নিউজ ডেস্কঃ
আজি ২ অক্টোবৰ,গান্ধী জয়ন্তী (Gandhi Jayanti)। মহামনৱ মহাত্মা গান্ধীৰ জন্মদিন (Mahatma Gandhi’s birthday)। ২০০৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২ অক্টোবৰ দিনটোক আন্তৰ্জাতিক অহিংস দিৱস হিচাপে পালন কৰি আহিছে।
সুভাষ চন্দ্ৰ বসুৱে সন্মান সহকাৰে অভিহিত কৰা এই গৰাকী ‘জাতিৰ পিতা’ মহাত্মা গান্ধী অসমলৈও আহিছিল। মহামানৱ গৰাকী অসমলৈ প্ৰথম আহিছিল ১৯২১ চনৰ ১৮ আগষ্টত। ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ অসহযোগ আন্দোলনক অসমত গতি দিবৰ বাবে মহাত্মা গান্ধী আহিছিল অসমলৈ।
দ্বিতীয়বাৰ আহিছিল ১৯২৬ চনত। গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত কংগ্ৰেছৰ ৪১তম অধিবেশন বক্তব্য আগবঢ়াইছিল মহাত্মা গান্ধীয়ে।
১৯৩৪ চনত মহামানৱগৰাকীয়ে তৃতীয়বাৰৰ বাবে অসমলৈ আহিছিল। ১৯৩১ চনত মহাত্মা গান্ধীয়ে হৰিজন আন্দোলন আৰম্ভ কৰি দেশৰ বহু ঠাই ভ্ৰমণ কৰিছিল। অসমলৈ আহি গান্ধীজীয়ে গুৱাহাটীৰ লগতে নগাওঁ, কলিয়াবৰ, গোলাঘাট, যোৰহাটলৈয়ো গৈছিল।
নগাওঁৰ জুবিলি পথাৰত হোৱা সভাত গান্ধীজীয়ে হৰিজনসকলৰ বাবে সহায় ভিক্ষা কৰিছিল। গান্ধীজীৰ বক্তব্যৰ লগে লগে ৰাইজে অকুণ্ঠ চিত্তে সহায় আগবঢ়াইছিল।
নগাওঁৰ পৰা গোলাঘাট হৈ মহাত্মা গান্ধী গৈছিল যোৰহাটলৈ। ১৯৩৪ চনৰ ১৫ এপ্ৰিলত মহাত্মা গান্ধী যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত আছিল। গান্ধীজীয়ে চাৰিদিন যোৰহাটত থাকি হৰিজন, কৈৱৰ্ত আদি সকলোৰে সম অধিকাৰ আৰু সম সন্মানৰ বাবে পৰিবে সৃষ্টি কৰিছিল।মহাত্মা গান্ধীৰ অস্পৃশ্যতা বৰ্জন কাৰ্যসূচী অসমত সফল কৰি তুলিছিল।
চতুৰ্থ বাৰলৈ মহাত্মা গান্ধী অসম ভ্ৰমণলৈ আহিছিল ১৯৪৬ চনত। সেইটোৱেই আছিল মহামানৱ গৰাকীৰ শেষ অসম ভ্ৰমণ। গান্ধীজীৰ শেষবাৰ অসম আগমনত কস্তৰবা গান্ধী ৰাষ্ট্ৰীয় ন্যাসৰ অসম শাখাৰ উদ্বোধন কৰিছিল।
গান্ধীজীক ব্ৰহ্মপুত্ৰৰ পাণ্ডু ঘাটৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, সিদ্ধিনাথ শৰ্মা আদি গান্ধীবাদী নেতা সকলে আদৰি আনে । সেই সময়ত সংকটত পৰিছিল অসম । কেবিনেট মিচনৰ সিদ্ধান্তৰ প্ৰতিবাদত অসমৰ ৰাইজৰ পক্ষত থিয় দিছিল গান্ধীজী।
গান্ধীজীৰ চতুৰ্থবাৰ অসম ভ্ৰমণত শুৱালকুচিৰ তাঁত শিল্প দৰ্শন কৰি অভিভূত হৈছিল। অসমখন আজিৰ অসম হৈ থকাত গান্ধীজীৰ অৱদান বহুত।
নতুন সময়ৰ পৰিয়ালৰ পৰা মহামানৱগৰাকীলৈ গান্ধী জয়ন্তী দিনটোত শ্ৰদ্ধা নিবেদন কৰিছোঁ।