দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা ভাৰতৰ পি ভি সিন্ধুৱে মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱালালামপুৰত অনুষ্ঠিত প্রতিযোগিতাৰ এখন ছেমি ফাইনেল খেলত তাৰকা খেলুৱৈগৰাকীয়ে বিশ্বৰ ২০ সংখ্যক স্থানৰ খেলুৱৈ থাইলেণ্ডৰ বুছানন অংবামৰুংফানৰ বিৰুদ্ধে প্ৰথমটো ছেটত ১৩-২১ ব্যৱধানত পৰাজিত হোৱাৰ বিপৰীতে পৰৱৰ্তী দুয়োটা ছেটত ২১-১৬ আৰু ২১-১২ ব্যৱধানত জয়লাভ কৰি চূড়ান্ত পৰ্য্যায়ত স্থান নিশ্চিত কৰে। কাইলৈ প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত পি ভি সিন্ধু চীনৰ ঝি য়ি ৱাঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ঝি য়ি ৱাঙে ছেমি ফাইনেলত য়ি মান ঝাঙক ২১-৯, ২১-১১ ব্যৱধানত পৰাস্ত কৰে।