মডেল জান্তি হাজৰিকাৰ সৈতে কথোপকথন

- Advertisement -

অতীজৰে পৰা নাৰীৰ সৌন্দৰ্যক লৈ মানুহৰ কল্পনা অন্তহীন৷ সম্প্ৰতি সৌন্দৰ্য প্ৰতিযোগিতাবোৰ হয়তো ইয়াৰে ফচল৷ পৃথিৱীৰ প্ৰায়বোৰ দেশতে এই প্ৰতিযোগিতাবোৰ কম-বেছি পৰিমাণে জনপ্ৰিয়৷ ইয়াত অংশগ্ৰহণ কৰি বিজয়ী হোৱা প্ৰতিগৰাকী নাৰীৰ প্ৰতি অগণন লোকৰ এক স্বাভাৱিক আকৰ্ষণ থাকে৷ বহুতে এনে বিজয়ীৰ জীৱনক অনুসৰণ কৰে৷ সমাজৰ বিশিষ্ট, ব্যতিক্ৰমী ব্যক্তিত্বলৈ পৰিৱৰ্তন হয়৷ সৌভাগ্যৰ সকলোবোৰ দুৱাৰ যেন খোল খায় যায়৷ এনে এগৰাকী লোকৰ সৈতে হোৱা কথোপকথন পাঠক সমাজলৈ আগবঢ়ালোঁ৷ ভাৰতীয় নাৰীৰ জীৱনৰ আন্ধাৰ-পোহৰৰ বহু বিচিত্ৰ দিশ এই কথোপকথনত পৰিষ্কাৰ হৈছে৷
– ৰূপজ্যোতি কোঁৱৰ

- Advertisement -
- Advertisement -

প্ৰশ্নঃ এগৰাকী মডেল সম্পৰ্কে আপোনাৰ ধাৰণা কি? মডেল কোন বা মডেল হোৱাৰ যোগ্যতাবোৰ কি কি?
জান্তি হাজৰিকাঃ মডেলবোৰো একেই সাধাৰণ মানুহৰ দৰেই৷ আমিও তেনেকুৱাই৷ মা-দেউতাৰ লগত ওলাই যাওঁ, পূজা কৰোঁ ইত্যাদি৷ কিন্তু আমাৰ কামবোৰত কিছু পলম হয়৷ সাধাৰণতে ‘অফিচিয়েল’ কামবোৰ ৭ বা ৮ বজাত শেষ হয়, কিন্তু আমি আমাৰ কামবোৰ ১২ বা ১ বজালৈ কৰিবলগা হয়৷ সেইটো অলপ বেলেগ হয় আৰু ‘ৱল্ডৰ্’খন ‘গ্লেমাৰাইজ’ হয়৷ ফেশ্বন ডিজাইনাৰ আহে, পাৰ্টী কৰিবলগা হয় ইত্যাদি৷ তাৰ অৰ্থ এইটো নহয় যে আপুনি ‘ড্ৰিংক’ কৰিবই লাগিব৷ ড্ৰিংক কৰাটো আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে৷ মডেলিঙৰ আপুনি কোনটো পথ বাছি ল’ব৷ আমিও সাধাৰণ ছোৱালীৰ দৰে, কেৱল আমাৰ কামবোৰ অলপ বেলেগ হয়৷
প্ৰশ্নঃ আপোনাক যদি মডেলৰ এটা আৰ্হি দিব কোৱা হয়?
জান্তি হাজৰিকাঃ মডেল এটা mannequin হয়৷ মেনিকুইন ক’বলৈ গ’লে এটি পুতলা৷ মানে ফেশ্বন ডিজাইনাৰবোৰে ‘ড্ৰেছ’ বনায় আৰু আমি সেইটো ধুনীয়াকৈ উপস্থাপন কৰিব লাগে৷ মেনিকুইন কেতিয়া বনায়, যেতিয়া মডেল নাথাকে৷ মডেল এজনীয়ে ড্ৰেছটো পিন্ধি তাক ধুনীয়াকৈ মানুহৰ সন্মুখত উলিয়াই দিব লাগে৷ এনেকৈ দেখুৱাব লাগিব যাতে ড্ৰেছটো বহুত ধুনীয়া দেখা যায়৷ technical wordত ক’বলৈ গ’লে আমি মেনিকুইন হয় ডিজাইনাৰৰ কাৰণে৷ ‘শ্বুটিং’টোও তেনেকুৱাই, ভাল দেখাবৰ বাবে ‘প’জ’ দিবলগা হয়৷ ক’বলৈ গ’লে আমি মেনিকুইন৷


প্ৰশ্নঃ অসমীয়া সমাজ জীৱনৰ প্ৰেক্ষাপটত, আপুনি যিহেতু অসমীয়া ছোৱালী, অসমীয়া সমাজখন অলপ বেলেগ ধৰণৰ৷ ইয়াত ছোৱালী এজনীয়ে মডেলিং ‘প্ৰফেছন’ হিচাপে সহজে বাছি নলয়৷ আমাৰ সমাজখন অলপ ৰক্ষণশীল, এনেক্ষেত্ৰত আপোনাৰ মডেল হোৱাৰ ইচ্ছা কেনেদৰে আহিল?
জান্তি হাজৰিকাঃ মডেল হোৱাৰ ইচ্ছা মোৰ নাছিল৷ সৰুৰে পৰাই নাছিল৷ মই বাংগালুৰুত ডিজাইনিং কৰি আছিলোঁ৷ তেতিয়া তাত যিবোৰ শ্ব’ হয় মই তাত অংশগ্ৰহণ কৰিছিলোঁ৷ তেতিয়া মোক বহুতে কোৱা কৰিলে, তোমাৰ height ভাল হয়, তুমি মডেলিং নকৰা কিয়৷ মোৰ মাৰ ক্ষেত্ৰত মই সদায় thankfull থাকিম, ২০১৪ত মোৰ ৫ম ছেমিষ্টাৰ শেষ হোৱাৰ পিছত নিউজ লাইভৰ দ্বাৰা ‘নৰ্থ-ইষ্ট দিৱা-২০১৪’ বুলি অনুষ্ঠান এটা হৈ আছিল৷ তেতিয়া মায়ে ক’লে– তই ইয়াত ‘ট্ৰাই’ কৰি চা, কিবা এটা শিকিব পাৰিবি, ভাল হ’ব তোৰ কাৰণে৷ মই তেনেকৈয়ে ট্ৰাই কৰিলোঁ৷ মই মডেল হোৱাত মোৰ মায়ে মোক উৎসাহ দিছে৷ তাত মই জয়ী হ’লোঁ৷ তাৰপৰা মই ‘মিছ ইণ্ডিয়া’ গ’লোঁ৷ তেনেকৈয়ে মডেলিং জগতখনত ভৰি থ’লোঁ, মোৰ ভাললগা হ’ল৷
প্ৰশ্নঃ এগৰাকী মডেলৰ প্ৰতি ভাৰতৰ ভিন্ন সমাজৰ দৃষ্টিভংগী বেলেগ বেলেগ৷ অসমীয়া সমাজখনে মডেল হিচাপে আপোনাক কেনেকৈ আঁকোৱালি লৈছেঞ্জ আৰু অসমীয়া সমাজৰ ৰক্ষণশীল মনোভাবে কেতিয়াবা আপোনাৰ ক্ষেত্ৰত প্ৰত্যহ্বান হৈ থিয় দিছে নেকি?


জান্তি হাজৰিকাঃ মই অসমত বৰ্তমানলৈ তেনেকৈ কাম কৰা নাই৷ এতিয়ালৈ তেনেকুৱা ঘটনাৰ মুখামুখিও হোৱা নাই৷ কোনেও মোক কোৱা নাই যে তুমি মডেল হয়, মডেলবোৰ এনেকুৱা হয় ইত্যাদি৷ মই আৰম্ভণিটো ভালদৰে কৰিছোঁ৷ প্ৰথমে নৰ্থ- ইষ্ট দিৱা কৰিছোঁ, তাৰপিছত মিছ ইণ্ডিয়া গৈছোঁ৷ বেয়া ৰাস্তা লোৱা নাই, গতিকে মোক তেনেকে ক’বলৈ কোনেও সাহস কৰা নাই৷ অলপতে মই MTVৰ যিটো শ্ব’ কৰিলোঁ, তাত দুই-তিনিটা অলপ বেলেগ ধৰণৰ প্ৰত্যহ্বান আছিল৷ যিবোৰ মাহঁতে চাই ভাল পোৱা নাই আৰু মায়ে কৈছে যে এইটো ভাললগা নাই৷ কিন্তু সেই কথাটোতে লাগি থকা নাই৷ মোৰ মা খুব ‘ছাপ’ৰ্টিভ’ হয়, তেখেতে কথাষাৰ আঁকোৱালি লৈছে৷ কিন্তু বহুত মানুহে তেনেদৰে নলয়৷ অলপ চুটি কাপোৰ পিন্ধিলে বা ল’ৰাৰ লগত শ্বুট কৰিলে মানুহৰ ধাৰণাবোৰ সলনি হয়৷
প্ৰশ্নঃ বৰ্তমান FTV ভাৰতবৰ্ষত বন্ধ কৰি দিছে৷ তাত কিছুমান শ্ব’ আছিল যেনে মিড নাইট হট, lingerie– এইবোৰত এগৰাকী নাৰীক সম্পূৰ্ণভাৱে উন্মুক্ত কৰি দিয়া হয়৷ ঠিক তেনেদৰে ভাৰতবৰ্ষৰ কিংফিচাৰ কেলেণ্ডাৰ গাৰ্ল শ্ব’– এইবোৰ শ্ব’ৰ প্ৰতি আপোনাৰ মনোভাব কি?
জান্তি হাজৰিকাঃ যিবোৰ মিড নাইট শ্ব’ হয়, সেইবোৰ মডেলিং নহয়৷ এইটো এতিয়া কি বুলি ক’ম আৰু শব্দটো ক’বলৈ ভাললগা নাই৷ এইবোৰ মডেলিঙত নপৰে, বেলেগ এটা লাইনত গুচি যায়৷ সেইটো একেবাৰে ‘প্ৰ’পাৰ মডেলিং’ নহয়৷ কিছুমান আছে, যেনে victoria secret মডেল শ্ব’ আছে৷ অসমৰ মণিকংকনা দত্ত, তেখেতেও বিকিনি পিন্ধি তাত ‘ৱাক’ কৰিছে৷ মই নাভাবোঁ যে বিকিনি পিন্ধিলেই ছোৱালী এজনী বেয়া হৈ যাব৷ মিড নাইট হট শ্ব’ত বিকিনি পিন্ধি ৰাস্তাত ঘূৰি ফুৰে, তাত ফটো শ্বুট হয়, এইবোৰ বেলেগ কথা৷ আৰু যিটো কিংফিচাৰ কেলেণ্ডাৰ গাৰ্ল, সেইটো competition হয়৷ সাগৰৰ ভিতৰত কিদৰে প’জ দিছে, expression চোৱা হয়, বিকিনি পিন্ধি কিমান comfortable হৈ প’জ দিব পাৰিছে সেইবোৰক লৈ এটা competition হয়৷ ভাৰতবৰ্ষৰ কিংফিচাৰ কেলেণ্ডাৰ গাৰ্ল এটা competition হয় আৰু FTVৰ যিটো শ্ব’ৰ কথা ক’লে সেইটো সিহঁতে lifestyle type কৰিছে৷


প্ৰশ্নঃ নাৰী আৰু পুৰুষ দুয়োটাৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী কেনেকুৱা ধৰণৰ? নাৰী বা পুৰুষ সম্পৰ্কে আপোনাৰ ধাৰণা কি? এগৰাকী perfect নাৰী সম্পৰ্কে আপোনাৰ কিবা বিশেষ ধাৰণা আছেনেকি?
জান্তি হাজৰিকাঃ ল’ৰা বা ছোৱালী বুলি তেনেকুৱা discriminate মোৰ মনত নাই৷ আচলতে ছোৱালী বুলি ‘চান্স’ দিব লাগে তেনে কথা নহয়৷ ‘ফেমিনিজিম’ মই নামানোঁ৷ সম-অধিকাৰহে হ’ব লাগে৷ ভাৰতবৰ্ষত ল’ৰাবোৰক বেছি গুৰুত্ব দিয়া হয়৷ ছোৱালীবোৰক extra reservation দিব লাগে, বাছ বা ৰে’লত ছিট বেছি থাকিব লাগে– মই নাভাবোঁ যে এইটো কৰিব লাগে৷ সম-অধিকাৰ হ’ব লাগে৷ যিমান ল’ৰাই পায় সিমান ছোৱালীয়েও পাব লাগে৷ সংৰক্ষণ উঠাব নালাগে, কিন্তু সমান কৰিব লাগে৷ আপুনি সোধা দ্বিতীয়টো প্ৰশ্ন, এগৰাকী পূৰ্ণাংগ নাৰী হ’ল যিয়ে নিজকে সন্মান কৰে৷ এতিয়া মই যদি ভাৰতবৰ্ষৰ কথা ক’ব যাওঁ, এগৰাকী ধুনীয়া, দীঘল চুলি, পাকঘৰত কাম কৰা, ভাত বনাব জানিব লাগিব, চাফাই কৰিব পৰাজনেই হৈছে পূৰ্ণাংগ নাৰী৷ মোৰ মতে ‘পাৰ্ফেক্ট’ হ’ল যেতিয়া আপুনি নিজকে সন্মান কৰিব, তেতিয়া আনেও আপোনাক সন্মান দিব৷

Jantee Hazarika :: Behance
প্ৰশ্নঃ সৌন্দৰ্য কি? বাহিৰৰ দেশত সৌন্দৰ্যৰ এক বিশাল ধাৰণা আছে, যিটো আমাৰ ইয়াত পৰিলক্ষিত নহয়…
জান্তি হাজৰিকাঃ সৌন্দৰ্য মোৰ বাবে বাহ্যিকতা নহয়৷ বাহিৰৰ পৰা ধুনীয়া দেখি লাভ নাই৷ মই তেনেকুৱা বহুত দেখিছোঁ, যি বাহিৰৰ পৰা বহুত ধুনীয়া৷ কিন্তু ভিতৰত বহুত বেলেগ৷ আভ্যন্তৰীণ সৌন্দৰ্য মুখ্য হয়৷ এগৰাকী ১০০ কেজি ওজনৰ ছোৱালীও মডেল হ’ব পাৰে আৰু ৩০ কেজি ওজনৰ ছোৱালী এজনীও মডেল হ’ব পাৰে৷ পৃথিৱীৰ প্ৰতিজনী ছোৱালীয়েই ধুনীয়া, নিজৰ নিজৰ ক্ষেত্ৰত৷ সৌন্দৰ্যৰ কোনো বাউণ্ডেৰী নাই৷ বাহিৰত কিছুমান আৰম্ভ হৈছে যেনে এচিড আক্ৰান্ত সুন্দৰী, তেনেকুৱা আমাৰ ইয়াতো হওক৷ বৰ্তমান এটা বাউণ্ডেৰী আছে সৌন্দৰ্যৰ ক্ষেত্ৰত, কিন্তু আগন্তুক ৪/৫ বছৰৰ পিছত এইবোৰ ভাঙি যাব লাগে৷
প্ৰশ্নঃ নাৰীৰ শৰীৰৰ সৌন্দৰ্যৰ বজাৰখন পৃথিৱীৰ চাৰিওফালে ইমান প্ৰসাৰিত কিয়ঞ্জ বাহ্যিক সৌন্দৰ্য আৰু আভ্যন্তৰীণ সৌন্দৰ্য বুলি কিবা ধাৰণা আছেনে আপোনাৰ মডেলিং জগতখনতঞ্জ এই পাৰ্থক্য অলপ বহলাই ক’ব৷ বাহ্যিক সৌন্দৰ্য মানে বাহিৰৰ আৱৰণৰ কথা কৈছোঁ৷ এতিয়া বহুজাতিক কোম্পানীবোৰত দেখা যায়, লোহাৰ বিজ্ঞাপনবোৰতো এগৰাকী ধুনীয়া নাৰীক মডেল হিচাপে লোৱা হয়৷ সকলো বিজ্ঞাপনত এগৰাকী নাৰীৰ প্ৰয়োজন নাই, নহয় জানো?

Jantee inches closer to INTMS2 title | Assam Times
জান্তি হাজৰিকাঃ হয়, আপুনি ঠিকেই কৈছে৷ বহু ক্ষেত্ৰত নাৰীক ব্যৱহাৰ কৰা হয়৷ যিবোৰ বিদেশৰ মডেল আহে সিহঁত বহুত বগা৷ চিকিৎসালয়ৰ বিজ্ঞাপনতো সিহঁতক ব্যৱহাৰ কৰা হয়৷ মই ভাবোঁ য’ত যেনেকে ফিট হয় এজনী ছোৱালী, তেনেকে কাম কৰিলেই হ’ল৷ ডাঙৰ কথাটো হ’ল যে আমাৰ মানুহবোৰে সাধাৰণ কাৰোবাক ল’লে বিজ্ঞাপনটোত তেওঁলোকে মন নিদিব, নাচাবই মানুহবোৰে৷ বিদেশৰ বগা ধুনীয়া ছোৱালীজনীৰ দ্বাৰাই কৰা বিজ্ঞাপনটোৰ প্ৰতি মানুহ সহজে আকৰ্ষিত হ’ব৷ মানুহৰ ‘মেণ্টেলিটী’ এনেকুৱা কাৰণে বিজ্ঞাপনটো সেইদৰে বনোৱা হয়৷
প্ৰশ্নঃ সুন্দৰী প্ৰতিযোগিতাবোৰ পুৰুষতান্ত্ৰিক সমাজৰ সৃষ্টি আৰু সুদীৰ্ঘ দিন ধৰি, পৃথিৱীৰ আৰম্ভণিৰ পিছৰে পৰা, সমাজ সৃষ্টি হোৱাৰে পৰা নাৰী অৱদমিত হৈ আহিছে পুৰুষৰ হাতত৷ এতিয়া বহুতে কয় পুৰুষ-নাৰী সমান সমান৷ কিন্তু এয়া জানো প্ৰকৃততে হৈছে৷ এই অৱদমনক তথাকথিত সভ্যতাৰ লেপন সানি নাৰীক পণ্য সামগ্ৰীলৈ অৱনমিত কৰিছে৷ বিশেষকৈ নাৰীবাদীসকলৰ এই ব্যাখ্যাক আপুনি কি কয়? নাৰীবাদীসকলে কয়– আমি এতিয়াও দমন হৈ আছোঁ৷ বিজ্ঞাপনবোৰতো নাৰী ব্যৱহাৰ হৈ আছে৷ নাৰীৰ শৰীৰটোক লৈ ব্যৱসায় কৰিছে নেকি?

Jantee inches closer to INTMS2 title | Assam Times
জান্তি হাজৰিকাঃ ব্যৱসায় বুলি নকওঁ৷ আমাৰ কোম্পানীবোৰে আমাক যেনেকে দিছে, আমি তেনেকে অনুসৰণ কৰিবলগা হয়৷ আমাৰ সমাজখনে যিদৰে বিচাৰিছে, অতীজেৰ পৰাই সেইদৰে চলি আহিছে৷ ৰামায়ণ, মহাভাৰত সকলোতে নাৰী পুৰুষদমিত৷ এইটোৰ পৰিৱৰ্তন হোৱা নাই৷ আৰু মই নাভাবোঁ যে এইটো কেতিয়াবা পৰিৱৰ্তন হ’ব৷ ‘মেণ্টেল ষ্টেটাছটো’ৱে এনেকুৱা৷ এইটোৰ সলনি হ’বলৈ এটা সম্পূৰ্ণ ‘জেনেৰেচন’ লাগিব৷
প্ৰশ্নঃ আপুনি যেতিয়া ৰেম্পত খোজকাঢ়ি থাকে, আপুনি জানে যে হাজাৰ হাজাৰ মানুহে আপোনাক ভিন্ন দৃষ্টিকোণেৰে পৰ্যবেক্ষণ কৰি আছে…
জান্তি হাজৰিকাঃ হয়, মই এইবোৰত গুৰুত্ব নিদিওঁ৷ কাৰণ এইবোৰ কৰি মই সুখ পাওঁ৷ মই মন নিদিওঁ, কোনে মোক বেয়া দৃষ্টি দিছে৷ আপুনি ক’ত খোজ কাঢ়িছে সেইটোও নিৰ্ভৰ কৰে৷ আমি য’ত কাম কৰোঁ তাত ১০০ শতাংশৰ ৬০ শতাংশই আমাৰ মহিলা আৰু সমকামী থাকে, ৩০ শতাংশৰ ২০ শতাংশৰ professional মানুহ থাকে আৰু ১০ শতাংশ মানুহ থাকে যিয়ে এনেকুৱা সৰু মনোভাব লৈ থাকে৷ গতিকে এই ১০ শতাংশৰ কাৰণে মই ‘মুড অফ্‌’ কৰিব লাগিব বুলি নাভাবোঁ৷ কাৰণ কামটো কৰি মই ভাল পাইছোঁ৷ কোনোবাই মোক বেয়া দৃষ্টিৰে চাই থকাটো মই কেয়াৰ নকৰোঁ৷
প্ৰশ্নঃ নাৰী জীৱনৰ মহত্ত্বম বুলি কিবা আছেনে? ভাৰতবৰ্ষত নাৰীক দেৱী হিচাপে পূজা কৰা হয় অথচ সেই নাৰীকে বিভিন্ন অকথ্য নিৰ্যাতন কৰা হয়৷ এই পৰস্পৰ বিপৰীতধৰ্মিতাই আপোনাৰ মনত কিদৰে ৰেখাপাত কৰে? এই মানসিকতা সম্পৰ্কত আপোনাৰ মতামত কি?
জান্তি হাজৰিকাঃ এইটো বছৰ বছৰ ধৰি চলি আহিছে, পৰিৱৰ্তননো কিমান কৰিছে৷ নাৰী সমাজে কিমান কি কৰিছে, তথাপিও একো পৰিৱৰ্তন হোৱা নাই৷ পৃথিৱীত এনে বহুত বস্তু আছে যি সলনি হোৱা নাই৷ আমি যদি ধৰ্ষণৰ কথা কওঁ, যোৱা ১০ বছৰ ধৰি কিমান বাঢ়িছে৷ নিৰ্ভয়া কাণ্ডৰ পিছত ক’বলৈ গ’লে ধৰ্ষণৰ সংখ্যা বাঢ়িছেহে৷ কিমান ডাঙৰ ঘটনা ঘটি গ’ল, তথাপিও একো সলনি নহ’ল৷ ক’বলৈ গ’লে দিল্লীত এতিয়া ধৰ্ষণৰ সংখ্যা বাঢ়িছেহে৷ অসমতো এইটো বাঢ়িছে৷ আচলতে ধৰ্ষণ এতিয়া এটা ‘ট্ৰেণ্ড’ হৈ গৈছে৷ আপুনি কোৱাৰ দৰে ভাৰতবৰ্ষত দেৱীমাক পূজা কৰে, কিন্তু আজিকালি দেৱীমাৰ পূজাও এটা ‘শ্ব’ অফ্‌’ হৈ গৈছে৷ মনৰ পৰা কেইজনে ভক্তিত পূজা কৰে৷

No photo description available. প্ৰশ্নঃ চুটি কাপোৰ পিন্ধাটোও ধৰ্ষণৰ এটা কাৰক নেকি? চুটি কাপোৰ পিন্ধাটোৱে ধৰ্ষণ বা অন্য নিৰ্যাতনৰ কাৰক নহ’বও পাৰে, ইয়াত মেণ্টেলিটীৰ কথাও নিশ্চয় থাকিব?
জান্তি হাজৰিকাঃ মানসিকতাৰ কথা একেবাৰেই আছে৷ আমাৰ ভাৰতবৰ্ষত সাধাৰণতে ৰাস্তাই-ঘাটে যিবোৰ মানুহ ঘূৰি ফুৰে, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদিত, সেইবোৰ সাধাৰণতে শিক্ষিত নহয়৷ তাত নাৰীক ইমান respect নিদিয়ে, মাকহঁতকো সিমান শ্ৰদ্ধা নকৰে৷ এইবোৰতো মেণ্টেলিটীৰ কথা৷ তাত এতিয়া জিন্স পৰিহিত ছোৱালী এজনী দেখিলে ভৰিৰ পৰা মূৰলৈকে চাই থাকে, তাৰ ল’ৰা-ছোৱালীবোৰে নিজেই কয়৷ সিহঁতে লাজ পায় সেইটো ক’বলৈ যে সিহঁত হাৰিয়ানাৰ হয় আৰু তাৰ পৰিৱেশ খুব এটা ভাল নহয়৷ কিছুমান মানুহে এইবোৰ স্বভাৱ সলনি নকৰে৷ সিহঁতে ভালপায় সেইবোৰ কৰি৷ চুটি কাপোৰ কিছুমানৰ ক্ষেত্ৰত ‘মেটাৰ’ হয় আৰু কিছুমানত নহয়৷ মই এবাৰ দিল্লীলৈ যাওঁতে তাত মানুহ এজনক লগ পালোঁ৷ কথা-বতৰাৰ মাজত তেখেতে ক’লে যে তুমি দিল্লীলৈ ‘ছিফ্‌ট’ হৈ যোৱা৷ মই ক’লোঁ– নাই দিল্লীত খুব ভয় লাগে৷ তাত ধৰ্ষণৰ দৰে বহুত ঘটনা ঘটি থাকে৷ তেতিয়া মানুহজনে ক’লে যে দিল্লীতনো ক’ত ধৰ্ষণ হয়৷ ইয়াত ছোৱালীবোৰে ধৰ্ষণ কৰাইহে৷ তেতিয়া মোৰ মানুহজনৰ ওপৰত খুব খং উঠিছিল যে কোন ছোৱালীয়ে বাৰু নিজক ‘ৰেপ’ কৰাব৷ তাত মানুহবোৰে ভাবে যে চুটি কাপোৰ পিন্ধা মানেই তাইক সহজে পোৱা যাব৷ ‘পিংক’ নামৰ চিনেমাখনত এই বস্তুবোৰ খুব ভালদৰে দেখুৱাইছে যে এজনী ছোৱালীয়ে চিগাৰেট খালে, মদ খালে তাই বেয়া ছোৱালী, চুটি কাপোৰ পিন্ধা মানেই শাৰীৰিক সম্পৰ্কৰ বাবে তাই ‘ৰেডী’৷ এইবোৰ আচলতে ভুল ধাৰণা৷ মুম্বাইত এইটো নচলে আৰু মই ভাবোঁ অসমতো এইটো বহুতে ভাবে যে চুটি কাপোৰ পিন্ধা মানেই তাই বেয়া৷

Assam girls Jantee Hazarika (top) & Rajashree Singha (bottom row left) grace @MaximIndia cover #NortheastIndia প্ৰশ্নঃ মোৰ ব্যক্তিগত ধাৰণা এটা যে আমাৰ ভাৰতীয় সমাজত যৌনতা এক প্ৰকাৰৰ নিষিদ্ধ প্ৰসংগ৷ সেয়েহে ইয়াক প্ৰায় ‘বেণ্ড’ কৰা হৈছে৷ আমেৰিকা, লণ্ডন পেৰিছ ইত্যাদিত ‘ছেক্স ফ্ৰী’, আমাৰ দেশত জন্মৰ পৰাই মানুহে যৌন অনুভূতিবোৰ দমাই ৰাখি থোৱা বাবে এনেধৰণৰ যৌন উৎপীড়ন সম্পৰ্কীয় ঘটনা বেছি?
জান্তি হাজৰিকাঃ সেইটোৱেই৷ আচলতে মানসিকতাৰ কথা৷ আজি গুৱাহাটীত নিশা ১২ বজাত এগৰাকী মহিলা চুটি কাপোৰ নিপিন্ধাকে ওলালেও সুৰক্ষিত নহয়৷ গুৱাহাটী কিয়, বাহিৰৰ ঠাইতো সুৰক্ষিত নহয়৷ কিন্তু বিদেশত নিশা ১২ বজাত এগৰাকী মহিলা বাহিৰত ওলালেও তাই সুৰক্ষিত হয়৷
প্ৰশ্নঃ voice bold হ’ব লাগিব, সমৰ্থন কৰিব লাগিব, তাৰপিছত ‘ষ্টেপ’ কি হ’ব, য’ত ল’ৰা আৰু ছোৱালীয়ে সমান অধিকাৰ পায়, মানে কেনেকুৱা এখন সমাজ বিচাৰে আপুনি?

Jantee Hazarika's Journey From The Pageant World To Success In Modelling
জান্তি হাজৰিকাঃ বাহিৰত যিদৰে চব সমান হয়, অকল মদ আৰু চিগাৰেটৰ ক্ষেত্ৰতে নহয়, সকলো ক্ষেত্ৰতে পুৰুষ-নাৰীৰ সমান অধিকাৰ হ’ব লাগে৷ বাহিৰতো নাৰী দমন হয়, কিন্তু ভাৰতবৰ্ষৰ দৰে নহয়৷ ছোৱালীবোৰো সাহসী হ’ব লাগিব৷ তেতিয়া এই কথাবোৰৰ অন্ত পৰিব বুলি মই ভাবোঁ৷ এনেকুৱা কৰিলে হয়তো ১০ বছৰ পিছৰ ছোৱালীবোৰে ভেদভাবৰ সন্মুখীন কমকৈ হ’ব৷ সকলোৰে কাৰণে ‘বেটাৰ’ সমাজ এখন আহিব৷
প্ৰশ্নঃ better সমাজখনৰ কিবা ‘কনচেপ্ট’ আছেনেকি?
জান্তি হাজৰিকাঃ sexual imbalanceটো balance হ’ব লাগে৷ কিন্তু আমাৰ জেনেৰেচনৰ ‘প্ৰ’বলেম’টো কেতিয়াও সলনি নহয়৷ এইটো কথা এইদৰে আমাৰ মূৰত সুমুৱাই দিলে আৰু এনেকৈয়ে সোমাই গ’ল৷ এইটো জেনেৰেচনৰ কথা৷ মই ভাবোঁ পিছৰ জেনেৰেচনটো অলপ বেলেগ আহক৷ পশ্চিমীয়া সভ্যতা আনিব নালাগে৷ ভাৰতবৰ্ষ সদায় ভাৰতবৰ্ষ৷ আমাৰ সভ্যতা আৰু সংস্কৃতি লৈ আমি বিখ্যাত হয়৷ sexual balance থাকিব লাগে৷ judgement দিয়াটো বন্ধ হ’ব লাগে৷ নাৰীক সন্মান দিব লাগে৷
প্ৰশ্নঃ আপুনি কেইবাখনো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা আহৰণ কৰিছে৷ এই অভিজ্ঞতাৰ যোগাত্মক আৰু বিয়োগাত্মক দিশৰ বিষয়ে অলপ ক’ব নেকি?

jantee hazarika (@janteeha) / Posts / X
জান্তি হাজৰিকাঃ যোগাত্মক হ’ল, আপুনি বহুত কথা শিকিব পাৰে৷ আপুনি বহুত মানুহ লগ পায় ইণ্ডাষ্ট্ৰিত৷ তাত আটায়ে প্ৰফেচ’নেল হয়৷ বহুত কথা শিকিব পাৰে৷ ‘নিগেটিভ ছাইড’টো হ’ল, আপুনি ‘ডিপ্ৰেছ’ হৈ যাব পাৰে৷ আপোনাক ‘এক্সেপ্ট’ নকৰিবও পাৰে৷ মই যেতিয়া নতুনকৈ এম টিভিত গৈছিলোঁ, বহুতে মোক ‘এক্সেপ্ট’ কৰা নাছিল৷ সিহঁতৰ মতে মই ধুনীয়া নহয়, মই নিজেও ভাবোঁ যে মই ধুনীয়া নহয়৷ লগে লগেই সিহঁতে কৈ দিয়ে– তাই ক’লা, তাই ধুনীয়া নহয় ইত্যাদি৷ মোৰ লগত সেই মুহূৰ্তত মোৰ মা বা মোৰ বন্ধুবৰ্গ আছিল, যাৰ কাৰণে মই ডিপ্ৰেছ নহ’লোঁ৷ বহুক্ষেত্ৰত ‘লাইফ’ সম্পূৰ্ণভাৱে ‘পাব্লিক’ হৈ যায়৷ আপোনাৰ নিজস্ব একো নাথাকে৷ ব্যক্তিগত জীৱন নষ্ট হৈ যায়৷ আপুনি কিবা এটা পাই গ’লে আপোনাৰ ব্যক্তিগত জীৱন শেষ হৈ যায়৷ আপুনি ক’ত গৈছে, কি পিন্ধিছে গোটেইবোৰ পাব্লিক হৈ যায়৷ বহুতৰ লগত বহুত কথা শ্বেয়াৰ কৰিব নোৱৰা হৈ যায়৷ সেয়ে ‘পাৰ্ছনেল লাইফ’ খুব ‘মিছ’ কৰা যায়৷ সোনকালে ডিপ্ৰেছ হৈ যাব পাৰে৷ এই দুটা মূল নিগেটিভ ছাইড৷ এনেদৰে এবাৰ মই ডিপ্ৰেছ্‌ড হৈ গৈছিলোঁ, ১৫/২০ দিনমানলৈ৷ মোৰ শ্ব’ দুমাহৰ আছিল৷ মোক ইমান বেয়াকে কৈছিল– মই ভাবিছিলোঁ সঁচাকৈয়ে মই ইমান ক’লানে, বেয়ানে দেখিবলৈ৷ মোৰ লগত মাহঁত আছিল৷ মোক সাহস দিলে, মই ‘অ’ভাৰ কাম’ কৰিলোঁ৷ সকলোতে বগাবোৰে বেছি প্ৰাধান্য পায়৷ মানসিকতা তেনেকুৱাই৷ বগাবোৰ ধুনীয়া, চুলি দীঘল লাগে৷ মোৰ চুলি চুটি আছিল৷ মুম্বাইত খুব চায়৷ কিন্তু আমাৰ অসমত ইমানকে নাচায়৷ অসমৰ পৰা ‘ছাপ’ৰ্ট’ খুব কম পাইছিলোঁ৷ মুম্বাই, দিল্লী, বাংগালুৰুত খুব চায় আৰু তাৰ মানুহবোৰে, হিন্দীভাষীবোৰকে ছাপ’ৰ্ট কৰিব৷ এইবোৰ নিগেটিভ ছাইড আছে৷

ফোনঃ ৯৬৭৮৬-৩৪৬০৮

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ