পৰ্যটকৰ বাবে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্কঃ

কেইবামাহো বন্ধ হৈ থকাৰ পাছত আজি আনুষ্ঠানিকভাৱে দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)। মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ পাছতেই এটা নতুন পৰ্যটন বৰ্ষৰ বাবে সাজু হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীদ্বয় অতুল বৰা আৰু কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে আন বিভিন্ন জনৰ উপস্থিতিত ৰাষ্ট্ৰীয় উদ্যানখন ২০২৪-২০২৫ পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। প্ৰতি বছৰে হাজাৰ হাজাৰ দৰ্শনাৰ্থীক আকৰ্ষণ কৰা, চহকী জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ কাজিৰঙাই অসমৰ পৰ্যটন উদ্যোগত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী আৰু বিদেশী পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। ৰাষ্ট্ৰীয় উদ্যানখনত যোৱা কেইবছৰমানৰ পৰা দৰ্শনাৰ্থীৰ সংখ্যা আছিল এনে ধৰণৰ –

২০১৯-২০২০ বৰ্ষত বিশ্বব্যাপী ক’ভিড-১৯ মহামাৰীৰ বাবে কাজিৰঙালৈ অহা দৰ্শনাৰ্থীৰ সংখ্যা হ্ৰাস পায়। এই বৰ্ষত অহা দৰ্শনাৰ্থীৰ সংখ্যা আছিল মাত্ৰ ১,৪২,৮৫৯ জন। ঠিক একেদৰে ২০২০-২০২১ চনত উদ্যানখনলৈ আহে ১,৬৭,৬৪৪ গৰাকী দৰ্শনাৰ্থী। ২০২১-২০২২ বৰ্ষত এই সংখ্যা ২,৭৫,০০০ গৰাকীলৈ বৃদ্ধি পায়। কভিড -১৯ সংক্ৰান্তীয় নিষেধাজ্ঞাসমূহ শিথিল হোৱাৰ লগে লগে ২০২২-২০২৩ বৰ্ষত উদ্যানখনলৈ প্ৰায় ৩,১৪,৭৯৬ গৰাকী দৰ্শনাৰ্থীৰ আগমন ঘটে। যাৰ ফলত চৰকাৰৰ পৰ্যটন বিভাগে ৮৩,৩৮৫,৩৮৩ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। ২০২৩ – ২০২৪ বৰ্ষত কাজিৰঙাই সৰ্বকালৰ অভিলেখ ভংগ কৰি ৰাষ্ট্ৰীয় উদ্যান খনৰ ৫০ বছৰীয়া ইতিহাসত সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এই পৰ্যটন বৰ্ষত কাজিৰঙা ভ্ৰমণ কৰা মুঠ পৰ্যটকৰ সংখ্যা আছিল ৩,২৭,৪৯৩ গৰাকী।ইয়াৰে ১৩,৯১৯ গৰাকী আছিল বিদেশী পৰ্যটক। উদ্যান কৰ্তৃপক্ষই এই পৰ্যটন বৰ্ষত পৰ্যটকৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ আছিল প্ৰায় ৮,৮১,৮৪,১৬১ টকা।

কাজিৰঙা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু চহকী জৈৱ বৈচিত্ৰ্যৰ হটস্পট। এই উদ্যানখন বিখ্যাত এশিঙীয়া গঁড়, ঢেকীয়াপতীয়া বাঘ, এছীয় হাতী, দল হৰিণ, বনৰীয়া মহকে ধৰি প্ৰায় ৩৫ টা প্ৰজাতিৰ ভিন্ন স্তন্যপায়ী প্ৰাণী, ৪৭৯ টা প্ৰজাতিৰ ভিন ভিন চৰাই, ৪২ টা প্ৰজাতিৰ সৰীসৃপ, ৫০০ ৰো অধিক প্ৰজাতিৰ অৰ্কিডৰ উপৰিও ৯০০ ৰো অধিক প্ৰজাতিৰ উদ্ভিদ দেখিবলৈ পোৱা যায়।

এনে ধৰণৰ জৈৱ বৈচিত্ৰ্যৰ সমাহাৰে কাজিৰঙাক কেৱল এটা মূল পৰিৱেশ মণ্ডলেই নহয়, বন্যপ্ৰাণী সংৰক্ষণৰ বাবেও এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ কৰি তুলিছে।

অসমৰ পৰ্যটন অৰ্থনীতিৰ লগতে স্থানীয় অৰ্থনীতিৰ বিটাশত এই উদ্যানখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। স্থানীয় লোকসকলক পৰ্যটন, আতিথ্য, আৰু পথ প্ৰদৰ্শক সেৱাৰ ৰূপত নিয়োগৰ সুযোগ প্ৰদান কৰে। ২০২৪-২০২৫ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰ দৰ্শনাৰ্থীসকলৰ বাবে মুকলি কৰাৰ লগে লগে ই অসমৰ পৰ্যটন অৰ্থনীতিৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনি ৰাজ্যখনৰ ৰাজহত যথেষ্ট অৰিহণা যোগাব ।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
24.8 ° C
24.8 °
24.8 °
87%
1.9m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ