প্ৰিয় পাঠকসকল, তিতা কেৰেলাৰ বিষয়ে লিখিবলৈ লৈয়ে মোৰ এটি যোজনা মনত পৰিছে– ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি! কথাটোৰ সত্যতা নুই কৰিব নোৱাৰি৷ আৰু এটা কথা মনলৈ আহিছে৷ আজিৰ পৰা ৮ বছৰমান আগতে সংযুক্ত আৰব আমিৰেটছৰ আবুধাবিৰ আল-আহালিয়া হাস্পতালত কামত যোগদান কৰিছোঁ, নিজৰ ৰন্ধা-বঢ়াৰ যা-যোগাৰ আৰম্ভ কৰা নাই৷ মধ্যাহ্ন বিৰতিৰ সময়ত এখন ভাৰতীয় ৰেস্তোৰাঁত খাবলৈ সোমালোঁ৷ নিৰামিষ বিশেষ কিবা আছেনেকি সোধাত কাষলৈ অহা কৰ্মচাৰীজনে ক’লে– আজি কেৰেলাৰ স্পেচিয়েল তৰকাৰী আছে৷ মই খাবলৈ বহি দেখিলোঁ কেৰেলা- বিলাহীৰ জুলীয়া ভাজি৷ আদা, নহৰু, পিঁয়াজ আৰু নৰসিংহৰ পাত দি বনোৱা হৈছিল৷ কেৰেলাৰ মই শুকান চৰ্চৰীয়েই ভালপাওঁ৷ তথাপিও সেইদিনা মই এক ভিন্ন স্বাদৰ জুতি ল’লোঁ৷ সেইদিনা পুনৰাই গম পালোঁ দক্ষিণ ভাৰতীয় লোকসকলৰ মানত কেৰেলা এবিধ সম্ভ্ৰান্ত পাচলি৷ বনস্পতিবিদৰ মতে কেৰেলা হ’ল তিঁয়হ, চিৰাল, তৰমুজ, স্কোৱাচ আদি পাচলিৰ সৈতে একেটা পৰিয়ালৰ [Cucurbitaceae family]৷ ইয়াৰ বৈজ্ঞানিক নাম হ’ল– Momordica charamtia৷ বৰ্তমান জনামতে বিশ্বত তিতা কেৰেলাৰ ১২ টাৰো অধিক প্ৰজাতি আছে৷ ভিন্ন ভিন্ন প্ৰজাতিৰ গছৰ আৰু ফলৰ আকৃতি, ৰং, ৰূপ আৰু আকাৰৰ কিছু তাৰতম্য দেখা যায়৷
ভাৰতবৰ্ষত আজিৰে পৰা ৩০০০ বছৰ পূৰ্বৰে পৰা আৰু চীন দেশত ১৪ শতিকাৰ পৰা আয়ুৰ্বেদিক আৰু পৰম্পৰাগত চিকিৎসাত কেৰেলাৰ ব্যৱহাৰ চলি আহিছে বুলি জনা যায়৷ স্বাস্থ্যবৰ্ধক টনিক, বহুমূত্ৰ, পাকস্থলীৰ বিকাৰৰ চিকিৎসা আৰু পুৰণি কাহৰ ঔষধ হিচাপে ইয়াৰ প্ৰয়োগ চলি আহিছে৷ টাৰ্কি দেশতো প্ৰচীনকালৰ পৰা নানাবিধ ৰোগৰ ঘৰুৱা চিকিৎসাত কেৰেলাৰ প্ৰয়োগ কৰা হয় বুলি জনা গৈছে৷ কেৰেলাৰ প্ৰথম উৎপত্তিস্থল ভাৰতবৰ্ষকে ধৰি দক্ষিণ-পূব এছিয়া বুলি জনা যায়৷ চীনদেশলৈ কেৰেলাৰ সঁচ ভাৰতৰ পৰা যায়৷ কিন্তু আজিৰ দিনত চীনদেশৰ কেৰেলা আৰু ভাৰতীয় কেৰেলাৰ মাজত দেখাত কিছু পাৰ্থক্য আছে৷ বৰ্তমান দক্ষিণ-পূব এছিয়াৰ বাংলাদেশ, নেপাল, পাকিস্তান, শ্ৰীলংকা, থাইলেণ্ড, ভিয়েটনাম, ইণ্ডোনেছিয়া ,ফিলিপাইনছ আদি দেশৰ উপৰি দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু কেৰিবিয়ান দীপপুঞ্জত কেৰেলা অনায়াসে উপলব্ধ৷
~ সেউজ বা সামান্য হালধিবুলীয়া পাতৰ আকৃতি ঢালৰ দৰে৷ সাধাৰণতে ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহত গছত ফুল ধৰে৷ ~
♦ আন আন ভাষাত কেৰেলা কি কি নামেৰে পৰিচিত?
ইংৰাজীত Bitter gourd, Bitter melon, Bitter squash, Balsom pear, Horned melon আদি নামেৰে পৰিচিত৷ তিতে কৰেলা [নেপাল], কগুৱা [চীন], আমপালায়া [ফিলিপাইনছ], কাৰাভিলা [শ্ৰীলংকা], খো কোৱা [ভিয়েটনাম], মাৰগুজ [মৰিছাছ], নিগাউৰি আৰু কিৱানো [জাপান], ছেইণ্ট কাজেটানছ মেলন [ব্ৰাজিল], চিৰাচী [জামাইকা], টংগন [পূব আফ্ৰিকা], বিটাৰ ৱাইল্ড কুকুম্বাৰ [দক্ষিণ আফ্ৰিকা], হৰ্ণ গুৰ্কে [জাৰ্মানী], মেলানো [ইজৰাইল], কিৱানো [ইটালি, ফ্ৰান্স, স্পেইন, পৰ্টুগাল] নামেৰে বিশ্বৰ বিভিন্ন দেশত জনা যায়৷ আকৌ ভাৰতীয় ভাষাত এইদৰে মাতে– পাভাক্কা আৰু কাইপাক্কা [মালায়ালম], হাগালা আৰু হাগালকাই [কানাড়া], পাভাক্কাই আৰু পাকাল [তামিল], কাৰাক্কায়ী [তেলেগু], উচ্ছে আৰু কৰেল [বাংলা], কৰলে [মাৰাঠী], কাৰাথেন [মাৰাঠী], কৰেলি [উৰ্দু], কৰেলা [হিন্দী, পাঞ্জাবী, গুজৰাটী আৰু কাশ্মিৰী] ভাষাত৷
♦ গছৰ চমু বৰ্ণনাঃ
কেৰেলা হ’ল এবিধ লতাজাতীয় উদ্ভিদ৷ দীঘলে ১৬ ফুট পৰ্যন্ত হয়৷ লতাজোপাৰ শিপাই বহলকৈ পোখা মেলি মাটিৰ গভীৰলৈ সোমাই যায়৷ গা-গছ কোমল আৰু নোমাল, শাখা-প্ৰশাখা মেলি নিজৰ পৰিসৰ বৃদ্ধি কৰে৷ জেং, চাং বা আন তেনে মাধ্যমত ক্ষিপ্ৰ গতিৰে লতাজোপা বাঢ়ে৷ সেউজ বা সামান্য হালধিবুলীয়া পাতৰ আকৃতি ঢালৰ দৰে৷ সাধাৰণতে ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহত গছত ফুল ধৰে৷
একেজোপা লতাতে মতা আৰু স্ত্ৰী পুষ্প ফুলে৷ দুয়োকোণ জোঙা মূলাৰ আকৃতিৰ ফল বাহিৰত দেখাত কাঁইটীয়া বা খহুলা৷ বৰণ আৰু আকাৰ প্ৰজাতিভেদে কিছু ভিন্ন ভিন্ন হয়৷ ফল গছতে পকিলে হালধীয়া-ৰঙচুৱা বৰণৰ হয় আৰু ইয়াত ফাট মেলে৷ কেৰেলা গুটিৰে ফলৰ মধ্যভাগ ভৰি থাকে৷ গুটি ডাঙৰ আৰু চেপেতা বগা-হালধীয়া বৰণৰ হয়৷ গুটিও ঔষধ বনোৱাত ব্যৱহৃত হয়৷
♦ লতাজোপাৰ কি কি অংশ, কি দৰে ব্যৱহাৰ হয় ?
কেৰেলাৰ ফল আৰু কোমল পাত ভাজি খায়৷ ইয়াৰ স্বাদ তিতা হ’লেও স্বাস্থ্যৰ উপকাৰী গুণবোৰ কিমান মিঠা সেয়া পাঠকে এই নিবন্ধৰ মাধ্যমেৰে জানিব পাৰিব৷ তিতা কেৰেলাৰ পিচা ৰস বহুতে পুৱা খালি পেটত বহুমূত্ৰ বা ওজন কমাবলৈ খায়৷ কেৰেলা আৰু আলুক সিদ্ধ কৰি পিঁয়াজ, জলকীয়া, মিঠাতেল দি পিতিকি খাব পাৰি৷ কেৰেলাৰ শুকান চৰ্চৰী ভাজিৰ উপৰি বেচনৰ প্ৰলেপ দি ভাজি খাব পাৰি৷ চীন দেশত কেৰেলাক হাৰ্বেল চাহৰ দৰে বনাই খায়৷ জাপান আৰু চীনত বিয়েৰত স্বাদৰ বাবে তিতা কেৰেলা মিহলোৱা হয় ৷ পূব এছিয়াৰ কিছুমান দেশত শুকোৱা কেৰেলাৰ গুড়ি বৰফ মিহলোৱা গাখীৰত পৰিবেশন কৰা হয়৷ ভিয়েটনামত শুকান মাংসৰ সৈতে; শ্ৰীলংকাত নাৰিকলৰ টুকুৰা; ফিলিপাইনছত কণী, বিলাহীৰ সৈতে; ইণ্ডোনেছিয়াত গাহৰিৰ মাংস আৰু পাকিস্তানত গো মাংস মিহলাই কেৰেলাৰ ব্যঞ্জন বনোৱা হয়৷ দক্ষিণ ভাৰতৰ বহু ঠাইত দৈ আৰু আপেল, কল, পকা অমিতা আদি মিঠা ফলৰ সৈতে তিতা কেৰেলা একেলগ কৰি চালাডৰূপে পৰিবেশন কৰে৷ তিতা কেৰেলাৰ শিপাও ঔষধি গুণযুক্ত৷
কবি, গাজৰ বা ওলকচুৰ দৰে তিতা কেৰেলাৰো আচাৰ বনাব পাৰি৷ কেৰেলাৰ আচাৰ বোলোঁতে আশীৰ দশকত ভীষণ জনপ্ৰিয় হোৱা ইন্দ্ৰ বনিয়াৰ কৌতুক আবৃত্তি ‘তিতা কৰেলাৰ মিঠা আচাৰ’ আজিও মোৰ কাণত বাজি আছে৷
♦ কেৰেলাৰ তিতা স্বাদ কমোৱাৰ উপায়ঃ
১৷ কেৰেলা সৰু সৰুকৈ কাটি পানীত কমেও আধা ঘণ্টা সময় ভিজাই থব৷ কিছু নিমখো সেই পানীত মিহলাই দিব পাৰে৷ পিছত পানীখিনি পেলাই দিব৷
২৷ সৰু সৰুকৈ কটা কেৰেলাৰ টুকুৰা ৰ’দত কিছুপৰ শুকুৱাই বনালে তিতা স্বাদ হ্ৰাস পায়৷
৩৷ বনোৱাৰ আগতে কেৰেলা কিছুপৰ সিদ্ধ কৰি পানীৰ পৰা তুলি ল’ব৷
কি কি লাগতিয়াল তত্ত্ব কেৰেলাত অন্তৰ্নিহিত থাকে?
তিতা কেৰেলা হ’ল এনে এবিধ সেউজ পাচলি য’ত কেল’ৰি কম অথচ ভিটামিন [বি-১, বি-২, বি-৩, বি-৫, বি-৬, বি-৯, ভিটামিন-চি, ভিটামিন-ই, ভিটামিন-কে] আৰু খনিজ [মেগনেছিয়াম, মেংগানিজ, জিংক, ছেলেনিয়াম, কেলচিয়াম, ফছফৰাছ, আইৰণ, কপাৰ], ফাইটো নিউট্ৰিয়েণ্ট [বিটা-কেৰ’টিন, আলফা-কেৰ’টিন আৰু লিউচিন-জিয়াঝেনথিন], ইলেকট্ৰ’লাইট [পটেছিয়াম আৰু ছ’ডিয়াম], অঘোলনশীল ডায়টেৰী ফাইবাৰ থাকে৷ প্ৰতি ১০০ গ্ৰাম কেৰেলাত উৰ্জা থাকে ১৭ কিলো কেল’ৰি, কাৰ্বোহাইড্ৰেট ৩.৭ গ্ৰাম, প্ৰ’টিন ১ গ্ৰাম, চৰ্বি ১৭০ মিলিগ্ৰাম, ডায়টেৰী ফাইবাৰ ২.৮ গ্ৰাম থাকে৷ পানীৰ পৰিমাণ হ’ল ৯৪ গ্ৰাম৷
♦ গৱেষণাগাৰত কি কি তথ্য পোৱা গৈছে?
বিশ্ব স্বাস্থ্য সংস্থা আৰু বিভিন্ন দেশ-বিদেশৰ বিশ্ববিদ্যালয়ত বহু বছৰৰ পৰা তিতা কেৰেলাৰ ওপৰত নানান গৱেষণা চলি আহিছে৷ ঘাইকৈ বহুমূত্ৰ আৰু কেন্সাৰৰ ওপৰত তিতা কেৰেলাৰ প্ৰভাৱ, এই দুটা দিশত বিভিন্ন তত্ত্বগধুৰ প্ৰবন্ধ অন্তঃৰাষ্ট্ৰীয় আলোচনীত সময়ে সময়ে প্ৰকাশিত হৈছে৷ আমৰিকাৰ ছেণ্ট লুইচ বিশ্ববিদ্যালয়ে বক্ষৰ কৰ্কট ৰোগৰ নিৰাময় আৰু প্ৰতিৰোধত তিতা কেৰেলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি দাবী কৰিছে৷ শেহতীয়াকৈ এই বছৰৰ পৰাই শ্ৰীলংকাৰ পেৰাডেনিয়া বিশ্ববিদ্যালয়ে কেৰেলাৰ গুটিয়ে কেন্সাৰ কোষ বিনষ্ট কৰিবলৈ সক্ষম বুলি দাবী কৰিছে আৰু কেণ্ডি জেনেৰেল হাস্পতালত ইয়াৰ প্ৰয়োগ আৰম্ভ কৰিছে৷
Journel of Endopharmacology -ৰ জানুৱাৰী, ২০১১ চনত প্ৰকাশিত তথ্যমতে তিতা কেৰেলা দৈনিক ২ গ্ৰাম খালে ১গ্ৰাম মেটফৰ্মিনৰ প্ৰায় সমপৰিমাণৰ তেজৰ ছুগাৰ নিয়ন্ত্ৰণ হোৱা পৰিলক্ষিত হয়৷ তিতা কেৰেলাত থকা লেক্টিন নামৰ প্ৰ’টিনে তেজত থকা ছুগাৰৰ পৰিমাণ কমোৱাত ইনছুলিনৰ দৰে কাম কৰে৷
♦ তিতা কেৰেলাৰ সীমাহীন আৰু গুৰুত্বপূৰ্ণ উপযোগিতাঃ
১৷ ডায়েবেটিছ বা বহুমূত্ৰ ৰোগৰ চিকিৎসাত কি দৰে কাম কৰে জানক– তিতা কেৰেলাত থকা পলিপেপ্টাইড-পি নামৰ ফাইটোনিউট্ৰিয়েণ্টে তেজৰ ছুগাৰ হ্ৰাস কৰে৷ তিতা কেৰেলাত থকা ‘চাৰটিন’ আৰু এবিধ লেক্টিনেও তেজৰ ছুগাৰ কমায়৷
২৷ তিতা কেৰেলাত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন-বি গোটেই শৰীৰৰ বাবে বিপজ্জনক ফ্ৰী-ৰেডিকেল হ্ৰাস কৰে আৰু ফলত দেহত বয়সৰ চাপ কমকৈ পৰে আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰে৷ কেৰেলাৰ নিয়মীয়া সেৱনে প্ৰষ্টেট, বক্ষ, জৰায়ু আদিৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে৷
৩৷ তেজৰ অপকাৰী কলেষ্ট’ৰেল কমাই শৰীৰক হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে৷
৪৷ তিতা কেৰেলাত থকা MAP-৩০ নামৰ এণ্টিভাইৰেল প্ৰ’টিনে এইচ আই ভিৰ পৰা শৰীৰক সুৰক্ষা দিয়ে৷
৫৷ চৰ্মৰোগ ছ’ৰিয়াছিছ আৰু একজিমাত তিতা কেৰেলা পিচি লগালে উপকৃত হয়৷
৬৷ সামান্য জালুকৰ সৈতে তিতা কেৰেলা মিহলাই খুৱালে বমি বন্ধ হয়৷
৭৷ ভিটামিন-কে থকা বাবে তেজ গোট মৰা সঠিকভাৱে হয় আৰু হাঁড় মজবুত হয়৷
৮৷ চুলি অকালতে পকা ৰোধ কৰে৷ তিতা কেৰেলা পিচি মূৰত লগালে উফিৰ বিনাশ হয় আৰু চুলিসৰা বন্ধ হয়৷
৯৷ মস্তিষ্কৰ ক্ৰিয়াৰ উন্নতি ঘটায়৷ নিদ্ৰা আৰু দৃষ্টিশক্তিৰ উন্নতি কৰে৷
১০৷ দূষিত তেজ আঁতৰাই বাতবিষৰ উপশম ঘটায় ৷
১১৷ হজম শক্তি বঢ়ায় আৰু শৌচ খোলোচা কৰে৷
১২৷ কৃমি-পেলুৰ বিনাশ কৰে৷
১৩৷ এলাৰ্জি আৰু সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে ৷
১৪৷ চকুৰ চৌদিশৰ ক’লা দাগ আঁতৰোৱাত সহায়ক৷
১৫৷ ঘা শুকোৱাত সহায়ক৷
১৬৷ ছাল উজ্জ্বল আৰু মিহি কৰে৷
১৭৷ প্ৰস্বাবৰ প্ৰবাহ নিয়মীয়া কৰে৷
১৮৷ মদৰ নিচা ভাঙিবলৈ তিতা কেৰেলাৰ ৰস ব্যৱহাৰ কৰিব পাৰি৷
১৯৷ মেদবহুলতা কমাবলৈ তিতা কেৰেলা সহায়ক৷
২০৷ কিডনিৰ পাথৰ নিষ্কাশনত উপযোগী৷
২১৷ অনিয়মীয়া মাহেকীয়া ভাল কৰে৷
২২৷ কেইটিমান অধ্যয়নমতে সপ্তাহত নিয়মিত ২য৩ সাঁজ তিতা কেৰেলা খালে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণৰ দিশে আগবাঢ়ে৷
২৩৷ কেঁচুমূৰীয়া বা পাইলছৰ অসুখত তিতা কেৰেলাৰ শিপা পিচি তাৰ প্ৰলেপ লগাব লাগে৷ বাটাৰ মি{¨ৰ সৈতে মিহলাই তিতা কেৰেলা নাইবা ইয়াৰ পাতৰ ৰস কিছুদিন পুৱা খালেও পাইলছৰ অসুখৰ উপশম ঘটে৷
২৪৷ কলেৰা ৰোগৰ প্ৰাথমিক পৰ্যায়ত তিতা কেৰেলাৰ কোমল পাত বগা পিঁয়াজৰ সৈতে খুৱালে সুফল পোৱা যায় ৷
২৫৷ তিতা কেৰেলা পেংক্ৰিয়াছৰ ক্ৰিয়াৰ সহায়ক সিদ্ধ হৈছে– ইয়াৰ ফলত ইনছুলিন ওলোৱাত সহায় হয় আৰু ডায়েবেটিছ নিয়ন্ত্ৰণলৈ আহে৷
২৬৷ শালমন নিৰ্মূল কৰিবলৈ তিতা কেৰেলা পিচি লগাব লাগে৷
২৭৷ তিতা কেৰেলাই লিভাৰৰ টনিকৰ দৰে কাম কৰে৷ আভোক আঁতৰায়৷
২৮৷ কাণৰ বিষত ৩ দিনমান তিতা কেৰেলাৰ ৰস ঢালিলে আৰোগ্য হয় ৷
২৯৷ তিতা কেৰেলাই সূৰ্যৰ ক্ষতিকাৰক আলট্ৰাভায়’লেট ৰশ্মিৰ পৰা শৰীৰক সুৰক্ষা দিয়ে৷ প্ৰখৰ ৰ’দত ছাল দহি গ’লে তিতা কেৰেলা পিচি লগালে শীঘ্ৰে আৰাম পাব৷
৩০৷ সৰু আই, মিজলচ আদি ভাইৰেল অসুখত তিতা কেৰেলা লাগতিয়াল আৰু উপযোগী পথ্য৷
৩১৷ তিতা কেৰেলাই ইয়াত থকা এণ্টিঅক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্ট আৰু ভিটামিনৰ সহায়ত আমাৰ শৰীৰৰ ইমিউনিটি বঢ়ায় অৰ্থাৎ ৰোগ প্ৰতিৰোধত সহায় কৰে৷
♦ সতৰ্কবাণীঃ
◊ গৰ্ভৱতী মহিলাই বেছিকৈ খালে গৰ্ভপাত হ’ব পাৰে৷
◊ আন মানুহৰো জোখতকৈ বেছি খালে ডায়েৰিয়া, জ্বৰ, বমি, পেটৰ বিষ হ’ব পাৰে৷
◊ ডায়েটিছৰ ৰোগীয়ে ছুগাৰ কমোৱা দৰবৰ সৈতে জোখতকৈ বেছি তিতা কেৰেলা খালে হাইপোগ্লাইছেমিয়া হ’ব পাৰে৷
হ্লv জন্মগত জি-৬পি ডি ডেফেচিয়েন্সি ৰোগ থকা লোকে, লিভাৰৰ গুৰুতৰ ৰোগ থকা লোকে তিতা কেৰেলা নাখাব৷
◊ কদাচিত হৃদগতি অনিয়মীয়া কৰিব পাৰে বুলি ২০১০ চনৰ ‘এনেলছ অব্ ছৌডি মেডিচিন’ জাৰ্ণেলত প্ৰকাশিত হৈছে৷
◊ বিষহাৰক ঔষধ [যেনে নেপ্ৰ’ন, মেলস্কিকাম, ট্ৰমাডল] আৰু ডায়েবেটিছৰ দৰব খাই থকাসকলে তিতা কেৰেলাৰ সেৱন সতৰ্কতাৰে কৰিব৷
◊ দৈনিক দুটাৰ বেছি তিতা কেৰেলা নোখোৱাটো বাঞ্ছনীয়৷
(লেখাটি মাহেকীয়া আলোচনী ‘নতুন সময়’ৰ ২০১৭ বৰ্ষৰ আগষ্ট মাহত প্ৰকাশিত)
লেখকৰ ঠিকনাঃ ডোহা, কাটাৰ
ই-মেইলঃ drbksaikia@gmail.com
ফোনঃ ৯৭৪৩৩৭৩৮৭২২