Air India plane crash: আহমেদাবাদৰ মেঘানি নগৰত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

- Advertisement -
- Advertisement -
- Advertisement -

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো লোকৰে অন্তৰ কঁপি উঠিব। কাৰিকৰী বিজুটি ঘটাৰ বাবেই এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ পাইছে৷

images.firstpost.com/uploads/2025/06/Untitled-desi...

খবৰ অনুসৰি ২ গৰাকী পাইলট আৰু ১০গৰাকী চালক দলৰ সদস্যসহ মুঠ ২৪২গৰাকী লোক কঢ়িয়াই নিয়া লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান আজি গুজৰাটৰ আহমেদাবাদ বিমান বন্দৰৰ সমীপৰ মেঘানি নগৰত দুর্ঘটনাগ্রস্ত হয়। দুর্ঘটনাগ্রস্ত AI-171 বিমানখনত ১৬৯গৰাকী ভাৰতীয় নাগৰিকৰ লগতে ৫৩ গৰাকী ব্ৰিটেইনৰ, এগৰাকী কানাডাৰ আৰু ৭ গৰাকী পর্তুগীজৰ নাগৰিক আছিল বুলি জানিব পৰা গৈছে।

Air India plane crash in Ahmedabad

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ পাছত প্ৰয়োজনীয় সকলো ধৰণৰ সহায়ৰ বাবে মন্ত্ৰালয়ে ০১১-২৪৬১০৮৪৩ আৰু ৯৬৫০৩৯১৮৫৯ নম্বৰ দুটা মুকলি কৰি দিছে। যাত্ৰীসকলৰ সৈতে জড়িত যিকোনো ধৰণৰ তথ্য আৰু সহায়ৰ বাবে আহমেদাবাদ বিমান বন্দৰত ৯৯৭৪১১১৩২৭ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰিছে। এয়াৰ ইণ্ডিয়াই এই সংক্রান্তীয় তথ্য আৰু সহায়ৰ বাবে ১৮০০-৫৬৯১৪৪৪ হটলাইন নম্বৰ এটাও মুকলি কৰিছে।

Air India plane crash in Ahmedabad

এই বিমান দুৰ্ঘটনাৰ পাছতেই বিমান দুর্ঘটনা তদন্তকাৰী ব্যুৰোৰ সঞ্চালক প্ৰধানৰ লগতে আন এটা দলো ইতিমধ্যে আহমেদাবাদলৈ ৰাওনা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ৯০গৰাকী জোৱানে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে। বদোদাৰ পৰা আৰু কেইবাটাও এন ডি আৰ এফৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে। দুৰ্ঘটনাত আহত লোকসকলক ততালিকে আহমেদাবাদ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Air India plane crash in Ahmedabad

দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত ইতিমধ্যে আৰম্ভ হৈছে। বিমানখনত থকা সকলো যাত্ৰীৰে মৃত্যুৰ খবৰ আহিছে যদিও ভাৰতীয় মূলৰ ইংলেণ্ডৰ নাগৰিক ৪০ বছৰীয়া বিশ্বাস কুমাৰ ৰমেশ দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ১১ এ চিটটোত লণ্ডনলৈ যাত্ৰা কৰিছিল। যিয়ে দৈৱক্ৰমে সমগ্ৰ ঘটনাটোত গোটেই প্লেনখন জ্বলি উঠাৰ সময়ত বিশ্বাস কুমাৰ অধিক পৰিমাণে আঘাতপ্ৰাপ্ত নোহোৱাকৈ ৰক্ষা পৰা বুলি খবৰ পোৱা গৈছে। বিমানখনত বিশ্বাস কুমাৰ পাছৰ ১২ এ ছিটটোত আছিল গুজৰাটৰ প্ৰাক্তন মুখ‍্যমন্ত্ৰী বিজয় ৰূপানী। ভয়াৱহ বিমান দুৰ্ঘটনাটোত বিজয় ৰূপানীৰ মৃত‍্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে।

Air India plane crash in Ahmedabad

সমগ্ৰ ঘটনাটোত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডুৱে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এই দুর্ঘটনাক অত্যন্ত দুখঃজনক বুলি অভিহিত কৰিছে। তেওঁ লগতে কয় যে সমগ্ৰ ৰাষ্ট্ৰ এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ সৈতে আছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এই ঘটনাক অত্যন্ত দুর্ভাগ্যজনক বুলি অভিহিত কৰিছে। No photo description available.প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুর্ঘটনাক অবর্ণনীয় বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে এই দুর্ঘটনা সন্দৰ্ভত কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে কথা পাতি তেওঁলোকক আহমেদাবাদলৈ ৰাওনা হ’বলৈ নিৰ্দেশ দিয়ে। আহমেদাবাদৰ মেঘানি নগৰত  এয়াৰ ইণ্ডিয়াৰ AI-171 বিমানৰ দুৰ্ঘটনাত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্রীৰ গভীৰ শোক প্ৰকাশতেওঁ লগতে এই দুৰ্ঘটনাত ক্ষতিগ্রস্ত লোকসকলক প্রয়োজনীয় সহায় সুনিশ্চিত কৰিবলৈও মন্ত্ৰী দুগৰাকীক নিৰ্দেশ দিয়ে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ