▪️ গণতন্ত্ৰ ধ্বংস কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে

- Advertisement -
- Advertisement -
- Advertisement -

▪️ গণতন্ত্ৰ ধ্বংস কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে
▪️গুৱাহাটীত নিখিল ভাৰত কংগ্ৰেছৰ নেতা চৰণ সিং চাপ্ৰাৰ গুৰুতৰ অভিযোগ
▪️পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক নিন্দা, কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী

গুৱাহাটী, ২৩ এপ্ৰিলঃ অসমত গণতন্ত্ৰক হত্যা কৰাৰ অপচেষ্টা চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীসকলৰ ওপৰত পুলিচ বাহিনীক অত্যাচাৰ কৰিবলৈ মেলি দি ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। নিখিল ভাৰত কংগ্ৰেছৰ মিডিয়া আৰু কমিউনিকেশ্যন বিভাগৰ জ্যেষ্ঠ নেতা অসমৰ মিডিয়া বিভাগৰ তত্বাৱধায়কৰ দায়িত্বত থকা চৰণ সিং চাপ্ৰাই আজি এনেদৰে কয়। ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত বিজেপি দল আৰু চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি বিজেপি তিনিটা ‘জে’ৰ সমষ্টি বুলি কৈ এই সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় কয় যে এই দলটোৱে সমগ্ৰ দেশত ঝুথ, ঝুমলা আৰু জাগলাৰী শাসন চলাই আছে। অৰ্থাৎ মিথ্যাচাৰ, অপপ্ৰচাৰ আৰু ঠগ-প্ৰৱঞ্চনাৰে বিজেপি দলে কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ চলাই আহিছে। বিজেপিয়ে অসমত গণতন্ত্ৰক ভৰিৰে মোহাৰি ‘গাৰ বলেৰে শাসন’ চলোৱা বুলিও তেওঁ অভিযোগ কৰে৷ চাপ্ৰাই চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিৰোধীক দমন কৰিবলৈ আৰক্ষী বাহিনীক ব্যৱহাৰ কৰা হৈছে। যদি আৰক্ষীৰ লাঠিক ভোট লাভৰ বাবে ব্যৱহাৰ কৰা হয় তেন্তে গণতন্ত্ৰ ক’ত বুলি প্ৰশ্ন কৰি চাপ্ৰাই কয় যে বিজেপিয়ে অসমক এক ৰাজনৈতিক যুদ্ধক্ষেত্ৰলৈ পৰিণত কৰিছে৷ অসমত মুক্ত পৰিৱেশৰ পূৰ্বে ভয়ে বিৰাজ কৰিছে বুলি কৈ তেওঁ কেইবাটাও গোচৰৰ সন্মুখীন হোৱা মুখপাত্ৰ ৰীতম সিঙৰ প্ৰসংগ উল্লেখ কৰে৷

সাংসদ ৰকিবুল হুছেইনকে ধৰি কংগ্ৰেছ নেতাসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি কৈ ৰকিবুল হুছেইনৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ কথাও উল্লেখ কৰে নেতাগৰাকীয়ে। এয়া কেৱল হাৰাশাস্তি নহয়, এয়া বিৰোধীৰ কণ্ঠস্বৰ ৰোধ কৰাৰ এক অপপ্ৰয়াস বুলিও কয় চাপ্ৰাই। চৰণ সিং চাপ্ৰাই বিজেপিৰ ভুৱা প্ৰচাৰৰ কথা উল্লেখ কৰি সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ চৰিত্ৰহনন কৰিব খোজা বুলি কৈ মুখ্যমন্ত্ৰীৰ এনে আচৰণক গৰিহণা দিয়ে৷ এনে কাৰ্যত শাসকীয় দলৰ হতাশা প্ৰতিফলিত হৈছে বুলিও তেওঁ কয়। তেওঁ সংবাদ মাধ্যমৰ স্বাধীনতাক লৈ উদ্বেগ প্ৰকাশ কৰি অভিযোগ কৰে যে অসমত বিজেপি নেতৃত্বাধীন চৰকাৰৰ সমালোচনা কৰা সাংবাদিকসকলক ভাবুকি দিয়া হৈছে আৰু শাস্তি দিয়া হৈছে। যিসকলে সত্য উন্মোচন কৰে তেওঁলোকক বিভিন্ন উপায়েৰে ভয়-ভাবুকি দি মুখ বন্ধ কৰি ৰখা হৈছে। ৰাইজে এনে ভয়ৰ পৰিৱেশ ওফৰাবলৈ সাজু হৈছে বুলি উল্লেখ কৰি বিজেপি দল আৰু চৰকাৰৰ সাহস থাকিলে আৰক্ষীৰ লাঠিৰ পৰিৱৰ্তে অসমত ভোটাৰক সিদ্ধান্ত লোৱাৰ সুযোগ দিবলৈ প্ৰত্যাহ্বান জনায়। তেওঁ নাগৰিকসকলক ভয়-ভীতিৰ সন্মুখীন নহৈ গণতান্ত্ৰিক চেতনাৰে উদ্বুদ্ধ হ’বলৈকো আহ্বান জনায়। এই সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতাগৰাকীয়ে মঙলবাৰে কাশ্মীৰৰ পেহেলগামত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰতকৈয়ো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। তেওঁ উক্ত আক্ৰমণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলোকে ঐক্যভাৱে যুঁজ দিবলৈ আহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে সন্ত্ৰাসবাদ ৰোধ কৰাত মোদী চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলিও অভিযোগ কৰে। আজিৰ এই সংবাদমেলত এআইচিচিৰ মিডিয়া সমন্বয়ক হৰ্ষদ শৰ্মাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, জ্যেষ্ঠ কংগ্ৰেছ নেতা মেহদী আলম বৰা, গোপল শৰ্মা, নেত্ৰৰঞ্জন চৌধুৰী, মুখপাত্ৰ ৰূপা কলিতা, হেপ্পী গগৈ, মিডিয়া বিভাগৰ সম্পাদক ৰূপক দাসকে ধৰি কেবাগৰাকীও নেতা উপস্থিত থাকে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,268FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
clear sky
24.9 ° C
24.9 °
24.9 °
90%
1.3m/s
0%
Thu
36 °
Fri
34 °
Sat
30 °
Sun
31 °
Mon
25 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
ডি আৰ ডি অ’ৰ নতুন ড্ৰোন-মিছাইলৰ সফল পৰীক্ষা সম্পন্ন || #notun_somoy
02:04
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08

শেহতীয়া আপডেটঃ