১০টা দিশত গুৰুত্বপূৰ্ণ হৈ ৰ’ব এডভাণ্টেজ আছাম-২.0

- Advertisement -
- Advertisement -
- Advertisement -
  •  অদীপ কুমাৰ ফুকন

বৈদেশিক বাণিজ্য আৰু বিনিয়োগৰ ওপৰতেই দেশৰ অৰ্থনৈতিক উত্তৰণ নিৰ্ভৰ কৰে৷ ১৯৯৭ চনত এছ পি শুক্লা আয়োগে দিয়া প্ৰতিবেদন মতে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলে দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ-পশ্চিম চীনৰ লগত বাণিজ্যিক সম্পৰ্ক কৰিব পাৰিলে এই অঞ্চলৰ উন্নয়নৰ নতুন ধাৰা আৰম্ভ হ’ব৷ সেই সময়ৰ বিশ্ব বেংকৰ এক প্ৰতিবেদন মতেও চীন, বাংলাদেশ, ভিয়েটনাম, থাইলেণ্ড, ম্যানমাৰ, তিব্বত, কম্বোডিয়া আদিৰ লগত বাণিজ্যিৰ বৃদ্ধিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ গতি বৃদ্ধি কৰাত সহায় কৰিব৷ অসমে দক্ষিণ-পূব এছিয়াৰ লগত বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাত পদক্ষেপ গ্ৰহণ কৰা উচিত হ’ব৷ অসমৰ অৰ্থনীতি আৰু বাণিজ্যিক দিশটোত এক সুকীয়া দৃষ্টিভংগী থকাটো একান্ত বাঞ্জনীয়৷ ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপিনছ, ছিংগাপুৰ, থাইলেণ্ড, ব্ৰুনেই, কম্বোডিয়া, লাওছ, ভিয়েটনাম এই ‘আছিয়ান’ৰ বিশাল মানৱ সম্পদক আমি লক্ষ্য কৰি ল’ব পাৰো৷

দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে অসমে ‘বাণিজ্য-সেতু’ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ‘এডভাণ্টেজ আছামে’ এক শক্তিশালী খোজ দিয়া পৰিলক্ষিত হৈছে৷ ৬৭ খন দেশৰ ৰাষ্ট্ৰদূত, অসমৰ ভূমিত থিয় হোৱাটো এক গুৰুত্বপূৰ্ণ অধ্যায়৷ ‘এডভাণ্টেজ আছামে’ অসমৰ বহুকেইটা দিশ দেশৰ লগতে বিশ্ববাসীৰ ওচৰত পৰিচিত কৰিলে৷ প্ৰথমটো হ’ল ধৰ্মীয় তথা আধ্যাত্মিক পৰ্যটন ক্ষেত্ৰ আৰু দেশৰ অন্যতম শক্তিপীঠ হিচাপে পৰিচিত কামাখ্যা মন্দিৰ৷ দেশৰ বিনিয়োগকৰি তথা উদ্যোগপতিসকলৰ লগতে বিভিন্ন দেশৰ কূটনীতিকসকলে কামাখ্যা মন্দিৰ দৰ্শন কৰাটো অসমৰ বাবে সুদূৰপ্ৰসাৰী এক ইতিবাচক দিশ৷

দ্বিতীয়তে, অসমৰ গৌৰৱ, স্বাভীমান কাজিৰঙা৷ বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰসহ ৪৫ খন দেশৰ কুটনীতিৰ আগমন ঘটে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ৷ ৪৫ গৰাকী ৰাষ্ট্ৰদূতসহ ৮১জনীয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ দলটোৱে কাজিৰঙাক নি(য় বিশ্বৰ পৰ্যটকসকলৰ ওচৰলৈ লৈ যাব৷ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ক’বলৈ বাধ্য হয় যে– কাজিৰঙাৰ গঁড়-বাঘকে ধৰি অন্যান্য বন্যপ্ৰাণী সংৰক্ষণৰ সফলতাই ইতিহাস ৰচিবলৈ সক্ষম হৈছে৷ ফিনলেণ্ড, ভেনিজুৱেলা, ছুইডেন, নিউগিনি, কলম্বিয়া, ইটালী আদি বিভিন্ন দেশৰ ৰাষ্ট্ৰদূতে কাজিৰঙাৰ অপূৰ্ব পৰিৱেশত আত্মহাৰা হৈ পৰাটো অসমৰ বাবে ইতিবাচক দিশ৷ ৰাষ্ট্ৰদূতসকলে ক’বলৈ বাধ্য হয় যে– কল্পনাৰ কাজিৰঙাত কৈ বাস্তৱৰ কাজিৰঙা অতি বেছি সুন্দৰ৷ তৃতীয়তে গুৱাহাটী মহানগৰৰ কাষৰ পবিতৰাও পৰিচিত হৈ পৰিব বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰৰ নাগৰিকৰ মাজত৷ পবিতৰাৰ মনোমোহা পৰিৱেশত আপ্লুত হৈ পৰে ফিলিপাইন, কোৰিয়া, টাইৱানৰ লগতে ৩০ গৰাকী বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধি৷ কাষতে জাক জাক বৃহৎ বৃহৎ গঁড় দেখি তেওঁলোক আপ্লুত হৈ পৰা পৰিলক্ষিত হয়৷ চতুৰ্থটো গুৰুত্বপূৰ্ণ দিশ হ’ল ১৯ খন দেশৰ প্ৰতিনিধিয়ে অসমৰ গৌৰৱ শুৱালকুছিৰ পাট-মুগাৰ বস্ত্ৰ শিল্প পৰিদৰ্শন কৰাটো৷ শুৱালকুছি বস্ত্ৰ উদ্যোগৰ নিজস্বতা ৰক্ষা কৰি বস্ত্ৰৰ বিশ্বত অধিকভাৱে পৰিচিত কৰাৰ পৰিৱেশ সৃষ্টি হ’ল৷

এডভাণ্টেজ আছাম-২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত ৪ লাখ ১৯ হেজাৰ ৫০০ কোটি টকাৰ বিনিয়োগৰ বুজা বুজি চুক্তি হ’ল৷ অতি স্বাভাৱিকভাৱেই অসমৰ শিল্পায়নৰ ক্ষেত্ৰখনৰ লগতে সামূহিক উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ দিশ৷ অৱশ্যে প্ৰকৃতাৰ্থত কিমানে এই বুজা বুজি চুক্তি কাৰ্যকৰি কৰিব, সেইটোৰ বাবে অপেক্ষা কৰিব লাগিব৷ ২০১৮ত হোৱা এডভাণ্টেজ আছামক লৈ আমি বৰ আশাবাদী আছিলো৷ ২৬২খন বুজাবুজি চুক্তি হৈছিল৷ বিনিয়োগৰ বাবে ৮৩,৮৯২.৪৫ কোটি টকাৰ বুজাবুজি চুক্তি হৈছিল৷ শেষলৈ মুঠ বিনিয়োগৰ প্ৰস্তাৱ আহিল ৫১,৯৫৮ কোটি টকা৷ কিন্তু বিনিয়োগ হ’ল মাত্ৰ ১৯,৩১৩.০৯ কোটি টকা৷ এই ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰ নি(য় অধিক সজাগ হ’ব৷ পঞ্চমতে এডভাণ্টেজ আছাম-২.০ ৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাৰ স্থানীয় উদ্যোগী তথা বিনিয়োগকাৰীসকলৰ লগত শিল্পায়নৰ বিকাশৰ বাবে কৰা বুজাবুজি চুক্তিসমূহ সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু অতি উৎসাহজনক এক পদক্ষেপ৷ স্থানীয় লোকৰ দ্বাৰা শিল্পায়নৰ বিকাশৰ ক্ষেত্ৰত চৰকাৰে পৃষ্ঠপোষকতা কৰিলে আৰু উদ্যোগীসকলো ওলাই আহিলে বুজিব লাগিব আমাৰ মানসিকতা ইতিবাচক দিশেৰে পৰিৱৰ্তন হৈছে৷ ডিব্ৰুগড়ত ১৯১ জন বিনিয়োগকাৰীয়ে ১৬৪০ কোটি টকা বিনিয়োগ কৰাৰ বাবে বুজাবুজি চুক্তি কৰিছে৷ একেদৰে গোৱালপাৰাত ২২গৰাকীয়ে ৬৬.৩৩ কোটি, দৰঙত ৩৩ জনে ১৪৫ কোটি, কামৰূপত ১৩২ জনে ৫৬৪.৭২ কোটি, গোলাঘাটত ৩৪২ জনে ১৬৭.২৫ কোটি, শোণিতপুৰত ৭৩ জনে ৫২৩.১৩ কোটি, নলবাৰীত ৪৮ জনে ২৫২.৪২ কোটি, বজালীত ৩৪ জনে ১১৭.১৮ কোটি, যোৰহাটত ৭৬ জনে ৫৮৬ কোটি টকা বিনিয়োগৰ বুজাবুজি চুক্তি কৰিলে৷ হোজাইটো ৬০ গৰাকী উদোগীয়ে ২৬০ কোটি টকা বিনিয়োগ কৰিবলৈ ওলাই আহিছে৷ চিৰাঙকে ধৰি বহু কেইখন জিলাত এনেদৰে অসমৰ শিল্পায়নৰ ক্ষেত্ৰখনত স্থানীয় লোকসকল জড়িত হ’ব পৰাটো ৰাজ্যখনৰ বাবে এটা অতি শক্তিশালী খোজ৷

এডভাণ্টেজ আছামৰ আন এক ইতিবাচক দিশ হ’ল বহুকেইজন অসমৰ প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে অসমতে ব্যৱসায় বৃদ্ধি কৰাৰ বাবে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰাটো৷ ৰাজ্যৰ শিল্পায়ন তথা উৎপাদনৰ ক্ষেত্ৰখনৰ স্থানীয় ব্যৱসায়ীসকলক জড়িত কৰাব পাৰিলে বহুকেইটা দিশৰ পৰা ৰাজ্যখনৰ লাভ হয়৷ স্থানীয় ব্যৱসায়ীৰ দ্বাৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ আমি অসমতে উৎপাদন কৰিব পাৰিলে বৃহৎ অংকৰ পুঁজিৰ বহিঃগমন বন্ধ কৰিব পৰা যাব৷ স্থানীয়লোকৰ সংস্থাপন আৰু উপাৰ্জনৰ পথ মুকলি হ’ব৷ আমাৰ লক্ষ্য হোৱা উচিত ৰাজ্যখনৰ অৰ্থনৈতিক অনগ্ৰসৰতাক দূৰ কৰি এক স্বতন্ত্ৰৰীয় অৰ্থনৈতিক কাঠামো সৃষ্টি কৰা৷

ৰাজ্যৰ আয় আৰু জনমূৰি আয় বৃদ্ধিয়ে বিকাশমুখী অৰ্থনীতিক প্ৰতিফলন ঘটায়৷ এডভাণ্টেজ আছামৰ সপ্তম গুৰুত্বপূৰ্ণ দিশটো হ’ল ৰাজ্যৰ হাইড্ৰ’কাৰ্বনৰ ক্ষেত্ৰখনত বহুকেইটা সিদ্ধান্ত গ্ৰহণ৷ অইল ইণ্ডিয়া লিমিটেড আৰু এন আৰ এলৰ বহুকেইটা বিনিয়োগৰ প্ৰস্তাৱে ৰাজ্যৰ পুঁজি গঠনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াব৷ এডভাণ্টেজ আছামৰ অষ্টমটো প্ৰয়োজনীয় পদক্ষেপ হ’ল চিকিৎসা সেৱা খণ্ডত পুঁজি বিনিয়োগ৷ অসমত স্থানীয় লোকৰ দ্বাৰা বহুকেইটা চিকিৎসা সেৱা প্ৰতিষ্ঠান গঢ়ি উঠিছে যদিও চিকিৎসাৰ বাবে এই অঞ্চলৰ পৰা বৃহৎ অংকৰ পুঁজি বহিঃগমন হয়, চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাব লগা হয়৷ দেশৰ প্ৰসিদ্ধ চিকিৎসা প্ৰতিষ্ঠান লীলাৱতী ফাউণ্ডেছন এইক্ষেত্ৰত আগবাঢ়ি অহাটো ভাল সিদ্ধান্ত৷ ফিচাৰ মেডিকেল ভেন্সাৰ গ্ৰুপেও ৫০০ কোটি টকা বিনিয়োগৰ চুক্তি কৰিছে৷ অসমৰ এছ এন গ্ৰুপেও গুৱাহাটী আৰু যোৰহাটত দুখন চিকিৎসালয় গঢ়িতোলাৰ বাবে ৩৫০ কোটি টকা বিনিয়োগ কৰাৰ বুজাবুজি চুক্তি কৰিছে৷ এডভাণ্টেজ আছামৰ নৱমটো ইতিবাচক দিশ হ’ল জাপান, ছিংগাপুৰ, মালয়েছিয়া, দক্ষিণ কোৰিয়াই অসমত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ ছিংগাপুৰৰ বাণিজ্যি আৰু উদ্যোগ মন্ত্ৰালয়ে নাছিং প্ৰতিভাক দক্ষতা সহযোগিতাৰ বাবে বুজাবুজি চুক্তি কৰিছে৷ জাপানৰ আছিয়ান ৱান কো লিমিটেডে দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ বাবে সন্মতি প্ৰকাশ কৰিছে৷ স্পাইচ লেমনে অসমত জাপানী ভাষা প্ৰতিষ্ঠান স্থাপন কৰিব৷ অসম দক্ষিণ-পূব এছিয়াৰ বাণিজ্যিক কৰিৰ্ডৰ হোৱাৰ পদক্ষেপ আৰম্ভ হ’ল৷

অসমৰ উদ্যোগিক তথা কৃষি অৰ্থনীতিৰ বিকাশেৰে জাতীয় পুঁজি শক্তিশালী কৰিবলৈ হ’লে অসমত আভ্যন্তৰীণ বজাৰ ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজন হ’ব৷ বজাৰ ব্যৱস্থাটো শক্তিশালী কৰিবলৈ হ’লে অসমৰ জনগণৰ ক্ৰয় ক্ষমতা বৃদ্ধি হ’ব লাগিব৷ ক্ৰয় ক্ষমতা বৃদ্ধি হ’বলৈ হ’লে সংস্থাপন অপৰিহাৰ্য৷ উৎপাদনশীল ক্ষেত্ৰত অসমৰ মানৱ সম্পদ ব্যৱহাৰ কৰাৰ বাবে এক বহল কাৰ্যসূচী প্ৰস্তুত কৰা প্ৰয়োজন হ’ব৷ তাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্ৰয়োজন আছে৷ এডভাণ্টেজ আছামৰ দশম দিশটো কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগতে টাটা, আম্বানি, আদানি, বিৰলা, জিন্দাল, বেদান্ত, বাজাজ আদি ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানে বিভিন্ন স্তৰত বৃহৎ অংকৰ পুঁজি বিনিয়োগ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে৷ মুনাফাৰ অংকটো শক্তিশালী নহ’লে কৰ্প’ৰেট গোষ্ঠীয়ে সাধাৰণতেই নিজস্ব পুঁজি বিনিয়োগ নকৰে৷ এতিয়া বহু প্ৰশ্ন আহিব, বিতৰ্ক হ’ব, সমালোচনা হ’ব, তাৰ মাজেৰে চৰকাৰখনে স্বচ্ছতা ৰক্ষা কৰি লক্ষ্যত উপনিত হ’বৰ বাবে খোজ দিব লাগিব৷ আমাৰ প্ৰস্তাৱ হ’ল– অসমত কেনে উদ্যোগৰ প্ৰয়োজন, পুঁজি নিৰ্ভৰ উদ্যোগ লাগে নে শ্ৰম নিৰ্ভৰ উদ্যোগ লগে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰখনক লক্ষ্য কৰি কেনে উদ্যোগৰ প্ৰয়োজন, দক্ষিণ-পূব এছিয়াৰে বাণিজ্য গঢ়ি তোলাৰ বাবে কেনে কাৰ্যসূচী লোৱা উচিত, ৰাজ্যৰ সম্পদসমূহৰ উৎপাদনশীলতা কেনেকৈ বৃদ্ধি কৰিব পৰা যাব, জনমূৰি আয় বৃদ্ধিৰ বাবে গ্ৰাম্য অৰ্থনীতিক কেনেদৰে গুৰুত্ব দিয়া হ’ব আদি বিষয় বিলাকলৈ জাতীয় পুঁজি গঠনৰ স্বাৰ্থত চৰকাৰে এখন নিজস্ব অৰ্থনৈতিক কাৰ্যসূচী প্ৰস্তুত কৰা প্ৰয়োজন হ’ব৷

 

ফোন- ৯৭০৭০২৪৬১২

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ