কি পৰ্যায়ত ভাৰতৰ নিবনুৱা সমস্যা : গাঁৱতকৈয়ো চহৰত বৃদ্ধি নিবনুৱাৰ সংখ্যা

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্কঃ

চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ শেহতীয়া তথ্য অনুসৰি ভাৰতৰ নিবনুৱাৰ হাৰ জুন মাহৰ ৫.৬ শতাংশৰ তুলনাত ২০২৫ চনৰ জুলাই মাহত ৫.২ শতাংশলৈ কিছু পৰিমাণে হ্ৰাস পাইছে।  অৰ্থনীতিবিদসকলে এই হ্রাসৰ কাৰণ বিশ্লেষণ কৰিবলৈ গৈ ইয়াক কৃষিকাৰ্যৰ সময়ছোৱাত ঋতুভিত্তিক গ্ৰাম্য নিযুক্তি আৰু সেৱা খণ্ডত উৎসৱৰ পূৰ্বে হোৱা নিযুক্তি বুলি মতপোষণ কৰিছে।

শেহতীয়াকৈ ৰয়টাৰে স্বতন্ত্ৰ অৰ্থনীতিবিদসকলৰ ওপৰত কৰা এক সমীক্ষাত প্ৰকাশ পাইছে যে ভাৰতৰ চৰকাৰী পদ্ধতিয়ে নিবনুৱা সমস্যাৰ সংখ্যা কম হিচাপে উপস্থাপন কৰিব পাৰে। অনুমান কৰা হৈছে যে অনিয়োগ আৰু নিৰুৎসাহিত শ্ৰমিকৰ কথা বিবেচনা কৰিলে নিবনুৱাৰ প্ৰকৃত হাৰ ১০ৰ পৰা ৩৫ শতাংশৰ ভিতৰত হ’ব পাৰে।  বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত এই পৰিস্থিতি অতি উদ্বেগজনক। ২০২৫ চনৰ জুলাই মাহৰ ৰয়টাৰ্ছৰ শ্ৰমিক সমীক্ষাৰ তথ্য অনুসৰি চহৰীয়া যুৱক-যুৱতীসকলৰ নিবনুৱা সংখ্যা ১৯ শতাংশ আৰু গ্ৰাম্য যুৱক-যুৱতীসকলৰ নিবনুৱা সংখ্যা ১৩ শতাংশ, ইয়াৰ পৰাই পৰিস্ফুট হয় যে শ্ৰম বজাৰত প্ৰৱেশ কৰা যুৱ শ্ৰমিকসকলৰ আকাংক্ষাৰ লগত খাপ খুৱাব পৰাকৈ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰ অথবা ব্যক্তিগতখণ্ডৰ প্ৰতিষ্ঠান সমূহ অপাৰগ হৈছে।

তথ্য অনুসৰি জুলাই মাহত গ্ৰাম্য নিবনুৱা হাৰ ৪.৪ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে এমাহৰ পূৰ্বে ইয়াৰ পৰিসংখ্যা আছিল ৪.৯ শতাংশ আৰু ইয়াৰ বিপৰীতে বৰ্তমান চহৰ অঞ্চলৰ নিবনুৱাৰ হাৰ ক্ৰমে ৭.২ শতাংশলৈ বৃদ্ধি পাইছে। বিশেষকৈ উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত এই সমস্যাই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে।  টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা ২০২৫ চনৰ এপ্ৰিলৰ পৰা জুনলৈকে সামৰি লোৱা শেহতীয়া সময়কালীন শ্ৰমিক শক্তিৰ সমীক্ষা (পি এল এফ এছ)ত এই কথা উল্লেখ কৰা হৈছে যে হিমাচল প্ৰদেশত যুৱ নিবনুৱাৰ হাৰ ২৯.৬ শতাংশ, চহৰৰ মহিলা যুৱক-যুৱতীসকলৰ নিবনুৱা সমস্যা ৪১.২ শতাংশ।  পঞ্জাৱ আৰু হাৰিয়ানাতো যুৱ নিবনুৱাৰ হাৰ ক্ৰমে ২০.২ শতাংশ আৰু ১৫.৬ শতাংশ।

ইনষ্টিটিউট ফৰ হিউমেন ডেভেলপমেণ্ট আৰু  ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনে (আই এল অ’) যৌথভাৱে প্ৰস্তুত কৰা ভাৰত নিয়োগ প্ৰতিবেদন ২০২৪ ত উল্লেখ কৰা হৈছিল যে ভাৰতৰ কৰ্মক্ষম বয়সৰ  জনসংখ্যা ২০১১ চনত ৬১ শতাংশৰ পৰা ২০২১ চনত ৬৪ শতাংশলৈ বৃদ্ধি পাইছিল আৰু ২০৩৬ চনৰ ভিতৰত ৬৫ শতাংশ হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও বৰ্তমান ২০২২ চনত অৰ্থনৈতিক কাৰ্যকলাপত নিয়োজিত যুৱক-যুৱতীসকলৰ অনুপাততকৈ ৩৭ শতাংশলৈ হ্ৰাসহে পাইছে।

আনহাতে দেশৰ একাংশ অৰ্থনীতিবিদেও চৰকাৰী নিবনুৱা তথ্যৰ নিৰ্ভৰযোগ্যতাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। পি এল এফ এছৰ প্ৰায় ৪.৯ শতাংশ অনুমান আৰু চি এম আই ইৰ স্বতন্ত্ৰ মূল্যায়নৰ মাজৰ ব্যৱধানৰ উদাহৰণ দি পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা অমিত মিত্ৰই শেহতীয়াকৈ প্ৰকাশিত হোৱা এই পৰিসংখ্যাক “বিভ্ৰান্তিকৰ” বুলি অভিহিত কৰিছে। মিত্ৰই লগতে উল্লেখ কৰে যে সম্প্ৰতি ৪ কোটিতকৈ অধিক ভাৰতীয় নিবনুৱা হৈ আছে, এই পৰিসংখ্যাৰ ৮৩ শতাংশই হৈছে কৰ্মক্ষম বয়সৰ যুৱক-যুৱতী।

অৱশ্যে, নিবনুৱা সমস্যাৰ সামান্য হ্ৰাসে কিছু আশাবাদৰ সৃষ্টি কৰিলেও বিশ্লেষকসকলে ভাৰতে নিজৰ গাঁথনিগত নিয়োগৰ সমস্যাসমূহ জৰুৰীভাৱে সমাধান কৰিব লাগিব বুলি সকীয়াই দিছে।তেওঁলোকে সতৰ্ক কৰি দিয়ে যে স্থায়ী সংস্কাৰৰ অবিহনে চৰকাৰী নিবনুৱাৰ সংখ্যা আৰু বাস্তৱ ক্ষেত্ৰৰ নিবনুৱাৰ হাৰৰ মাজৰ ব্যৱধান অটুট থাকিব, যিয়ে ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি আৰু সামাজিক স্থিতিশীলতাৰ বাবে অনাগত দিনত যথেষ্ট বিপদৰ সৃষ্টি কৰিব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,241FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
23 ° C
23 °
23 °
82%
2.2m/s
93%
Sun
23 °
Mon
29 °
Tue
32 °
Wed
31 °
Thu
30 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33
Video thumbnail
পুৰুষতকৈ মহিলাৰ বিষাদগ্ৰস্ততাত আক্ৰান্ত হোৱাৰ আশংকা দুগুণ বেছি || #notun_somoy
04:23
Video thumbnail
চাইকেলৰে ভাৰত ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত পাপ্পু ৰাম চৌধুৰী || #notun_somoy
06:13
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47

শেহতীয়া আপডেটঃ