মহাৰাষ্ট্ৰ চৰকাৰৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ মাজত শীতল যুদ্ধ আৰম্ভ

- Advertisement -
- Advertisement -
- Advertisement -
  • মহাৰাষ্ট্ৰ চৰকাৰৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ মাজত শীতল যুদ্ধ আৰম্ভ
  • একনাথ সিন্দেৰ মন্তব্য ‘২০২২ চনত মই পূৰ্বৰ চৰকাৰ সলনি কৰিছিলোঁ’
  • সিন্দেৰ ৰাজহুৱা বক্তব্য ‘মোক কোনেও সহজভাৱে লোৱা উচিত নহয়৷’

‘মোক কোনেও সহজভাৱে লোৱা উচিত নহয়৷ মই এজন ৰাজনৈতিক কৰ্মী, এজন সাধাৰণ ৰাজনৈতিক কৰ্মী৷ কিন্তু মই বালাচাহেব থাকৰে আৰু আনন্দ দিঘেৰ ৰাজনৈতিক কৰ্মী৷ সেই কথা সকলোৱে বুজি পোৱা উচিত৷ ২০২২ চনত যেতিয়া মোক সহজভাৱে লোৱা হৈছিল, তেতিয়া মই পূৰ্বৰ চৰকাৰখনক উৎখাত কৰাৰ দিসত আগবঢ়িছিলোঁ৷ চৰকাৰ সলনি কৰিলোঁ৷ সাধাৰণ ৰাইজৰ অন্তৰত থকা চৰকাৰখনক মই ক্ষমতালৈ আনিলোঁ৷ মোক সহজভাৱে লোৱা উচিত নহয়৷ এই বক্তব্য মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ৷ সংঘাত আৰম্ভ হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত৷ পুনৰ এইবাৰ নেতৃত্বত একনাথ সিন্দে৷

২০২২ চনৰ জুনত শিৱসেনাৰ জ্যেষ্ঠ নেতা একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাৰ গৰিষ্ঠ সংখ্যক বিধায়কক লগতলৈ বিজেপিৰে মিত্ৰতা কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হয়৷ ২০২৪ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত একনাথ সিন্দেক মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব দি বিজেপি নেতা দেৱেন্দ্ৰ ফাডনাভিছ মুখ্যমন্ত্ৰী হয়৷ সংঘাত আৰম্ভ হয় সেই মুহূৰ্তৰ পৰাই৷

মহাৰাষ্ট্ৰৰ বিধানসভাৰ ২৪৪খন আসনৰ ভিতৰত বিজেপিৰ ১৩২খন, সিন্দে শিৱসেনাৰ ৫৭ খন আৰু এন চি পি অজিত পাৱাৰ গ্ৰুপৰ ৪১ খন৷ বৰ্তমান মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ আৰু উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ মাজত শীতল যুদ্ধ আৰম্ভ হৈছে৷ মুখ্যমন্ত্ৰীয়ে আহ্বান কৰা বহুকেইখন বৈঠকত উপস্থিত থকাৰ পৰা বিৰত আছে সিন্দে৷ ক্ষমতাৰ যুঁজে লাহে লাহে তীব্ৰৰূপ ধাৰণ কৰিছে৷ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে এক সমান্তৰাল চৰকাৰ পৰিচালনা কৰা পৰিলক্ষিত হৈছে৷ সিন্দেৰ সমস্যাটো হ’ল মুখ্যমন্ত্ৰী হৈ আহি এতিয়া উপ-মুখ্যমন্ত্ৰী হ’ব লগা হ’ল৷ সিন্দেই এতিয়াও ৰাজনৈতিক পৰিৱেশ উপলব্ধি কৰিব পৰা নাই৷ মুখ্যমন্ত্ৰী আৰু দুজনকৈ উপ-মুখ্যমন্ত্ৰীৰ মাজত তিনিটা দিশেৰে গতি কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি৷ ১০০ দিন পূৰ্ণ নহওতে শীতল যুদ্ধ আৰম্ভ৷ চৰকাৰ পৰিচালনা কৰাতকৈ নিজস্ব দলীয় দৃষ্টিভংগীৰে আৰম্ভ হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতি৷

আবেগিক মিত্ৰতা নে প্ৰকটিকেল মিত্ৰতা৷ ঐক্যবদ্ধভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰ বাবে সংঘাত তীব্ৰৰূপ ধাৰণ কৰিছে৷ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ক্ষেত্ৰত আলোচনাৰ বিষয় হৈ পৰিছে যে সিন্দেই মুখ্যমন্ত্ৰী থকা সময়ত আৱৰ্তন দিয়া ১৪০০ কোটিৰ কাম মুখ্যমন্ত্ৰী ফাডনাভিছে বাতিল কৰি দিছে৷ আৰু ২০ গৰাকী সিন্দেৰ দলৰ বিধায়কৰ নিৰাপত্তা ব্যৱস্থা কৰ্তন কৰিছে৷

এতিয়া লক্ষ্যণীয় হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ