● ৰাষ্ট্ৰসংঘ আৰু ভাৰতৰ ১১তম যোগ দিৱস
● এইবাৰৰ বিষয়বস্তুঃ ‘এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ’
● বিশাখাপট্টনমত যোগাসনৰ নেতৃত্ব দেশৰ প্ৰধানমন্ত্ৰীৰ
মানৱ স্বাস্থ্য আৰু পৃথিৱীৰ বহন ক্ষমতাৰ মাজৰ গুৰুত্বপূৰ্ণ সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি আজি বিশ্বই “এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ” শীৰ্ষক বিষয়বস্তুৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ উদযাপন কৰিছে। এই দিৱসত বিশ্বজুৰি প্ৰাচীন ভাৰতীয় পৰম্পৰাত শিপাই থকা এক কালজয়ী অনুশীলন যোগাভ্যাসক উদযাপন কৰা হয়।
উত্তৰ গোলাৰ্ধৰ বছৰৰ আটাইতকৈ দীঘলীয়া দিনটোত অৰ্থাৎ ২১ জুন, ২০১৫ তাৰিখে প্ৰথম যোগ দিৱস পালন কৰাৰ প্ৰতীকী তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল।বিশ্বজুৰি যোগাভ্যাসৰ এই ধাৰণাটো ২০১৪ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰস্তাৱ কৰিছিল, বিশ্বৰ ১৭৫ খন সদস্য ৰাষ্ট্ৰৰ পৰা সমৰ্থন লাভ কৰিছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে যোগাসন প্ৰসংগত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ দি যোগাভ্যাসক “ভাৰতৰ প্ৰাচীন পৰম্পৰাৰ এক অমূল্য উপহাৰ” বুলি অভিহিত কৰাৰ লগতে ই কেৱল ব্যায়াম নহয় বৰঞ্চ আত্ম, জগত আৰু প্ৰকৃতিৰ মাজত ঐক্য আৱিষ্কাৰ কৰাৰ এক মাধ্যম বুলি মন্তব্য প্ৰদান কৰিছিল।
ভাৰতত বিশাখাপট্টনমত ২০২৫ বৰ্ষৰ যোগ দিৱস আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰা হয়৷ য’ত প্ৰধানমন্ত্ৰী মোদীয়ে ২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূলীয় অঞ্চলত ৰাজহুৱা যোগাসন অধিবেশনৰ নেতৃত্ব দিয়ে। এই সমাৱেশত আনুমানিক তিনিৰ পৰা পাঁচ লাখ লোকে অংশগ্ৰহণ৷ ফলশ্ৰুতিত ই বিশ্বৰ অন্যতম বৃহৎ যোগাসন কাৰ্যসূচী হিচাপে পৰিগণিত হয়।
সংস্কৃত মূল ‘যুঁজ’ (একত্ৰিত কৰা) শব্দৰ ৰ পৰা উদ্ভৱ হোৱা যোগাভ্যাসে শাৰীৰিক যোগ্যতাক সুস্থ কৰি শ্বাস-প্ৰশ্বাস, মননশীলতা আৰু আধ্যাত্মিক সজাগতাক একত্ৰিত কৰে। সাম্প্ৰতিক বিশ্বৰ দ্ৰুতগতিত চলি থকা পৃথিৱীখনত মানসিক চাপৰ পৰা উপশম, আৱেগিক ভাৰসাম্য, আৰু মানসিক স্পষ্টতাৰ বাবে যোগাভ্যাসে আভ্যন্তৰীণ শক্তি আগবঢ়ায়।











