28.4 C
Guwahati
Thursday, April 17, 2025

Buy now

কাব্য চেতনা কবিৰ একচেতীয়া সম্পত্তি নহয়

- Advertisement -
- Advertisement -
- Advertisement -

তেজপুৰৰ পৰা দীপ শ‌ইকীয়া, নতুন সময়

# কাব্য চেতনা কবিৰ একচেতীয়া সম্পত্তি নহয়
# সাহিত্য সৃষ্টি কোনো ট্ৰেণ্ডিঙৰ বিষয় নহয়
# ‘লামবাদা নৃত্যৰ শেষত’ লিখি জনপ্ৰিয় হোৱা মৌচুমী কন্দলী
# ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত অসম প্ৰকাশন পৰিষদৰ সৃজনীশীল সাহিত্য বিষয়ক আলোচনা সত্ৰ সম্পন্ন৷

“জনপ্ৰিয় সংস্কৃতিয়ে সকলো গ্ৰাস কৰিছে ।ক’ৰবাত গভীৰতাৰ সৈতে আমি আপোচ কৰিবলগীয়া হৈছে।” এই তাৎপৰ্যপূৰ্ণ মন্তব্য তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড° মৌচুমী কন্দলীৰ ৷
ৰাজ্যখনৰ উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভাষা-সাহিত্য চৰ্চাৰ পৰিৱেশক অধিক গতিশীল আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদে হাতত লোৱা কাৰ্যসূচী অনুসৰি সোমবাৰে সৃজনীশীল সাহিত্যৰ বিষয়ে আলোচনা সত্ৰ অনুষ্ঠিত হয় ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত ৷

প্ৰকাশ সাহিত্য গোট, লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই সত্ৰত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, বিশিষ্ট সমালোচক ড° লিপিকা তালুকদাৰ, তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক, বিশিষ্ট সাহিত্যিক, কলা সমালোচক ড° মৌচুমী কন্দলি আৰু “এবিলাক”ৰ সহযোগী অধ্যাপক, বিশিষ্ট লেখক ড° ভাস্কৰজ্যোতি শৰ্মাই ৷ ইয়াত গল্প-উপন্যাসৰ নব্য ধাৰা বিষয়ত বক্তব্য আগবঢ়ায় ড° লিপিকা তালুকদাৰে ৷ তেওঁ সাম্প্ৰতিক অসমীয়া, ভাৰতীয় আৰু বিশ্বৰ বিভিন্ন ভাষাৰ কথা-শিল্পত প্ৰতিফলিত নতুন সম্পৰীক্ষাৰ বিষয়ে বিশ্লেষণ আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলক সাহিত্যৰ নব্য চিন্তা ধাৰাৰ সৈতে পৰিচিত হোৱাৰ বাবে অধ্যয়নশীল হ’বলৈ কয় ৷ সৃজনীশীল সাহিত্যত শিল্পকলা আৰু কাব্য চেতনাৰ বিষয়ে বক্তব্য প্ৰদান কৰে ড° মৌচুমী কন্দলিয়ে ৷ তেওঁ কয় যে কাব্য চেতনা কেৱল কবিৰ একচেতীয়া সম্পত্তি নহয়,সাহিত্য সৃষ্টি ট্ৰেনডিং নহয় ৷ এজন কথা-শিল্পী, নিবন্ধকাৰ আৰু পাঠকৰো কাব্য চেতনা থাকে ৷ নিটোল কাব্য চেতনা আৰু শিল্প কলাৰ প্ৰভাৱে সৃজনীশীল সাহিত্যক সমৃদ্ধিশালী কৰে ৷ শিল্পকৰ্মতো সাহিত্যৰ ভাষা থাকে ৷ অনুষ্ঠানত সৃষ্টিশীল সাহিত্যত ভাষাৰ প্ৰয়োগৰ বিষয়ে ভাষণ আগবঢ়ায় ড° ভাস্কৰজ্যোতি শৰ্মাই ৷

কবি-লেখক নৱজ্যোতি পাঠকে পৰিচালনা কৰা এই অনুষ্ঠান উদ্বোধন কৰে লোকপ্ৰিয় অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শুকদেৱ অধিকাৰীয়ে ৷ শলাগৰ শৰাই আগবঢ়ায় মহাবিদ্যালয়খনৰ বাংলা বিভাগৰ অধ্যাপক ড° কান্তৰভূষণ নন্দীয়ে ৷ মহাবিদ্যালয়খনৰ অধ্যাপক ড° হৰিপ্ৰসাদ বৰুৱা, ড° অৰিন্দম কুমাৰ ডেকা, ড° জ্যোৎস্না বৰুৱা, ড° তোলন মুছাহাৰী, বিকাশ বৰুৱা, স্নিগ্ধা সেন, পম্পী ডেকা আদিৰ লগতে ভাষা-সাহিত্যৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে ৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

10,492FansLike
0FollowersFollow
22,300SubscribersSubscribe
- Advertisement -
Assam
few clouds
31.5 ° C
31.5 °
31.5 °
42 %
7.4kmh
15 %
Thu
30 °
Fri
33 °
Sat
36 °
Sun
37 °
Mon
34 °
Click & Play Now YouTube- ভিডিঅ’
শূন্য ভূমিহীন, শূন্য গৃহহীন ৰাজ্য কেৰালা || #notun_somoy
10:38
Video thumbnail
শূন্য ভূমিহীন, শূন্য গৃহহীন ৰাজ্য কেৰালা || #notun_somoy
10:38
Video thumbnail
ভগৱান মহাবীৰ জয়ন্তী আৰু বিশ্ব নমোকাৰ মহামন্ত্ৰ দিৱস || #notun_somoy
01:08
Video thumbnail
•অশ্বিনী গগৈৰ সৈতে ‘ইতিহাসৰ পাত লুটীয়াই’ •খণ্ড-২০ || #notun_somoy
03:28
Video thumbnail
চৰকাৰে গুৰুত্ব নিদিয়া অসম চুক্তিৰ ৪০ বছৰ হ’ল || #notun_somoy
16:23
Video thumbnail
নাজিৰাৰ মেকিপুৰ চাহ বাগিচা কৰ্তৃপক্ষৰ অবিবেচক কাণ্ডৰ পৰিণতি || #notun_somoy
06:18
Video thumbnail
ডিমৌ উপ-সংমণ্ডলত প্ৰায় ১৫ লাখৰো অধিক টকাৰ বিত্তীয় কেলেংকাৰী || #notun_somoy
02:06
Video thumbnail
চৰকাৰে জৰিমনাৰ নামত মহানগৰৰ নাগৰিকৰ জেপৰ পৰা ১ বছৰতে নিলে ৩১ কোটি || #notun_somoy
02:21
Video thumbnail
ট্ৰ’লৰ ওচৰত হাৰ মনা ল’ৰা নহয় ৰিয়ান পৰাগ || #notun_somoy
02:21
Video thumbnail
আজি পৰ্যন্ত সন্ধান নোলাল শিৱসাগৰ জিলাৰ ডিমৌৰ বীণা কোঁৱৰ দিহিঙ্গীয়া || #notun_somoy
06:49
Video thumbnail
নাজিৰাৰ বামুণপুখুৰী চাহ বাগিছাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিকৰ প্ৰতিবাদ || #notun_somoy
03:27

শেহতীয়া আপডেটঃ