ইতিহাসৰ পাত লুটীয়াই – খণ্ডঃ ১৬

- Advertisement -
- Advertisement -
- Advertisement -

আহোম প্ৰশানত কাকতী, কটকী, খাওন্দ, বৰাগী, ঠাকুৰ, দলৈসকলৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ আছিল

আহোম ৰাজত্বকালত কাকতত যিসকলে হিচাপ-পত্ৰ ৰাখিছিল বা অন্যান্য ৰজাঘৰীয়া কাম কৰিছিল, সেইসকলক কাকতী বুলিছিল৷ দৈৱজ্ঞ, কায়স্থ আৰু কলিতাসকলৰ পৰা কাকতি বাছি লৈছিল৷

চাংকাকতীসকলে স্বৰ্গদেউৰ ভঁড়ালৰ জমা-খৰচ ৰাখি স্বৰ্গদেউৰ চাংঘৰত থাকিব লাগিছিল৷ চাংত থাকিব লগা হোৱাৰ কাৰণে তেওঁলোকক চাংকাকতী বোলা হৈছিল৷

জোলাশালৰ কাকতীয়ে আইকুঁৱৰীসকলৰ তাঁতী আৰু সোণাৰীক হিচাপ কৰি দি আইকুঁৱৰীসকলক কাপোৰ আৰু অলংকাৰ যোগান ধৰিব লাগিছিল৷

পাইকৰ হিচপ আৰু কোন পাইকে ক’ত খাটিব লাগে আৰু কাক কি ক’ত বস্তু যোগাব লাগে তাৰ হিচাপ ৰাখিছিল খোলাৰ কাকতী আৰু পাখী কাকতীয়ে৷ ইয়াৰ লগতে অন্য বিষয়ৰো এওঁলোকে হিচাপ ৰাখিব লগা হৈছিল৷

কটকী আছিল স্বৰ্গদেউৰ অতি গুৰুত্বপূৰ্ণ বিষয়বাব৷ তেওঁলোকে অন্য ৰাজ্যৰ ৰজাৰ ওচৰলৈ গৈ স্বৰ্গদেউৰ পত্ৰ আদি দিছিল আৰু প্ৰত্যুত্তৰ আনি স্বৰ্গদেউক দিব লাগিছিল৷ কটকীসকলৰ দায়িত্ব আছিল স্বৰ্গদেউৰ সৌৰ্য, বীৰ্য, প্ৰতাপ আদি প্ৰচাৰ কৰা৷ কটকীসকলে স্বৰ্গদেউৰ আদেশত অন্য ৰাজ্যৰ সৈতে যুদ্ধ, সন্ধি, মিত্ৰতা আদি স্থাপন কৰিছিল৷ স্বৰ্গদেউসকলে প্ৰথমতে আহোমক কটকী ৰাখিছিল যদিও পিছলৈ বামুণক কটকী ৰখাৰ নিয়ম কৰিছিল৷ কটকীসকলে যি দেশলৈ গৈছিল সেই দেশৰ চমু বুৰঞ্জী লিখিছিল আৰু অন্য দেশৰ ভাল ধৰণ-কৰণ, শিল্প আদি শিকি আহি অসমত প্ৰচলন কৰিছিল৷ কটকীসকল ৰংপুৰ আৰু গুৱাহাটীত মজিন্দাৰ বৰুৱাৰ তলত আছিল৷

জ্ঞান-বুদ্ধি অনুসৰি কটকীসকলক বৰকটকী, মাজুকটকী, আৰু সৰু কটকীত ভাগ কৰা হৈছিল৷ অন্য দেশৰ প্ৰতাপ আৰু সভ্যতা অনুসৰি সেই দেশলৈ বৰ, মাজু বা সৰু কটকী পঠোৱা হৈছিল৷ স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত অসমত দাঁতিকাষৰীয়া পৰ্বতীয়া জাতিবিলাকৰ বাতৰি যোগান ধৰাৰ বাবে ডফলা কটকী, মিৰি কটকী, নগা কটকী আদি বিষয়-বাব সৃষ্টি কৰিছিল৷ এইসকল কটকী কিন্তু আহোমৰ পৰা দায়িত্ব দিয়া হৈছিল৷

আহোম প্ৰশাসনত এঘৰ বামুণ আৰু এঘৰ কলিতাক খাউণ্ড পাতিছিল৷ এই পদবী স্বৰ্গদেউ ৰুদ্ৰসিংহই সৃষ্টি কৰিছিল৷ স্বৰ্গদেউ, ডাঙৰীয়া, গোহাঁইসকলৰ মৃত্যুৰ পিছত অস্থি গংগা, যমুনাদি তীৰ্থস্থানত পেলাই তাত ব্ৰহ্মণ-সজ্জনক দান, দক্ষিনা, ভোজন আদি দিয়া খাউণ্ডৰ দায়িত্ব আছিল৷ বিদেশৰপৰা কোনো বস্তু আনিবৰ বাবে আৰু বিদেশী ৰজাৰ আচাৰ-ব্যৱহাৰ জনাৰ বাবে ৰাজদূতৰ দায়িত্বও আছিল খাউণ্ডৰ৷

স্বৰ্গদেউ প্ৰতাপ সিংহই বৰাগীৰ খেল উলিয়াইছিল৷ বৰাগীসকলে ভেশচন কৰি অন্য ৰাজ্যলৈ গৈ সেই দেশৰ ৰীতি-নীতি, ধৰণ-কৰণ, ৰাজনৈতিক অৱস্থা আদি জানিবলৈ স্বৰ্গদেউক জনাছিল৷ প্ৰকৃতাৰ্থত সন্ন্যাসীৰ বেশেৰে বিদেশী ৰজাৰ বিষয়ে জনা স্বৰ্গদেউৰ এজন দূত৷

স্বৰ্গদেউ শিৱসিংহই চোৰাংচোৱা বিভাগ গঠন কৰিছিল৷

দৈৱজ্ঞসকলৰ পৰা দলৈ পতা হৈছিল৷ তেওঁলোকৰ জ্যোতিষ চৰ্চা আৰু গ্ৰহাদিৰ যাগ-যজ্ঞ কৰাই প্ৰধান কাম আছিল৷ যুদ্ধৰ সময়ত দুই এজন দলৈক যুদ্ধক্ষেত্ৰলৈ পঠোৱা হৈছিল৷ তেওঁলোকে যুদ্ধ আৰম্ভ কৰিবৰ কাৰণে জ্যোতিষ গণনা কৰিছিল৷ কামৰূপত দেৱালয়ৰ প্ৰধান পূজাৰীজনকো দলৈ বোলা হৈছিল৷ দলৈসকল স্বৰ্গদেউ আৰু বৰফুকনৰ সভাত থাকিব লাগিছিল৷

স্বৰ্গদেউ ৰুদ্ৰসিংহই সভাপণ্ডিত বিষয়বাব সৃষ্টি কৰিছিল৷ সভাপণ্ডিতে ৰাজসভাত থাকি হিন্দু শাস্ত্ৰ মতে দণ্ড ব্যৱস্থা দিছিল৷ ব্ৰাহ্মণসকলৰ পৰা সভাপণ্ডিত পাতিছিল৷

দৌল, দেৱালয়ৰ পূজা-সেৱা চলাবৰ বাবে এজন অধ্যক্ষ পাতিছিল৷ তেওঁলোকক ঠাকুৰ বোলা হৈছিল৷ ব্ৰাহ্মণসকলৰ পৰা ঠাকুৰ পতা হৈছিল৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,923FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
24 ° C
24 °
24 °
78 %
2.7kmh
61 %
Thu
23 °
Fri
33 °
Sat
35 °
Sun
35 °
Mon
36 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06

শেহতীয়া আপডেটঃ