সন্ত্ৰাসবাদক লৈ পাকিস্তান-চীনৰ সৈতে মতানৈক্য

- Advertisement -
- Advertisement -
- Advertisement -

● সন্ত্ৰাসবাদক লৈ পাকিস্তান-চীনৰ সৈতে মতানৈক্য
● সন্ত্ৰাসবাদী গোটক ৰক্ষা কৰাৰ বাবে এছ চি অ’ সন্মিলনত পাকিস্তান, চীনক তীব্ৰ সমালোচনা ভাৰতৰ
● এছ চি অ’ৰ যৌথ খচৰাত স্বাক্ষৰ নকৰিলে ভাৰতে

ছাংহাই সহযোগিতা সংস্থা (SCO)ৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত ভাৰতে প্ৰস্তাৱিত যৌথ খচৰা এখনত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰিছে।পাকিস্তান আৰু চীনৰ দ্বাৰা সমৰ্থিত এই খচৰাৰ পৰিভাষাই সন্ত্ৰাসবাদক লৈ থকা গোলকীয় একমতক দুৰ্বল কৰিব বুলি ভাৰতে আপত্তি দৰ্শাইছে।

চীনৰ কিংডাওত অনুষ্ঠিত প্ৰতিৰক্ষা মন্ত্ৰীৰ এই সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিয়া প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সীমান্ত পাৰহৈ অহা সন্ত্ৰাসবাদৰ বিষয়টো লঘু কৰা আৰু শেহতীয়া পেহেলগাম নৰসংহাৰৰ উল্লেখ নকৰাৰ বাবে তীব্ৰ বিৰোধিতা কৰে। তেওঁ পুনৰ কয় যে “সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অপৰাধী, সংগঠক, বিত্ত যোগানকাৰী আৰু পৃষ্ঠপোষকসকলক” কোনো ব্যতিক্ৰম নোহোৱাকৈ জবাবদিহি কৰিবই লাগিব।

সূত্ৰ অনুসৰি, আয়োজক চীনৰ সমৰ্থনত পাকিস্তানে বেলুচিস্তান আৰু জম্মু-কাশ্মীৰৰ অশান্তিৰ প্ৰসংগ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছিল। লগতে, জাফৰ এক্সপ্ৰেছ অপহৰণৰ ঘটনা উল্লেখ কৰিবলৈ চাপ প্ৰয়োগ কৰিছিল।
এছ চি অ’ত কোনো সিদ্ধান্তৰ বাবে সৰ্বসন্মতিৰ প্ৰয়োজন হোৱাৰ বাবে এই বিষয়ত এক অচলাৱস্থাৰ সৃষ্টি হয়। নৈশজোৰা আলোচনাৰ অন্তত মতবিৰোধ আৰু সমাধানত ব্যৰ্থ হোৱাত যৌথ খচৰাখন সম্পূৰ্ণৰূপে বাতিল কৰা হয়।

সন্মিলনত ভাষণ দি সিঙে সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাত ‘দ্বৈত নীতি’ক গৰিহণা দিয়ে আৰু সীমান্ত পাৰহৈ অহা সন্ত্ৰাসবাদক ৰাষ্ট্ৰীয় নীতি হিচাপে ব্যৱহাৰ কৰাৰ বাবে পাকিস্তানক পৰোক্ষভাৱে সমালোচনা কৰে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে এনে ৰাষ্ট্ৰক জবাবদিহি কৰিবলৈ কুণ্ঠাবোধ কৰিব নালাগে।

যোৱা ২২ এপ্ৰিলত ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা পেহেলগাম আক্ৰমণৰ প্ৰসংগ উল্লেখ কৰি সিঙে লস্কৰ-ই-তৈবাৰ ভাতৃ সংগঠন ‘দ্যা ৰেজিষ্টেন্স ফ্ৰণ্ট’ (TRF)ক দোষাৰোপ কৰে। লগতে তেওঁ ৭ মে’ত সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰিবলৈ আৰম্ভ কৰা ভাৰতৰ প্ৰত্যুত্তৰমূলক ‘অপাৰেচন সিন্দূৰ’ৰ কথাও উল্লেখ কৰে।

ভাৰত আৰু পাকিস্তানে ২০১৭ চনত এছ চি অ’ৰ পূৰ্ণাংগ সদস্য হৈছিল। এই গোটে আঞ্চলিক স্থিৰতা বৃদ্ধিৰ লক্ষ্য ৰাখিলেও, শেহতীয়া এই মতানৈক্যই দক্ষিণ এছিয়াৰ এই দুই প্ৰতিদ্বন্দ্বীৰ মাজত পূৰ্বৰে পৰা চলি অহা সন্ত্ৰাসবাদ আৰু ভৌগোলিক অখণ্ডতাৰ বিষয়ত উত্তেজনাক পুনৰবাৰ স্পষ্ট কৰি তুলিছে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,268FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
clear sky
24.9 ° C
24.9 °
24.9 °
90%
1.3m/s
0%
Thu
36 °
Fri
34 °
Sat
30 °
Sun
31 °
Mon
25 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
ডি আৰ ডি অ’ৰ নতুন ড্ৰোন-মিছাইলৰ সফল পৰীক্ষা সম্পন্ন || #notun_somoy
02:04
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08

শেহতীয়া আপডেটঃ