম বৃদ্ধি
চেন্সেক্সৰ ২৮ পইণ্ট হ্ৰাস পাই ৭৫,৯৩৯ পইণ্ট হোৱাৰ বিপৰীতে নিফ্টীৰ ১২ পইণ্ট হ্ৰাস পাই ২২,৯৩৩ পইণ্ট হয়। অপৰিশোধিত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭৬.৪৬ ডলাৰ, আৰু বুলিয়ন মাৰ্কেটত সোণৰ মূল্য বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰামত ৮৬,৬৮০ টকা হয়।

● আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ
কৰাচীত আৰম্ভ হোৱা নৱম আই চি চি চেম্পিয়নছ ট্ৰফীত পাকিস্তানে প্ৰথমে নিউজিলেণ্ডৰ বিৰুদ্ধে বলিং কৰে। কাইলৈ ​​ডুবাইত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলিব। অহা মাহৰ ৯ তাৰিখে ফাইনেলখেলখন অনুষ্ঠিত হ’ব।

● ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানক ‘গোলকীয় সন্ত্ৰাসবাদৰ কেন্দ্ৰ’ বুলি অভিহিত কৰে
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাষণ দি ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বথানেনী হৰিছে ৰাষ্ট্ৰসংঘৰ তালিকাভুক্ত সন্ত্ৰাসবাদী সংগঠনক আশ্ৰয় দিয়া আৰু সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক সমৰ্থন কৰা বুলি পাকিস্তানক তীব্ৰ সমালোচনা কৰে। তেওঁ পাকিস্তানৰ কাশ্মীৰৰ দাবীকো প্ৰতিহত কৰি জম্মু-কাশ্মীৰৰ শক্তিশালী গণতান্ত্ৰিক অংশগ্ৰহণৰ ওপৰত আলোকপাত কৰে।

● ইউক্ৰেইনৰ অবিহনে কোনো শান্তি চুক্তি নহয়: জেলেনস্কি
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে কয় যে কিয়েভ অবিহনে ৰাছিয়াৰ সৈতে যুদ্ধৰ অন্ত পেলোৱাৰ কোনোধৰণৰ সিদ্ধান্ত লোৱা উচিত নহয়। ইউক্ৰেইনক প্ৰতিনিধিত্ব নকৰাকৈ ৰিয়াধত আমেৰিকা-ৰাছিয়াৰ আলোচনাৰ পিছতে তেওঁ এই বক্তব্য দিয়ে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,273FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
25 ° C
25 °
25 °
90%
2.1m/s
56%
Sat
24 °
Sun
32 °
Mon
29 °
Tue
31 °
Wed
33 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
প্ৰতি ৭ জনৰ ভিতৰত এজন ব্যক্তি মানসিক ৰোগৰ চিকাৰ || #notun_somoy
02:23
Video thumbnail
১৬ সংখ্যক অসম বিধানসভাৰ আজি প্ৰথমটো দিন || #notun_somoy
05:49
Video thumbnail
ডি আৰ ডি অ’ৰ নতুন ড্ৰোন-মিছাইলৰ সফল পৰীক্ষা সম্পন্ন || #notun_somoy
02:04
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09

শেহতীয়া আপডেটঃ