34.8 C
Guwahati
Saturday, April 26, 2025

Buy now

অসম পৰ্যটন উদ্যোগত নতুন আশাৰ ৰেঙনিঃ কানাডাৰ ‘উভচৰী বিমান’ (seaplane)-ৰ প্ৰদৰ্শনীমূলক উৰণ

- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটীঃ আজি মেছাৰ্ছ ডি হেভিলেণ্ড কানাডা আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ যৌথ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে আয়োজিত পৰীক্ষামূলক ‘উভচৰী বিমান’ (seaplane)-ৰ উৰণ প্ৰদৰ্শনীত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰে।

যাতায়ত তথা পৰ্যটনৰ ক্ষেত্ৰত যুগান্তকাৰী সংযোজনৰ আশা প্ৰদান কৰা সামুদ্ৰিক বিমানখনে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পুৱা উৰণ আৰম্ভ কৰে আৰু আকাশত কিছু সময় থকাৰ অন্তত গুৱাহাটী পাণ্ডু ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত সফল অৱতৰণ কৰে।

উৰণ সম্পন্ন কৰি মন্ত্ৰী জয়ন্ত মল্লৱৰুৱাই সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, ‘সামুদ্ৰিক বিমানৰ এই উৰণ অতিকৈ চমকপ্ৰদ আছিল। এই বিমানৰ সংযোজনে অসমৰ পৰিবহণ তথা পৰ্যটনৰ ক্ষেত্ৰত এক যুগান্তকাৰী সংযোজন হিচাপে পৰিগণিত হ’ব। আমি আশাবাদী যে, অহা ছয় মাহৰ পৰা একবছৰৰ ভিতৰত আমি ছিপ্লেন অসমৰ পৰিবহণ তথা পৰ্যটনৰ ক্ষেত্ৰত কাৰ্যকৰী কৰাৰ বাবে সকলো কাৰ্য সম্পন্ন কৰিব পাৰিম।’

মন্ত্ৰী গৰাকীয়ে জনাই যে সাধাৰণতে ভাৰতবৰ্ষত সামুদ্ৰিক বিমান আজিলৈকে সাগৰতহে ব্যৱহাৰ কৰা হৈছিল, আৰু আজি প্ৰথমবাৰৰ বাবে অসমত ব্ৰহ্মপুত্ৰ নদীত সামুদ্ৰিক বিমানৰ উৰণ পৰীক্ষণ কৰাটো এক অন্যতম ঐতিহাসিক মূহূৰ্ত।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসমৰ বৰ্দ্ধিত পৰ্যটন উদ্যোগৰ সম্ভাৱনাক ব্যক্ত কৰি উল্লেখ কৰে যে অসম নদী জলাশয়েৰে ভৰপূৰ গতিকে প্ৰতিখন পৰ্যটন স্থলী যেনে কাজিৰঙা, উমৰাংছু, পবিতৰা আদি স্থানসমূহত ছিপ্লেনৰ সংযোজনে বিভিন্ন পৰ্যটকৰ বাবে পৰিবহন সুচল কৰিব আৰু কম পৰিচিত পৰ্যটনস্থলীসমূহো উদঘাটন কৰাত সহায়ক হিচাপে বিবেচিত হ’ব।

- Advertisement -

গুৱাহাটীঃ

Stay Connected

10,497FansLike
0FollowersFollow
22,300SubscribersSubscribe
- Advertisement -
Assam
clear sky
37.7 ° C
37.7 °
37.7 °
28 %
4.6kmh
0 %
Sat
37 °
Sun
37 °
Mon
32 °
Tue
34 °
Wed
26 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
শিৱসাগৰ খনামুখ গাওঁ পঞ্চায়তত মানস শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ || #notun_somoy
02:50
Video thumbnail
নিজ সমষ্টি নাজিৰাতে বিধায়ক দেৱব্ৰত শইকীয়াৰ পুত্তলিকা দাহ || #notun_somoy
03:24
Video thumbnail
দিখৌমুখত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিধায়ক প্ৰদীপ হাজৰিকা || #notun_somoy
04:24
Video thumbnail
শূন্য ভূমিহীন, শূন্য গৃহহীন ৰাজ্য কেৰালা || #notun_somoy
10:38
Video thumbnail
ভগৱান মহাবীৰ জয়ন্তী আৰু বিশ্ব নমোকাৰ মহামন্ত্ৰ দিৱস || #notun_somoy
01:08
Video thumbnail
•অশ্বিনী গগৈৰ সৈতে ‘ইতিহাসৰ পাত লুটীয়াই’ •খণ্ড-২০ || #notun_somoy
03:28
Video thumbnail
চৰকাৰে গুৰুত্ব নিদিয়া অসম চুক্তিৰ ৪০ বছৰ হ’ল || #notun_somoy
16:23
Video thumbnail
নাজিৰাৰ মেকিপুৰ চাহ বাগিচা কৰ্তৃপক্ষৰ অবিবেচক কাণ্ডৰ পৰিণতি || #notun_somoy
06:18
Video thumbnail
ডিমৌ উপ-সংমণ্ডলত প্ৰায় ১৫ লাখৰো অধিক টকাৰ বিত্তীয় কেলেংকাৰী || #notun_somoy
02:06
Video thumbnail
চৰকাৰে জৰিমনাৰ নামত মহানগৰৰ নাগৰিকৰ জেপৰ পৰা ১ বছৰতে নিলে ৩১ কোটি || #notun_somoy
02:21

শেহতীয়া আপডেটঃ