কাব্য চেতনা কবিৰ একচেতীয়া সম্পত্তি নহয়

- Advertisement -
- Advertisement -
- Advertisement -

তেজপুৰৰ পৰা দীপ শ‌ইকীয়া, নতুন সময়

# কাব্য চেতনা কবিৰ একচেতীয়া সম্পত্তি নহয়
# সাহিত্য সৃষ্টি কোনো ট্ৰেণ্ডিঙৰ বিষয় নহয়
# ‘লামবাদা নৃত্যৰ শেষত’ লিখি জনপ্ৰিয় হোৱা মৌচুমী কন্দলী
# ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত অসম প্ৰকাশন পৰিষদৰ সৃজনীশীল সাহিত্য বিষয়ক আলোচনা সত্ৰ সম্পন্ন৷

“জনপ্ৰিয় সংস্কৃতিয়ে সকলো গ্ৰাস কৰিছে ।ক’ৰবাত গভীৰতাৰ সৈতে আমি আপোচ কৰিবলগীয়া হৈছে।” এই তাৎপৰ্যপূৰ্ণ মন্তব্য তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড° মৌচুমী কন্দলীৰ ৷
ৰাজ্যখনৰ উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভাষা-সাহিত্য চৰ্চাৰ পৰিৱেশক অধিক গতিশীল আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদে হাতত লোৱা কাৰ্যসূচী অনুসৰি সোমবাৰে সৃজনীশীল সাহিত্যৰ বিষয়ে আলোচনা সত্ৰ অনুষ্ঠিত হয় ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত ৷

প্ৰকাশ সাহিত্য গোট, লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই সত্ৰত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, বিশিষ্ট সমালোচক ড° লিপিকা তালুকদাৰ, তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক, বিশিষ্ট সাহিত্যিক, কলা সমালোচক ড° মৌচুমী কন্দলি আৰু “এবিলাক”ৰ সহযোগী অধ্যাপক, বিশিষ্ট লেখক ড° ভাস্কৰজ্যোতি শৰ্মাই ৷ ইয়াত গল্প-উপন্যাসৰ নব্য ধাৰা বিষয়ত বক্তব্য আগবঢ়ায় ড° লিপিকা তালুকদাৰে ৷ তেওঁ সাম্প্ৰতিক অসমীয়া, ভাৰতীয় আৰু বিশ্বৰ বিভিন্ন ভাষাৰ কথা-শিল্পত প্ৰতিফলিত নতুন সম্পৰীক্ষাৰ বিষয়ে বিশ্লেষণ আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলক সাহিত্যৰ নব্য চিন্তা ধাৰাৰ সৈতে পৰিচিত হোৱাৰ বাবে অধ্যয়নশীল হ’বলৈ কয় ৷ সৃজনীশীল সাহিত্যত শিল্পকলা আৰু কাব্য চেতনাৰ বিষয়ে বক্তব্য প্ৰদান কৰে ড° মৌচুমী কন্দলিয়ে ৷ তেওঁ কয় যে কাব্য চেতনা কেৱল কবিৰ একচেতীয়া সম্পত্তি নহয়,সাহিত্য সৃষ্টি ট্ৰেনডিং নহয় ৷ এজন কথা-শিল্পী, নিবন্ধকাৰ আৰু পাঠকৰো কাব্য চেতনা থাকে ৷ নিটোল কাব্য চেতনা আৰু শিল্প কলাৰ প্ৰভাৱে সৃজনীশীল সাহিত্যক সমৃদ্ধিশালী কৰে ৷ শিল্পকৰ্মতো সাহিত্যৰ ভাষা থাকে ৷ অনুষ্ঠানত সৃষ্টিশীল সাহিত্যত ভাষাৰ প্ৰয়োগৰ বিষয়ে ভাষণ আগবঢ়ায় ড° ভাস্কৰজ্যোতি শৰ্মাই ৷

কবি-লেখক নৱজ্যোতি পাঠকে পৰিচালনা কৰা এই অনুষ্ঠান উদ্বোধন কৰে লোকপ্ৰিয় অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শুকদেৱ অধিকাৰীয়ে ৷ শলাগৰ শৰাই আগবঢ়ায় মহাবিদ্যালয়খনৰ বাংলা বিভাগৰ অধ্যাপক ড° কান্তৰভূষণ নন্দীয়ে ৷ মহাবিদ্যালয়খনৰ অধ্যাপক ড° হৰিপ্ৰসাদ বৰুৱা, ড° অৰিন্দম কুমাৰ ডেকা, ড° জ্যোৎস্না বৰুৱা, ড° তোলন মুছাহাৰী, বিকাশ বৰুৱা, স্নিগ্ধা সেন, পম্পী ডেকা আদিৰ লগতে ভাষা-সাহিত্যৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে ৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
23.7 ° C
23.7 °
23.7 °
90%
1.6m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ