অসম পৰ্যটন উদ্যোগত নতুন আশাৰ ৰেঙনিঃ কানাডাৰ ‘উভচৰী বিমান’ (seaplane)-ৰ প্ৰদৰ্শনীমূলক উৰণ

- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটীঃ আজি মেছাৰ্ছ ডি হেভিলেণ্ড কানাডা আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ যৌথ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে আয়োজিত পৰীক্ষামূলক ‘উভচৰী বিমান’ (seaplane)-ৰ উৰণ প্ৰদৰ্শনীত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰে।

যাতায়ত তথা পৰ্যটনৰ ক্ষেত্ৰত যুগান্তকাৰী সংযোজনৰ আশা প্ৰদান কৰা সামুদ্ৰিক বিমানখনে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পুৱা উৰণ আৰম্ভ কৰে আৰু আকাশত কিছু সময় থকাৰ অন্তত গুৱাহাটী পাণ্ডু ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত সফল অৱতৰণ কৰে।

উৰণ সম্পন্ন কৰি মন্ত্ৰী জয়ন্ত মল্লৱৰুৱাই সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, ‘সামুদ্ৰিক বিমানৰ এই উৰণ অতিকৈ চমকপ্ৰদ আছিল। এই বিমানৰ সংযোজনে অসমৰ পৰিবহণ তথা পৰ্যটনৰ ক্ষেত্ৰত এক যুগান্তকাৰী সংযোজন হিচাপে পৰিগণিত হ’ব। আমি আশাবাদী যে, অহা ছয় মাহৰ পৰা একবছৰৰ ভিতৰত আমি ছিপ্লেন অসমৰ পৰিবহণ তথা পৰ্যটনৰ ক্ষেত্ৰত কাৰ্যকৰী কৰাৰ বাবে সকলো কাৰ্য সম্পন্ন কৰিব পাৰিম।’

মন্ত্ৰী গৰাকীয়ে জনাই যে সাধাৰণতে ভাৰতবৰ্ষত সামুদ্ৰিক বিমান আজিলৈকে সাগৰতহে ব্যৱহাৰ কৰা হৈছিল, আৰু আজি প্ৰথমবাৰৰ বাবে অসমত ব্ৰহ্মপুত্ৰ নদীত সামুদ্ৰিক বিমানৰ উৰণ পৰীক্ষণ কৰাটো এক অন্যতম ঐতিহাসিক মূহূৰ্ত।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসমৰ বৰ্দ্ধিত পৰ্যটন উদ্যোগৰ সম্ভাৱনাক ব্যক্ত কৰি উল্লেখ কৰে যে অসম নদী জলাশয়েৰে ভৰপূৰ গতিকে প্ৰতিখন পৰ্যটন স্থলী যেনে কাজিৰঙা, উমৰাংছু, পবিতৰা আদি স্থানসমূহত ছিপ্লেনৰ সংযোজনে বিভিন্ন পৰ্যটকৰ বাবে পৰিবহন সুচল কৰিব আৰু কম পৰিচিত পৰ্যটনস্থলীসমূহো উদঘাটন কৰাত সহায়ক হিচাপে বিবেচিত হ’ব।

- Advertisement -

গুৱাহাটীঃ

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
23.7 ° C
23.7 °
23.7 °
90%
1.6m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ