উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলৰ পৰা কাটিহাৰ আৰু আলিপুৰদুৱাৰ আঁতৰ কৰক

- Advertisement -
- Advertisement -
- Advertisement -

অদীপ কুমাৰ ফুকন

কেন্দ্ৰীয় চৰকাৰৰ ৰে’ল বাজেটসমূহলৈ লক্ষ্য কৰিলে দেখা যায়, প্ৰত্যেকজন ৰে’লমন্ত্ৰীয়ে ৰে’ল বাজেটক নিজৰ ৰাজ্যলৈ ‘হাইজেক’ কৰে৷ ৰে’লক, ৰে’ল লাইনক ৰাষ্ট্ৰৰ সমন্বয় আৰু ঐক্যৰ প্ৰতীক বুলি কোৱা হয়৷ দেশৰ সমতাৰ অন্যতম উদাহৰণ ৰে’ল বিভাগ বুলি কোৱা হয়৷ কিন্তু অসমৰ ক্ষেত্ৰত? ৰে’লপথ তথা ৰে’ল বিভাগ ঐক্য-সমতাৰ প্ৰতীক নে উপনিবেশ ব্যৱস্থাৰ প্ৰতীক৷ অসমক লৈ ৰে’ল বিভাগৰ সিদ্ধান্তসমূহৰ ওপৰত মুকলিভাৱে আলোচনা কৰাৰ সময় হৈছে৷ অসম চৰকাৰ আৰু অসমৰ সাংসদসকলেও কিছু ভূমিকা গ্ৰহণ কৰাৰ প্ৰয়োজন হৈছে৷ ৰে’ল বিভাগৰ নিযুক্তি (Railway Department Recruitment)ৰ ক্ষেত্ৰখনত যাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নিবনুৱা বঞ্চিত হ’বলগা নহয়, তাৰ বাবে ৰে’ল বিভাগত কিছু সংস্কাৰৰ প্ৰয়োজন হৈছে৷

শেহতীয়াভাৱে উত্তৰ-পূব সীমান্ত ৰে’লৱে (Northeast Frontier Railway)ত মালবাহী ৰে’লগাড়ী গাৰ্ড পদবীত ৮৮ জন প্ৰাৰ্থীৰ নিযুক্তি পত্ৰ প্ৰকাশ কৰা হ’ল৷ উত্তৰ-পূব সীমান্ত ৰে’লৱে মণ্ডলৰ মুখ্য কাৰ্যালয় গুৱাহাটী ৰে’লৱে নিযুক্তি ব’ৰ্ড (RRB)-ৰ অধীনত ২৪জন আৰু উত্তৰ-পূব সীমানত ৰে’লৱে মণ্ডলৰ অধীনৰ কাটিহাৰ সংমণ্ডলত থকা শিলিগুৰি ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ অধীনত ৬৪ জন প্ৰাৰ্থীয়ে লাভ কৰিলে৷ গুৱাহাটী ৰে’লৱে নিযুক্তি ব’ৰ্ডে ঘোষণা কৰা ২৪ জন প্ৰাৰ্থীৰ ভিতৰত দিল্লীৰ ১ জন, হাৰিয়ানাৰ ১জন, বিহাৰৰ ৭ জন, পশ্চিমবংগৰ ৩ জন, উত্তৰ প্ৰদেশৰ ৩ জন, উত্তৰাখণ্ডৰ ১ জন আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়ৰ ১ জন, মণিপুৰৰ ১ জন, অসমৰ ৬ জন৷ শিলিগুৰি ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ দ্বাৰা ঘোষিত নিযুক্তি তালিকাৰ ৬৪ জনৰ ভিতৰত পশ্চিমবংগৰ ২০ জন, বিহাৰৰ ১৯ জন, উত্তৰ প্ৰদেশৰ ৬ জন, ঝাৰখণ্ডৰ ৩ জন, ৰাজস্থানৰ ২ জন আৰু মধ্য প্ৰদেশৰ ১ জন৷ গুৰুত্বপূৰ্ণ আৰু ৰহস্যজনক বিষয়টো হ’ল শিলিগুৰি ৰে’লৱে নিযুক্তি ব’ৰ্ডে ঘোষণা কৰা নিযুক্তি লাভ কৰা প্ৰাৰ্থী তালিকাৰ ক্ৰমিক নম্বৰ ৬৪ দেখুওৱা হৈছে যদিও ৫০১ পৰা ৫৭ আৰু ৬০১ পৰা ৬৩ ক্ৰমিক নম্বৰ ঘোষিত তালিকাত নাই৷ দেশত ৰে’ল বিভাগ আৰম্ভ হোৱাৰে পৰা এইদৰেই অসমৰ প্ৰাৰ্থীক বঞ্চিত কৰি অহা হৈছে, আমি সকলো নিমাত৷ এইটোৱেই অসমত ৰাষ্ট্ৰৰ সমন্বয় আৰু ঐক্যৰ প্ৰতীক ৰে’ল বিভাগৰ চৰিত্ৰ৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ শ্ৰমিক সংগঠন NFREU-ৰ সদস্যা সংখ্যা প্ৰায় ৪২ হাজাৰলৈ লক্ষ্য ৰাখি ধাৰণা কৰিব পৰা যায় যে উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগত এক লাখতকৈ অধিক বিষয়া-কৰ্মচাৰী আছে৷ ইয়াৰে কেইজন অসমীয়া?

অসমৰ ক্ষেত্ৰত দেশৰ ৰে’ল বিভাগৰ বঞ্চনা আৰু ঔ×পনিবেশিক ব্যৱস্থাৰ বিষয়ে কিছু কথা আলোচনাৰ প্ৰয়োজন আছে৷ দেশত ৰে’ল বিভাগৰ ১৯টা ৰে’লৱে মণ্ডল আছে৷ ১৯টাৰে এটা উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডল৷ মুখ্য কাৰ্যালয় মালিগাঁৱত৷ উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলৰ অধীনত ৫টা সংমণ্ডল৷ তিনিচুকীয়া, লামডিং, ৰঙিয়া, নিউ বঙাইগাঁও, কাটিহাৰ আৰু আলিপুৰ দুৱাৰ সংমণ্ডল৷ ৰে’ল বিভাগে দেশৰ প্ৰতিটো ৰে’লৰ মণ্ডলৰ বাবে এটাকৈ ৰে’লৱে নিযুক্তি ব’ৰ্ড মুকলি কৰিছে৷ দেশত ১৯টা ৰে’ল মণ্ডল কিন্তু ৰে’লৱে নিযুক্তি ব’ৰ্ড ২১টা৷ ৰে’লৱে দক্ষিণ মণ্ডলৰ অধীনত দুটা ৰে’লৱেৰ নিযুক্তি ব’ৰ্ড চেন্নাই আৰু তিৰুবন্তপুৰম৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দুটা ৰে’লৱে নিযুক্তি ব’ৰ্ড, গুৱাহাটী আৰু শিলিগুৰি ৰে’লৱে নিযুক্তি ব’ৰ্ড৷ মুকলি প্ৰশ্নটো হ’ল– উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলত দুখন নিযুক্তি ব’ৰ্ড কিয়? অসমৰ নিবনুৱাক বঞ্চিত কৰাৰ এপাট অস্ত্ৰ শিলিগুৰি ৰে’লৱে নিযুক্তি ব’ৰ্ড৷ আন এক প্ৰশ্ন হ’ল অসম চৰকাৰ আৰু ৰাজ্যৰ সাংসদসকলে ইয়াৰ প্ৰতিবাদ নকৰে কিয়? দেশৰ ১৯টা ৰে’ল মণ্ডলৰ ১৭টাতে যদি ৰটাকৈ ৰে’লৱে নিযুক্তি মণ্ডল থাকিব পাৰে, গুৱাহাটীত মুখ্য কাৰ্যালয় থকা উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলত দুটা ৰে’লৱে নিযুক্তি ব’ৰ্ড কিয়?

এই প্ৰসঙ্গৰ লগত জড়িত আন এক গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি আমি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ৷ ৰে’ল বিভাগৰ ১৯টা মণ্ডলৰ ভিতৰত এটা মণ্ডল হ’ল উত্তৰ-পূব ৰে’ল মণ্ডল৷ উত্তৰ-পূব ৰে’ল মণ্ডলে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু বিহাৰৰ পশ্চিমাঞ্চলক সাঙুৰি লৈছে৷ ১৯টা মণ্ডলৰ আন এটা মণ্ডল হ’ল পূব ৰে’ল মণ্ডল৷ কলকাতাত মুখ্য কাৰ্যালয় থকা পূব ৰে’ল মণ্ডলৰ চাৰিটা সংমণ্ডল হ’ল ক্ৰমে– হাওৰা, মালদহ, শিয়ালদহ আৰু আচানছুল৷ বিহাৰৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডল, উত্তৰ-পূব ৰে’ল মণ্ডল আৰু দক্ষিণ মধ্য ৰে’ল মণ্ডল৷ পশ্চিমবংগৰ বাবে চাৰিটা ৰে’ল মণ্ডল ক্ৰমে– উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডল, পূব মণ্ডল, দক্ষিণ-পূব মণ্ডল আৰু কলকাতা মেট্ৰ’৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এটা ৰে’ল মণ্ডল৷ এনে ক্ষেত্ৰত বিহাৰ আৰু পশ্চিমবংগ সাঙুৰি কাটিহাৰ আৰু আলিপুৰদুৱাৰ সংমণ্ডল দুটা উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলত সংযুক্ত হ’ল কিয়? বিহাৰ আৰু পশ্চিমবংগ দেশৰ উত্তৰ-পূব সীমান্তত নেকিঞ্জ পশ্চিমবংগৰ বাবে কলকাতা আৰু মালদহত দুটা ৰে’লৱে নিযুক্তি ব’ৰ্ড থকাৰ পিছত উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলৰ ৰে’লৱে নিযুক্তি ব’ৰ্ড পশ্চিমবংগৰ শিলিগুৰিত কিয়? এনেবিলাক বিষয় দেশৰ ৰে’ল বিভাগৰ সমতা নে বঞ্চনাৰ ইতিহাস? একেদৰে বিহাৰত পাটনা আৰু মজফৰপুৰত দুটা ৰে’লৱে নিযুক্তি ব’ৰ্ড আছে৷

ৰাজ্য চৰকাৰলৈ আমাৰ মুকলি প্ৰস্তাৱ– উত্তৰ-পূব সীমান্তৰ ৭ খন ৰাজ্যৰ ভৌগোলিক অৱস্থানৰ ওপৰত ভিত্তি কৰি উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগৰ মণ্ডলৰ সীমা নিৰ্দ্ধাৰণ তথা সংশোধন কৰা হওক৷ উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলৰ পৰা কাটিহাৰ আৰু আলিপুৰদুৱাৰ সংমণ্ডল কৰ্তন কৰা হওক৷ আলিপুৰ দুৱাৰ সংমণ্ডলত অসমৰ প্ৰায় ১৬৫ কিলোমিটাৰ ৰে’লপথ অন্তৰ্ভুক্ত হৈ আছে, সেই পথ নিউ বঙাইগাঁৱৰ সংমণ্ডলৰ লগত সংলগ্ন কৰি দিয়া হওক৷ গুৱাহাটীত মুখ্য কাৰ্যালয় থকা উত্তৰ-পূব সীমান্ত ৰে’লৱে অসমৰ লগতে বাকী ৬খন ৰাজ্যলৈ পূৰ্ণ পৰ্যায়ত সম্প্ৰসাৰণ কৰা হওক৷

বৰ্তমান উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলে ৩, ৯০৭ কিলোমিটাৰ ৰে’ল পথ আবৰি আছে৷ কাটিহাৰ সংমণ্ডলে বিহাৰ আৰু পশ্চিমবংগৰ ৮৫০ কিলোমিটাৰ আৰু আলিপুৰ দুৱাৰ সংমণ্ডলে পশ্চিমবংগ আৰু অসমৰ ৭২৫ কিলোমিটাৰ ৰে’লপথ আবৰি আছে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চল বাহিৰৰ এই দুটা ৰে’ল সংমণ্ডল মিলি ১৫৭৫ কিলোমিটাৰ ৰে’লপথ এলেকাত প্ৰশাসন চলাই আছে৷ বৰ্তমান উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলৰ ৩,৯০৭ কিলোমিটাৰ ৰে’লপথৰ পৰা ১,৫৭৫ কিলোমিটাৰ বাদ দিলে উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলৰ বাবে ২৩৩২ কিলোমিটাৰ আৰু আলিপুৰ দুৱাৰ সংমণ্ডলত থকা অসমৰ ১৬৫ কিলোমিটাৰ লৈ ২৪৯৭ কিলোমিটাৰ ৰে’ল পথৰ এলেকা থাকিব৷ এটা ৰে’ল মণ্ডলৰ বাবে ২,৪৯৭ কিলোমিটাৰ ৰে’ল পথৰ এলেকা নিশ্চয় যথেষ্ট৷ আমি প্ৰত্যক্ষ কৰিছোঁ দক্ষিণ-পূব কেন্দ্ৰীয় মণ্ডল ২,৪৪৭ কিলোমিটাৰ, কংকন ৰে’ল মণ্ডল ৭৩৬ কিলোমিটাৰ, পূৰ্বাঞ্চল ৰে’ল মণ্ডল ২,৪১৪ কিলোমিটাৰ, উত্তৰ-কেন্দ্ৰীয় ৰে’ল মণ্ডল ৩,১৫১ কিলোমিটাৰ, পূব কষ্ট ৰে’ল মণ্ডল ২,৫৭২ কিলোমিটাৰ, উত্তৰ-পূব ৰে’ল মণ্ডল ৩.৬৬৭ কিলোমিটাৰ ৰেল এলেকা লৈ এটা এটা ৰে’ল মণ্ডল হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যত বৰ্তমানে থকা ২,৪৯৭ কিলোমিটাৰ ৰে’লপথ সাঙুৰি নিশ্চয় উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডল হ’ব পাৰে৷ অন্যথা নিযুক্তি, ঠিকা-ব্যৱসায়ৰ লগতে সকলো ক্ষেত্ৰত অসমৰ বঞ্চনাৰ ইতিহাস দীঘলিয়া হ’ব৷

ৰে’ল বিভাগৰ ওপৰত থকা বহু অভিযোগৰ লগতে আন এক গুৰুত্বপূৰ্ণ অভিযোগ হ’ল ক’ভিডৰ সময়ত বন্ধ কৰা বহু কেইখন যাত্ৰীবাহী ৰে’লৰ আজি আঢ়ৈ বছৰে চলাচল বন্ধ কৰি ৰখা হৈছে৷ যিটো বিষয়ক লৈ অসমৰ সাংসদসকলে মাত মাতিব লাগিছিল, সেইটো কাম আজি অসম ৰে’ল যাত্ৰী সন্থাৰ নেতৃবৰ্গই কৰিব লগা হৈছে৷ অসম ৰে’ল যাত্ৰী সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাই কয় ৰে’ল বিভাগৰ অসমক উপেক্ষাৰ মাত্ৰা ক্ৰমে বৃদ্ধি পাইছে৷ গুৱাহাটীৰ পৰা কলকাতালৈ যোৱা ৰে’ল এতিয়া মাত্ৰ এখনহে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি আমি জনাব বিচাৰোঁ যে অসমত চলি থকা যাত্ৰীবাহী ৰে’ল গুৱাহাটী-ৰঙিয়া-নিউ বঙাইগাঁও যাত্ৰীবাহী, ৰঙিয়া-গুৱাহাটী ইণ্টাৰচিটি এ’প্ৰেছ, ডিমাপুৰ-মৰিয়নি যাত্ৰীবাহী, ডিব্ৰুগড়-গুৱাহাটী শতাব্দী, ডিব্ৰুগড়-কলকাতা ছুপাৰফাষ্ট, ডিব্ৰুগড়-ডেকাৰগাঁও ইণ্টাৰচিটি, গুৱাহাটী-লামডিং যাত্ৰীবাহী চলাচল বৰ্তমানো বন্ধ কৰি ৰখা হৈছে৷
আমাৰ প্ৰস্তাৱ হ’ল– অসম চৰকাৰে ৰাজ্যৰ পৰিবহণ বিভাগৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগে যাতে ৰাজ্যখনৰ স্বাৰ্থত কাম কৰে, তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা উচিত৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,923FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
26.9 ° C
26.9 °
26.9 °
63 %
3.9kmh
100 %
Thu
25 °
Fri
33 °
Sat
35 °
Sun
35 °
Mon
36 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06

শেহতীয়া আপডেটঃ