ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী

- Advertisement -
- Advertisement -
- Advertisement -

▪️ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী
▪️ দিল্লীত কংগ্ৰেছত যোগ দিয়া ৩ নেতাক ৰাজীৱ ভৱনত উষ্ম আদৰণি
▪️ কংগ্ৰেছ দলে প্ৰতিটো জাতি-জনগোষ্ঠীৰ অধিকাৰক সমান গুৰুত্ব দিয়েঃ গৌৰৱ গগৈ
▪️ ১০ অক্টোবৰত পুনৰ যোগদান সভাত কংগ্ৰেছত যোগ দিব বিজেপিৰ বহু নেতাইঃ গৌৰৱ গগৈ
▪️ হিমন্ত বিশ্বই নিজকে প্ৰথম শ্ৰেণীৰ নাগৰিক বুলি ভাবেঃ গৌৰৱ গগৈ
▪️ অসম চুক্তিক অতুল বৰাই শেষ কৰি দিলেঃ সত্যব্ৰত কলিতা
▪️ কংগ্ৰেছ এৰি যোৱাতো এটা অপৈণত সিদ্ধান্ত আছিলঃ বিনন্দ শইকীয়া
▪️ গৌৰৱ গগৈৰ নেতৃত্বত যুঁজ এখন হ’ব, আমি যুঁজিবলৈ সাজু হৈছোঃ মানসিং ৰংপি

May be an image of 6 people, people smiling and text

গুৱাহাটী, ১০ ছেপ্টেম্বৰঃ বিজেপিৰ বহু নেতাই মামা-মামী এণ্ড প্ৰাইভেট কোম্পানী সদৃশ হৈ পৰা দলটো এৰি কংগ্ৰেছ দলত যোগদান কৰিবলৈ যোগাযোগ অব্যাহত ৰাখিছে। অচিৰেই বিজেপিৰ আৰু বহু নেতাই কংগ্ৰেছ দলত যোগ দিব। বিজেপি আৰু অগপ এৰি দিল্লীত দিনদিয়েক পূৰ্বে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগ দিয়া ৩ গৰাকীকৈ প্ৰাক্তন বিধায়কৰ উপস্থিতিত ৰাজীৱ ভৱনত আজি আয়োজিত এক বিশেষ যোগদান কাৰ্যসূচীত ভাষণ প্ৰদান কৰি এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেওঁ আৰু কয় যে অহা ১০ অক্টোবৰত পুনৰ আন এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হ’ব। গগৈয়ে কয়, ”বিজেপি দল এতিয়া আৰু দল হৈ থকা নাই। গোটেই দলটো হিমন্ত বিশ্ব শৰ্মা এণ্ড প্ৰাইভেট লিমিটেড কোম্পানী হৈ পৰিছে।

May be an image of one or more people and crowd

গোটেই দল আৰু গোটেই বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেডত সোমাই গৈছে। ফলত যিসকলে ৰাইজৰ সেৱা কৰিবলৈ ৰাজনৈতিক দলটোত যোগ দিছিল তেওঁলোকে সেই সুযোগ নোপোৱা হৈছে। সেয়ে ৰাইজৰ সেৱা কৰিব বিচৰা বিজেপিৰ লোকসকলে এতিয়া কংগ্ৰেছ দললৈ আহিবলৈ যো-জা চলাইছে।’’ ৰাষ্ট্ৰীয়তাবাদ আৰু জাতীয়তাবাদ সন্দৰ্ভতো আজিৰ যোগদান কাৰ্যসূচীত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। গগৈয়ে কয়, ”আমাৰ সংবিধানত লিখা আছে যে ভাৰত বিভিন্ন ৰাজ্যৰ সমষ্টি। তাতেই নিহিত হৈ আছে জাতীয়তাবাদী চিন্তা। কংগ্ৰেছ দল যদিও এটা ৰাষ্ট্ৰীয়তাবাদী দল, কিন্তু আমাৰ দলে জাতীয়তাবাদকো সমানেই গুৰুত্ব দিয়ে।

May be an image of 3 people

প্ৰয়াত তৰুণ গগৈৰ সময়ছোৱাত অসমখনৰ ভিতৰত বিভিন্ন জনগোষ্ঠীৰ, বিভিন্ন জনজাতিৰ জাতীয়তাবাদী চিন্তাক সন্মান কৰি, সবল কৰি এখন বৰ অসম গঢ়িবলৈ প্ৰচেষ্টা হাতত লৈছিল।’’ তেওঁ আৰু কয় যে কংগ্ৰেছে কোনো জাতি, কোনো জনগোষ্ঠীৰ লগতে অন্যায় হোৱাতো নিবিচাৰে। কংগ্ৰেছ দলক ভোট দিয়ক বা নিদিয়ক কংগ্ৰেছ দলে প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ অধিকাৰৰ হকে মাত মাতি যাব। কংগ্ৰেছৰ একাংশ নেতাই কংগ্ৰেছ দলেও বিজেপি দলৰ কাম-কাজ কিছু অনুসৰণ কৰিব লাগে বুলি সময়ে সময়ে কৈ অহাৰ প্ৰসংগক লৈয়ো মন্তব্য কৰে গৌৰৱ গগৈয়ে। তেওঁ কয়, ”আমি ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক ধন্যবাদ জনাইছো। বিভিন্ন মঞ্চত তেওঁলোকে আমাক স্পষ্ট কৰি দিছে যে কংগ্ৰেছ দলৰ চিন্তাধাৰা সুকীয়া। কংগ্ৰেছ দলৰ আইডিঅ’লজি হৈছে ড০ বাবাচাহেব আম্বেদকাৰে দি থৈ যোৱা সংবিধান। য’ত লিখা আছে যে আমি সকলো ভাৰতীয় নাগৰিকৰ সমান অধিকাৰ আছে।’’ এই সমান অধিকাৰ হিমন্ত বিশ্বই বুজি নাপায় বুলিও কটাক্ষ কৰে গগৈয়ে। তেওঁ কয় যে হিমন্ত বিশ্বই নিজকে প্ৰথম শ্ৰেণীৰ নাগৰিক বুলি ভাবে আৰু ৰাইজক নিজৰ তলতীয়া কৰ্মচাৰীৰ দৰে ব্যৱহাৰ কৰে।

May be an image of 1 person and crowd

ভাৰতীয় ধৰ্ম গ্ৰন্থৰ সকলোবোৰতে অহংকাৰ কৰিলে এদিন পতন হ’বই বুলি উল্লেখ থকাৰ কথা কৈয়ো মুখ্যমন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি বাক্যবাণ নিক্ষেপ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘদিন স্বাস্থ্য আৰু শিক্ষা বিভাগৰ মন্ত্ৰী হৈ থকাৰ পিছতো আজি ভাৰতৰ ভিতৰতে দুয়োটা ক্ষেত্ৰতে প্ৰথম ৫ খন ৰাজ্যৰ পৰিৱৰ্তে তলৰ পৰা ৫ টা স্থানতহে থকা বুলিও কয় গগৈয়ে। ”অসমৰ ৰাইজে এইবাৰৰ নিৰ্বাচনত শান্তি-সম্প্ৰীতি, মিলাপ্ৰীতি বিচাৰিছে। যি চৰকাৰে চৰকাৰী শিক্ষকসকলক, চৰকাৰী কৰ্মচাৰীসকলক অসন্মান নকৰে, যি চৰকাৰে পুঁজিপতিৰ হৈ কাম কৰাৰ পৰিৱৰ্তে গাঁৱৰ মানুহৰ হকে কাম কৰে তেনে চৰকাৰহে ৰাইজে এইবাৰ বিচাৰিছে।’’- এইবাৰ যুঁজ এখন হ’বই বুলি উল্লেখ কৰি গগৈয়ে কয়। তেওঁ আৰু কয় যে এইবাৰ কংগ্ৰেছ দলৰ নেতৃত্বত জনতাক অন্তৰৰ পৰা ভালপোৱা এখন চৰকাৰ গঠন হোৱাতো নিশ্চিত। ইফালে, দিল্লীত কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগ দিয়াৰ পিছত সুদীৰ্ঘ কালৰ ৰাজনৈতিক কেৰিয়াৰত আজি প্ৰথমবাৰৰ বাবে ৰাজীৱ ভৱনত উপস্থিত হৈ কংগ্ৰেছৰ নতুন সদস্য সত্যব্ৰত কলিতাই নিজৰ ভাষণত অগপৰ সভাপতি অতুল বৰাক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ তেওঁ কয় যে অতুল বৰা অসম চুক্তি মন্ত্ৰী হৈ থকাৰ সময়ত চুক্তিৰ এটাও দফা কাৰ্যকৰী কৰিব নোৱাৰিলে, বৰঞ্চ অসম চুক্তিক শেষ কৰা হ’ল৷ ”মই অগপ কৰিলেও বহু কংগ্ৰেছী মানুহৰ লগত মোৰ চিনাকি আছে৷ মাধৱ ৰাজবংশী ডাঙৰীয়াই মোক সদায়েই কংগ্ৰেছলৈ আহিবলৈ কৈ আছিল৷ কংগ্ৰেছ দল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত দল।

May be an image of 1 person, crowd and text

আপোনালোকে মোক আপোনালোকৰ ঘৰলৈ আহিবলৈ সুযোগ দিছে৷ সেয়ে সকলো নেতা-কৰ্মীক ধন্যবাদ জনাইছো৷’’- কলিতাই কয়। গৰুখুঁটি প্ৰকল্পৰ গৰু চুৰিৰ প্ৰসংগ উল্লেখ কৰি সত্যব্ৰত কলিতাই আৰু কয় যে যিসকলে গৰু চুৰি কৰিছিল সেইসকলৰ শাস্তি হ’ব বুলি ভাবিছিলো৷ কিন্তু যেতিয়া মুখ্যমন্ত্ৰীয়ে ক’লে বিধায়ক-মন্ত্ৰিত্ব যোৱাৰ পিছত কি খাব বুলি তেতিয়া মই ভাবিছিলো যে এই গৰু চোৰৰ লগত আৰু থাকি লাভ নাই৷ অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ অহংকাৰ, মইমতালি বাঢ়ি গৈছে বুলিও কলিতাই কয়। তেওঁ কয়, ”এতিয়াৰ বিজেপি চৰকাৰে জনসাধাৰণৰ কথা নুশুনা হৈ পৰিছে৷ কংগ্ৰেছ দল কেতিয়াবা চৰকাৰত আছে, কেতিয়াবা নাই৷ এইবাৰ আকৌ গৌৰৱ গগৈৰ নেতৃত্বত অসমত চৰকাৰ হ’ব৷ সমগ্ৰ দেশৰ যুৱ প্ৰজন্মক আগুৱাই নিবলৈ গৌৰৱ গগৈয়ে যি কাম কৰিছে সেয়া গুৰুত্বপূৰ্ণ৷ মই গৌৰৱ গগৈৰ যুঁজৰ লগত আছো৷ সদায়েই সৈনিক হিচাপে থাকিম৷ যিয়ে ‘কা’ক বিৰোধ কৰিবলৈ শংকা কৰি আপোচ কৰে সি কেতিয়াও জাতীয়তাবাদী হ’ব নোৱাৰে৷ কা-আইন অনাৰ পিছতো মনে মনে থকা অসম চুক্তিৰ মন্ত্ৰীৰ তলত ময়ো মনে মনে বহি থাকিম, সেয়া কেতিয়াও হ’ব নোৱাৰে৷’’ চুক্তিৰ কোনটো কাম অতুল বৰাই কৰিছে বুলি প্ৰশ্ন কৰি কলিতাই কয় যে অসম চুক্তিৰ কাম কৰিম বুলি অমিত শ্বাহে প্ৰতিশ্ৰুতি দিছিল৷

May be an image of 3 people and text

দাড়ি, কমা নোহোৱাকৈ কাৰ্যকৰী কৰাটো বাদেই দিয়ক, অসম চুক্তিৰ ছয় নং দফা ক’ত আছে সেয়াও এতিয়া বিচাৰিব লাগিব৷ মই চাপত আছিলো৷ মোক আপোনালোকে চাপৰ পৰা মুক্তি কৰি পানীৰ পৰা উঠাই আনিলে৷ গৌৰৱ গগৈয়ে কামখিনি কৰিব বুলি অসমীয়াই ভাবে৷ কিয়নো তৰুণ গগৈয়ে ডাঙৰীয়াই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম আৰম্ভ কৰিছিল৷ বিজেপিয়ে আজি সেইখন নাইকিয়া কৰিলে৷ মাতৃভাষাৰ স্কুল জীয়াই উঠিব লাগিব৷ অসমীয়াই জাতীয় সত্তা হেৰুৱাব নালাগিব৷ আনহাতে, প্ৰাক্তন বিজেপি বিধায়ক তথা একালৰ দাদা ব্ৰিগেডৰ সদস্য বিনন্দ শইকীয়াই ৰাজীৱ ভৱনত ভাষণ প্ৰদান কৰি কয় যে দুই তিনি বছৰ আগৰে পৰাই তেওঁ কংগ্ৰেছলৈ উভতি অহাৰ কথা ভাবিছিল৷ ২০১৫ চনৰ নৱেম্বৰ মাহত শেষবাৰলৈ ৰাজীৱ ভৱনলৈ অহাৰ কথা মনত পেলাই কয় যে আজি মোৰ জন্মদিন দিনটোত পুনৰ মই কংগ্ৰেছলৈ উভতি আহিছো৷ এয়া মোৰ বাৰে পুনৰ জন্ম৷ মই কংগ্ৰেছ দলৰ মজিয়াত ৰাজনৈতিকভাৱে পুনৰ জন্ম লৈছো৷ মৃত্যু পৰ্যন্ত এই দল এৰি আৰু ক’তো নাযাও৷ মই কংগ্ৰেছ এৰি যোৱাতো এটা অপৈণত সিদ্ধান্ত আছিল৷ সেই সময়ত কিছু আৱেগিক হৈছিলো৷ যিসকলে তেতিয়া আৱেগৰ সৃষ্টি কৰিছিল তেতিয়া, এতিয়া সেইসকল কংগ্ৰেছ দলত নাই৷ বিজেপি দলে সমাজ ভাগ ভাগ কৰাৰ অভিযোগ উত্থাপন কৰি বিনন্দ শইকীয়াই কয় যে আজি বিজেপিয়ে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰি ৰাজনীতি কৰিছে৷ কিন্তু তেওঁলোকে ভূপেন হাজৰিকাৰ আদৰ্শন নামানে৷ সুধাকণ্ঠৰ প্ৰতিটো গীতত সম্প্ৰীতি, একতাৰ কথা আছে৷

May be an image of one or more people and crowd

অসম ভূমিৰ সকলো জাতি, জনগোষ্ঠী, ধৰ্ম, সম্প্ৰদায়ক মিলি জুলি থকাৰ কথা আছে৷ যিটো দলে ২৪ ঘণ্টাই সাম্প্ৰদায়িক আৰু বিভাজনৰ ৰাজনীতি কৰে, যিটো দলৰ ধৰ্মৰ ৰাজনীতি কৰিলে ভৰিৰ দলৰ মাটি নাথাকে, গৰুৰ মাংস-গাহৰিৰ মাংস দলিওৱাৰ ৰাজনীতি কৰে সেই দলটোৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰাৰ নৈতিক অধিকাৰ নাই বুলিও কয় শইকীয়াই৷ ইপিনে মানছিং ৰংপিয়ে কংগ্ৰেছ দললৈ উভতি আহি সুখী হোৱা বুলি কৈ কয় যে মই আজি আনন্দিত৷ সকলোতকৈ বেছি আনন্দিত হোৱাৰ কাৰণ হৈছে মোক কংগ্ৰেছ দলে পুনৰ আকোৱালি লৈছে৷ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত যুঁজ এখন হ’ব৷ আমাৰ মূৰত সেই যুঁজৰ কথা সোমাই গৈছে। আজি আমি যুঁজৰ কাৰণে প্ৰস্তুত৷ ২০২৫ চনৰ ১৯ আগষ্টৰ বৰঝাৰ বিমান বন্দৰৰ প্ৰসংগ উল্লেখ কৰি সেই দিনটোতকৈ আজি বৰঝাৰত বেছি উৎসাহ দেখা গৈছে বুলিও কয় মানছিং ৰংপিয়ে৷

উল্লেখ্য যে আজিৰ এই যোগদান সভাত এআইইডিএফৰ কাৰ্যকৰী সভাপতি আবু ছালেহ নিজমুদ্দিন, অসম জাতীয় পৰিষদৰ নেতা দুলাল বৰুৱা, দৰং জিলা বিজেপিৰ নেতা মিহিৰ কুমাৰ চহৰীয়া, বিজেপি নেতা ৰুক্ম বৰা, মহেন্দ্ৰ কলিতা, নাগৰিক মঞ্চৰ নগাঁও জিলাৰ সভাপতি বিৰিঞ্চি বৰাকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিজেপি-অগপকে ধৰি একাধিক দলৰ শতাধিক সদস্যই কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। আজিৰ সভাখনত লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰা, প্ৰাক্তন সাংসদ ৰাণী নৰহ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, বিধায়ক নন্দিতা দাস, ৰেকিবুদ্দিন আহমেদ, আছিফ নাৰ্জাৰকে ধৰি কেবাজনো বিধায়ক তথা মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, সেৱা দলৰ অধ্যক্ষ দ্বীপ বায়নৰ লগতে দলটোৰ প্ৰায় প্ৰতিগৰাকী জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে। এই যোগদান কাৰ্যসূচী পৰিচালনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈ আৰু প্ৰদ্যুৎ ভূঞাই।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,919FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
clear sky
25.1 ° C
25.1 °
25.1 °
72 %
2kmh
0 %
Fri
34 °
Sat
35 °
Sun
34 °
Mon
34 °
Tue
31 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06

শেহতীয়া আপডেটঃ