গুৱাহাটীকে ধৰি ৰাজ্যৰ ভালেমান জিলাত নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ ফলত সোমবাৰে সন্ধিয়াৰে পৰা বিদ্যুৎ যোগান ব্যাহত হৈ আছে। কেইবাখনো জিলাৰ প্ৰশাসনে সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে মঙলবাৰে বিদ্যালয় বন্ধ ৰখাৰ কথা ঘোষণা কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সকলো জিলা দুর্যোগ ব্যৱস্থা প্ৰাধিকৰণক পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ আৰু প্ৰয়োজন সাপেক্ষে বিশেষকৈ ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, মানকাচৰ, বঙাইগাঁও আৰু বৰপেটা জিলাত ব্ৰহ্মপুত্ৰত নাও চলাচল নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। বৰাক উপত্যকাৰ বৰাক আৰু কুশিয়াৰা নৈতো নাও চলাচল নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰে ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলক সাজু কৰি ৰখা হৈছে আৰু নিয়ন্ত্ৰণ কক্ষসমূহ সক্ৰিয় কৰি তোলা বুলি জানিবলৈ দিছে।