কেৰিয়াৰ : ৩

- Advertisement -
- Advertisement -
- Advertisement -

কেৰিয়াৰ : ৩

ভাৰতীয় ৰে’লৱে (Indian Railways)ৰ দ্বিতীয় বৰ্গৰ খালী পদসমূহ বাছনি ব’ৰ্ডৰ দ্বাৰা যোগ্য তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ পদোন্নতিৰ দ্বাৰা পূৰণ কৰা হয়। ৭০% খালী পদ মূলতঃ জ্যেষ্ঠতাৰ ওপৰত ভিত্তি কৰি বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে আৰু ৩০% সীমিত বিভাগীয় প্রতিযোগিতামূলক পৰীক্ষা (এল ডি চিই) নামেৰে জনাজাত ভাৰতীয় ৰে’লৱে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদবোৰ ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ যোগেদি পূৰণ কৰে। বাছনি পৰীক্ষাৰ জৰিয়তে পূৰণ কৰা হয় (https://nair.indianrailways.gov.in)৷

ভাৰতীয় ৰে’লবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদবোৰ ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ যোগেদি পূৰণ কৰে৷

ভাৰতীয় ৰে’লৱে বিভিন্ন ডিপার্টমেন্টৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদবোৰ হ’ল- (১) ইঞ্জিনিয়াৰিং ডিপার্টমেন্ট (Engineering Department)ব পদবোৰ হ’ল—এচিষ্টেণ্ট ট্ৰেক মেচিন (Assistant Track Machine), এচিষ্টেণ্ট ব্ৰিজ (Assistant Bridge), এচিষ্টেণ্ট (ৱৰ্কশ্বপ) (Assistant (workshop)), এচিষ্টেণ্ট ৱৰ্কছ (Assistant Works), ট্ৰেক মেইনটেইনাৰ (Track Maintainer) আদি৷

(২) ট্ৰান্সপোৰ্টোশ্যন (ট্ৰেফিক) ডিপাৰ্টমেণ্ট (Transportation (Traffic) Department)ৰ পদবোৰ হ’ল – এচিষ্টেন্ট পইন্টমেন (Assisant Pointman), ষ্টেচন মাষ্টাৰ (Station Masters), ট্রাফিক চিগনেলাৰছ (Traffic Signallers), গার্ডছ (Guards), ট্রেফিক এপ্রেন্টিছ (Traffic Apprentices), ট্রেইন ক্লার্কছ (Train Clerks) আদি।

(৩) কমার্চিয়েল ডিপার্টমেন্ট (Commercial Department)ব পদবোৰ হ’ল – টিকেট কালেক্টৰ্ছ (Ticket Collectors), কমার্চিয়েল ক্লার্কছ (ফৰ কোচিং এণ্ড গুডছ বর্কছ) (Commercial Clerks (for coaching and goods works)), এনকুইৰি-কাম-বিজাৰভেশান ক্লার্কছ (Enquiry-cum-Reservation Clerks), কমাচিয়েল এপ্রেন্টিছ (Commercial Apprentices), ল’ এচিষ্টেণ্টছ (Law Assistants), কেটাৰিং মেনেজাৰৰ গ্রেড -III (Catering Manager Gr. III), কেটাৰিং মেনেজাৰৰ গ্রেড -I/ ইন্সপেক্টৰ (Catering Manager Gr. 1/Inspector), এচিষ্টেন্ট কুক (Assistant Cook), চিনিয়’ কুক (Senior Cook) আদি।

(৪) ট্রান্সপোর্টেশ্যন (পাৱাৰ) ডিপার্টমেন্ট (Transportation (Power) Department) ৰ পদবোৰ হ’ল- ফার্স্ট ফায়াৰমেন (First Fireman), ডিজেল এচিষ্টেন্ট (Diesel Assistant), ইলেকট্রিক এচিষ্টেন্ট (Electric Assistant), টিম শ্বান্টাৰ্ছ (Steam Shunters), ড্রাইভাৰ্ছ এণ্ড ল’কো ৰানিং চুপাৰভাইজৰ (Drivers and Loco Running Supervisors) আদি।

(৫) মেকানিকেল ইঞ্জিনিয়াৰিং ডিপার্টমেন্ট (Mechanical Engineering Department)ৰ পদবোৰ হ’ল এচিষ্টেণ্ট (বর্কশপ) (Assistant (Workshop)), এচিষ্টেন্ট কেৰেজ আৰু বেগন (Assistant Carriage and Wagon), এচিষ্টেন্ট ল’কো শ্বেড (ডিজেল) (Assistant Loco Shed (Diesel)), এপ্রেন্টিছ মেকানি’ (Apprentice Mechanics), ডেপুটি শ্বপ ছুপাৰভাইজাৰ (Deputy Shop Supervisor), ট্রেইন এমিনাৰ্ছ (Train Examiners) আদি।

(৬) চিভিল ইঞ্জিনিয়াৰিং ডিপার্টমেন্ট (Civil Engineering Department) পদবোৰ হ’ল -পার্মানেন্ট বে ষ্টাফ (Permanent Way staff), বকছ ষ্টাফ (Works staff), ব্রিজ ইন্সপেক্টৰছ (Bridge Inspectors) আদি।

(৭) ইলেকট্রিকেল ইঞ্জিনিয়াৰিং ডিপার্টমেন্ট (Electrical Engineering Department)ৰ পদবোৰ হ’ল- এচিষ্টেন্ট ল’কো শ্বেড (ইলেকট্রিকেল) (Assistant Loco Shed (Electrical)), এচিষ্টেন্ট অপাৰেচন (ইলেকট্রিকেল)

(সহকাৰী অপাৰেচন (বৈদ্যুতিক)) (Assistant Operations (Electrical)) আদি।

(৮) চিগনেল টেলি-কমিউনিকেশন ডিপার্টমেন্ট (Signal and Tele-Communication Department)ৰ পদবোৰ হ’ল- এচিষ্টেন্ট চিগনেল এণ্ড টেলিকম (Assistant Signal and Telecom), চিগনেল ইন্সপে”ৰছ (Signal Inspectors), টেলিকমিউনিকেশ্বন ইন্সপেক্টৰছ (Telecommunication Inspectors), চিগনেল মেইনটেইনাৰছ (ইলেকট্রিকেল) (Signal Maintainers (Electrical)), চিগনেল মেইনটেইনাৰছ (মেকেনিকেল), (Signal Maintainers (Mechanical)), টেলিকমিউনিকেশন মেইনটেইনাৰছ (Tele-communication Maintainers), বায়াৰলেছ মেইনটেইনাৰছ (Wireless Maintainers), টেলিকমিউনিকেশন মেইনটেইনাৰছ (লাইন) (Telecommunication Maintainers (Line)), টেলিফোন অপাৰেটৰ (Telephone Operators) আদি।

(৯) চিভিল, মেকেনিকেল/ইলেকট্রিকেল আৰু এছ এণ্ড টি বিভাগত ড্রইং অফিচ কেডাৰ (Drawing Office Cadre in Civil, Mechanical/Electrical and S&T Departments) পদ।

(১০) ষ্টোৰ্ছ ডিপার্টমেন্ট (Stores Department)ৰ পদবোৰ হ’ল- এচিষ্টেন্ট ডিপো (Assistant Depot), ডিপো ষ্ট’ৰ কীপাৰ্ছ (Depot Store Keepers), ছপাশালৰ কৰ্মচাৰী (Staff in the Printing Press) আদি।

(১১) দক্ষ শিল্পী (Skilled Artisans)।

(১২) মেডিকেল ডিপার্টমেন্ট (Medical Department) ৰ পদবোৰ হ’ল- হস্পিটেল এচিষ্টেন্ট (Hospital Assistant), ষ্টাফ নাৰ্ছ (Staff Nurses), ফিজিঅ’থেৰাপিষ্ট (Physiotherapist), ফার্মাচিষ্ট (Pharmacists), হেল্থ এন্ড মেলেৰিয়া ইন্সপেক্টৰ (Health & Malaria Inspectors), ৰেডিঅ’গ্ৰাফাৰ (Radiographer), ডায়েটিচিয়ান (Dietician), লেবৰেটৰী ষ্টাফ (Laboratory Staff), মিডৱাইফৰি (Midwives) আদি।

(১৩) বৈজ্ঞানিক কৰ্মচাৰী (বৈজ্ঞানিক কৰ্মচাৰী) ৰাসায়নিক আৰু ধাতুবিজ্ঞান সহায়ক (বৈজ্ঞানিক কৰ্মচাৰী-ৰাসায়নিক আৰু ধাতু বিজ্ঞান সহায়ক)।

(১৪) একাউণ্টছ ডিপার্টমেন্ট (Accounts Department)ৰ পদবোৰ হ’ল – শ্রফ (Shroffs), কেচিয়াৰ (Cashiers), একাউন্ট ক্লার্ক/ এচিষ্টেন্ট (Accounts Clerks/ Assistants), ফিংগাৰ প্রিন্ট এ’পার্ট (Finger Print Expert) আদি। একাউন্টছ ডিপার্টমেন্টৰ বাহিৰৰ পদবোৰ হ’ল- অফিচ ক্লার্ক (Office Clerks), টাইপিষ্ট (Typists), ষ্টেনোগ্রাফাৰ (Stenographers) আদি।

ভাৰতীয় ৰে’লৱে বিভিন্ন ডিপার্টমেন্টৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদবোৰ পূৰণৰ বাবে কম্পিউটাৰ ভিত্তিক পৰীক্ষা (চিবিটি) আয়োজন কৰে।

ভাৰতীয় ৰে’লৱে (Indian Railways)ত যোগদান কৰিবৰ বাবে পৰিচালনা কৰা বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ শেহতীয়া তথ্যৰ বাবে অফিচিয়েল ৱেবছাইট চাব লাগিব। পৰীক্ষাসমূহৰ প্ৰস্তুতি চলোৱাৰ আগতে শিক্ষার্থীসকলে অফিচিয়েল ৱেবছাইটত গৈ পৰীক্ষাৰ আৰ্হি বুজিব লাগে আৰু উপযুক্ত অধ্যয়ন সামগ্রী সংগ্ৰহ কৰি পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাব লাগে। শিক্ষার্থীসকলে ছিলেবাছ অনুসৰি নিয়মীয়াকৈ অধ্যয়নৰ উপৰিও পুৰণি প্ৰশ্নকাকত সমূহ কম আৰু নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত সমাধান কৰিবলৈ চেষ্টা কৰিলেও উত্তীর্ণ হোৱাত সহায় হ’ব। ছিলেবাছ অনুসৰি বিষয়সমূহ পুনৰীক্ষণ কৰিলে শিক্ষার্থীসকলে পৰীক্ষাত যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ কৰিবলৈ অধিক আত্মবিশ্বাস অর্জন কৰাত সহায় কৰিব। সময়মতে পুনৰীক্ষণ কৰিলে এজন শিক্ষার্থীৰ পৰীক্ষাৰ সময়ত হোৱা উদ্বেগ আৰু মানসিক চাপৰ মাত্রা হ্রাস কৰাত সহায় কৰে। শিক্ষার্থীসকলে এক কঠোৰ ৰুটিন মানি চলিব লাগিব। শিক্ষার্থীসকলে সময় ব্যৱস্থাপনাৰ অভ্যাস কৰিব লাগিব। শিক্ষার্থীসকলে ইন্টাৰনেটৰ পৰা সহায় লোৱাৰ উপৰিও পৰীক্ষাসমূহত উত্তীর্ণ হোৱা সকলৰ পৰা দিহা-পৰামৰ্শ গ্রহণ কৰিলেও উপকৃত হ’ব। ম’ক (Mock) পৰীক্ষাৰ যোগেদিও পৰীক্ষাৰ বিন্যাসৰ সৈতে পৰিচিত হোৱাত সহায় কৰে। মক পৰীক্ষাৰ ডিজাইন এনেদৰে কৰা হয় যাতে আবেদনকাৰীয়ে পৰীক্ষাৰ অনুভৱ কৰিব পাৰে। পৰীক্ষাৰ সমস্যাবোৰ সমাধান কৰাটো সহজ হয় যেতিয়া ইয়াৰ প্ৰস্তুতি পৰীক্ষা কৰা হয়। কিন্তু কম সময়ৰ ভিতৰতে সকলোবোৰৰ উত্তৰ দিয়াটো প্রত্যাহ্বানজনক। শিক্ষার্থীসকলে নির্দিষ্ট সময়ৰ ভিতৰত নমুনা সমস্যা সমাধানৰ চেষ্টা কৰি প্ৰকৃত পৰীক্ষাৰ পৰিৱেশত নিজৰ প্ৰদৰ্শন উন্নত কৰিব পাৰে। প্রতিযোগিতামূলক পৰীক্ষাত প্ৰশ্নৰ উত্তৰ ভুল হ’লে ঋণাত্মক নম্বৰ দিয়ে। গতিকে শিক্ষার্থীসকল সাৱধান হ’ব লাগে আৰু উত্তৰ অনুমান কৰাটো এৰিব লাগে। শিক্ষার্থীসকলে দীঘলীয়া সময়ৰ প্ৰস্তুতি লগতে নিয়মীয়া অনুশীলন অব্যাহত ৰাখি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলালে ভাৰতীয় ৰে’লৱে বিভিন্ন ডিপার্টমেণ্টৰ পূৰণৰ বাবে আয়োজন কৰা প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব পাৰিব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ