সৰ্বকালৰ অভিলেখ ভংগ কৰি পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হ’লগৈ ৩৫ লাখ ৭৩ হাজাৰ ৯৯৫ গৰাকী

- Advertisement -
- Advertisement -
- Advertisement -

● সৰ্বকালৰ অভিলেখ ভংগ কৰি পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হ’লগৈ ৩৫ লাখ ৭৩ হাজাৰ ৯৯৫ গৰাকী
● অসমৰ নিবনুৱা সমস্যাৰ ভয়াৱহ ছবিখন উদঙালে ৰাজ্যৰ দক্ষতা, নিয়োগ, আৰু উদ্যমিতা বিভাগে
● মুঠ ৩,২৪,৮৩১ গৰাকী নিবনুৱাৰে পঞ্জীয়নভুক্ত নিবনুৱাৰ শীৰ্ষত আছে গুৱাহাটী

অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাই সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। ৰাজ্যৰ দক্ষতা, নিয়োগ, আৰু উদ্যমিতা বিভাগে প্ৰকাশ কৰা এক তথ্য অনুসৰি ৰাজ্যখনৰ ৫৫টা নিয়োগ বিনিময় কেন্দ্ৰত মুঠ ৩৬,৪৬,৬৯৫ খন আবেদন লাভ কৰা হৈছিল যদিও ইয়াৰে ৬৯,৫৫৮ খন আবেদন বাতিল আৰু ২,৯৪৯ খন আবেদন বিচাৰাধীন হৈ আছে। যাৰ ফলত এতিয়া পঞ্জীয়নভুক্ত নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা ৩৫ লাখ ৭৩ হাজাৰ ৯৯৫ গৰাকী হৈছেগৈ।

মুঠ ৩,২৪,৮৩১ গৰাকী নিবনুৱাৰে পঞ্জীয়নভুক্ত নিবনুৱাৰ শীৰ্ষত আছে গুৱাহাটী। তাৰ পিছতে বৰপেটাত ২,১৭,৫০৪ গৰাকী, নলবাৰীত ২,০৫,৭৪৫ গৰাকী, লখিমপুৰত ১,৬৪,৯৩৮ গৰাকী, শিলচৰত ১,৫৯,৯৪৩ গৰাকী, যোৰহাটত ১,৫১,৯৪৪ গৰাকী, ধুবুৰীত ১,৩৫,৩০৪ গৰাকী, আৰু শিৱসাগৰ ১,২৫,২৫১ গৰাকী। আন আন জিলা যেনে মংগলদৈ, গোলাঘাট, তেজপুৰ, আৰু কোকৰাঝাৰতো এক লাখৰো অধিক পঞ্জীয়নভুক্ত নিবনুৱাৰ তথ্য লাভ কৰা হৈছে৷ যিয়ে ৰাজ্যৰ নিবনুৱা সমস্যাৰ ভয়াৱহ ছবি প্ৰতিফলিত কৰিছে।

এই শেহতীয়া পৰিসংখ্যাই নিবনুৱাসকলৰ মাজত শিক্ষাৰ স্তৰৰ ক্ষেত্ৰত এক চিন্তনীয় ধাৰা প্ৰকাশ কৰিছে। ৩৫ লাখ চাকৰি প্ৰত্যাশীসকলৰ ভিতৰত ৭,৩৪,৯৩১ গৰাকী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ বিপৰীতে ১,০৬,২৩৫ গৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী। ইয়াৰ উপৰিও ১২,৯৯,৫৩১ গৰাকী উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰা আৰু ৪,৮৮,৩৩৩ গৰাকী দশম শ্ৰেণীত উত্তীৰ্ণ। আনকি কাৰিকৰীভাৱে দক্ষ শ্ৰমিক শক্তিৰ মাজতো ১৪,১০১ গৰাকী ঔদ্যোগিক প্ৰশিক্ষণ আৰু আই টি আই প্ৰমাণপত্ৰধাৰীৰ নিবনুৱা লগতে ৮০৪ গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী নিবনুৱা থকাৰ তথ্য সন্নিৱিষ্ট হৈছে।

বিগত নির্বাচনৰ পূর্বে ঢাক-ঢোল বজায় ২৪ লাখ চাকৰিৰ সৃষ্টিৰ প্রতিশ্রুতি দিয়া বিজেপি নেতৃত্বাধীন অসম চৰকাৰে প্রতিশ্রুতি পূৰণ নকৰাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে৷ যোৱা চাৰি বছৰত এক লাখ চাকৰি দিয়া বুলি দাবী কৰাৰ পিছতো প্ৰতি বছৰে কৰ্মশক্তিত প্ৰৱেশ কৰা নতুন স্নাতকসকলৰ সংখ্যা বৃদ্ধিয়ে নিয়োগৰ সুযোগক আগুৰি ধৰিছে। ৰাজ্য প্ৰশাসনে নিয়োগ সৃষ্টিৰ সুনিৰ্দিষ্ট নীতি ৰূপায়ণ কৰাত ব্যৰ্থ হোৱাৰ ফলত নিবনুৱা সমস্যাই অধিক ভয়াৱহ ৰূপ লৈছে বুলি সমালোচকসকলে যুক্তি আগবঢ়াইছে।

অসমত ক্ৰমবৰ্ধমান নিবনুৱা সংকটে ৰাজ্যখনৰ অৰ্থনৈতিক ভৱিষ্যতৰ ক্ষেত্ৰত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিছে। ৰাজ্যৰ নীতি বিশ্লেষণকাৰীসকলে দক্ষতা বিকাশ, ঔদ্যোগিক সম্প্ৰসাৰণ আৰু আত্মনিয়োগৰ সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা সু-গাঁথনিযুক্ত নিয়োগ নীতিৰ প্রয়োগৰ ওপৰত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনাইছে।

সাম্প্রতিক সময়ত শাসনাধিস্থ চৰকাৰে কেৱল নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতিত মত্ত থাকি ৩৫ লাখৰো অধিক পঞ্জীয়নভুক্ত নিবনুৱাৰ বিষয়টো গুৰুত্বসহকাৰে লৈ যদি কোনো স্পষ্ট সূদূৰপ্ৰসাৰী নিয়োগনীতি তৈয়াৰ নকৰে তেতিয়াহলে অসমৰ নিবনুৱা সকলৰ ভৱিষ্যত অনিশ্চিত হোৱাৰ উপৰিও বিগত বিত্তীয় বৰ্ষলৈকে ১ লাখ ৫০ হাজাৰ ৯০০ কোটি টকাৰ ঋণত ডুব গৈ থকা অসমৰ অৰ্থনৈতিক দুৰ্দশা আৰু অধিক ভয়ংকৰ হৈ পৰিব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
23.7 ° C
23.7 °
23.7 °
90%
1.6m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ