- Advertisement -
● ইভিএম সুৰক্ষাক লৈ পুনৰ উত্তপ্ত পশ্চিমবংগ
● নিৰ্বাচন আয়োগ-বিজেপিৰ বিৰুদ্ধে সৰৱ মমতা
● ভৱানীপুৰৰ ষ্ট্ৰংৰুমত মমতাৰ অতৰ্কিত পৰিদৰ্শন
নিউজ ডেস্ক,গুৱাহাটী
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে নিশা কলকাতাৰ ভৱানীপুৰৰ ইভিএম ষ্ট্ৰংৰুম পৰিদৰ্শন কৰি ই ভি এম খেলিমেলিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। নিৰ্বাচন আয়োগ আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে ইভিএম খেলিমেলি কৰাৰ অভিযোগ তুলি তেওঁ সকীয়াই দিয়ে যে ভোটগণনা প্ৰক্ৰিয়া বা ইভিএমৰ সৈতে কোনো ধৰণৰ আপোচ কৰিলে তেওঁ “জীৱন-মৰণ”ৰ যুঁজ দিবলৈ সাজু আছে। এই ঘটনাক লৈ ৰাজ্যখনৰ নিৰ্বাচনী প্ৰেক্ষাপট পুনৰ উত্তপ্ত হৈ পৰিছে।
দক্ষিণ কলকাতাৰ সাখাওয়াত মেম’ৰিয়েল স্কুলত স্থাপন কৰা ভৱানীপুৰ বিধানসভা সমষ্টিৰ ষ্ট্ৰংৰুমত উপস্থিত হৈ বেনাৰ্জীয়ে নিশা কেইবাঘণ্টা সময় অতিবাহিত কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে চিচিটিভিৰ দৃশ্যত অস্বাভাৱিকতা প্ৰত্যক্ষ কৰা বুলি দাবী কৰাৰ লগতে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীয়ে তেওঁক প্ৰথম অৱস্থাত প্ৰৱেশত বাধা দিয়া বুলিও ক্ষোভ প্ৰকাশ কৰে। নিৰ্বাচন আয়োগে একপক্ষীয়ভাৱে কাম কৰা বুলি অভিযোগ কৰি তেওঁ দলীয় কৰ্মীসকলক দিনে-নিশাই পহৰা দিবলৈ আহ্বান জনায়।
আনহাতে, মমতা বেনাৰ্জীৰ এই কাৰ্য্যক বিজেপিয়ে তীব্ৰ সমালোচনা কৰি ইয়াক নিৰ্বাচনী “নাটক” আখ্যা দিছে। বিজেপিৰ মতে, মুখ্যমন্ত্ৰীগৰাকীৰ এই প্ৰতিক্ৰিয়াই প্ৰমাণ কৰে যে তৃণমূল কংগ্ৰেছে আগন্তুক ফলাফলক লৈ শংকিত হৈ পৰিছে আৰু এয়া তেওঁলোকৰ পৰাজয়ৰ পূৰ্বানুমানৰ এক স্পষ্ট ইংগিত। ইফালে, নিৰ্বাচন আয়োগেও তৃণমূলৰ সকলো অভিযোগ পোনচাটেই খণ্ডন কৰি স্পষ্ট কৰি দিছে যে ষ্ট্ৰংৰুমৰ সকলো ইভিএম সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছে আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা বাহাল ৰখা হৈছে।
- Advertisement -