গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ সাংবাদিকক ‘তলৰ শ্ৰেণীৰ মানুহ’ বুলি আখ্যা দিয়াৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজহুৱা ক্ষমা খোজকঃ প্ৰদেশ কংগ্ৰেছ

- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটীঃ শুকুৰবাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেলত এজন সাংবাদিকে প্ৰশ্ন সোধাৰ বাবে যিধৰণেৰে তুচ্ছ-তাচ্ছিল্য কৰি “আপুনি তলৰ শ্ৰেণীৰ মানুহ”, আপোনাক মই উত্তৰ নিদিওঁ, মালিককহে উত্তৰ দিম বুলি কৈ চৰম স্পৰ্ধা দেখুৱাই অপমান কৰিলে অসম প্ৰদেশ কংগ্ৰেছে তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে গৰিহণা দিছে। অসম প্ৰদেশ কংগ্ৰেছে এক বিবৃতিত উল্লেখ কৰি কয়, এজন দায়িত্বশীল আৰু কণমানো শিষ্টাচাৰ থকা মন্ত্ৰীয়ে কেতিয়াও এজন সাংবাদিকক উদ্দেশ্যি এনে মন্তব্য কৰিব নোৱাৰে৷ এনে নীচ আৰু নিন্দনীয় মন্তব্যৰ দ্বাৰা মন্ত্ৰী গৰাকীয়ে নিজৰ মানসিতকা প্ৰকাশ কৰিলে। আচলতে এইয়া বিজেপি দল আৰু ইয়াৰ নেতাসকলৰ পুৰণি পৰম্পৰা।

সকলো নাগৰিক আৰু সমাজৰ সকলো শ্ৰেণীৰ মানুহকে আমাৰ দেশৰ সংবিধানে সমান অধিকাৰ আৰু ক্ষমতা প্ৰদান কৰিছে। গতিকে ইয়াক সুৰক্ষা প্ৰদান কৰাতো সংবিধানক সন্মান কৰা আৰু গণতন্ত্ৰ প্ৰেমী প্ৰতিজন ব্যক্তিৰে দায়িত্ব আৰু কৰ্তব্য বুলি প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰিছে। বিশেষকৈ সংবিধানৰ নামত শপত খাই সাংবিধানিক পদত অধিষ্ঠিত হোৱা সকলৰ এই ক্ষেত্ৰত দায়িত্ব বেছি যদিও বিজেপি চৰকাৰৰ দিনত অসমত সম্প্ৰতি প্ৰশ্ন সোধাৰ বাবে সাংবাদিকক তুচ্ছ-তাচ্ছিল্য, অপমান কৰাৰ লগতে জেললৈও প্ৰেৰণ কৰাৰ ঘটনাহে সংঘটিত হৈছে বুলিও বিবৃতিটোত প্ৰদেশ কংগ্ৰেছে উল্লেখ কৰিছে।

অসম প্ৰদেশ কংগ্ৰেছে দাবী উত্থাপন কৰি কয় যে ক্ষমতাৰ ৰাগীত মতলীয়া হৈ স্পৰ্ধাৰ সকলো সীমা অতিক্ৰম কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক কৰা চুড়ান্ত অপমানৰ বাবে অসমবাসীৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খোজক আৰু সাংবাদিক গৰাকীৰ ওচৰলৈ গৈও ক্ষমা বিচাৰক।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,255FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
27.9 ° C
27.9 °
27.9 °
71%
2.1m/s
63%
Thu
27 °
Fri
32 °
Sat
31 °
Sun
34 °
Mon
32 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33

শেহতীয়া আপডেটঃ