ছিণ্ডিকেটৰাজৰ বাবেই দলং ভাগি বহিঃজগতৰ সৈতে বিচ্ছিন্ন বৰাকৰ যোগাযোগ

- Advertisement -
▪️কাগজ-চেনি কল বন্ধ, দুটা সমষ্টি হ্ৰাস, গো-ধনৰ নাই চিকিৎসা ব্যৱস্থা
▪️বৰাকক মাহী আইৰ দৰে ব্যৱহাৰৰ অভিযোগ জ্যেষ্ঠ কংগ্ৰেছ নেতা হাফিজ ৰছিদ চৌধুৰীৰ
▪️হিমন্ত বিশ্বৰ লোকনিৰ্মাণ বিভাগত কমিছনৰাজে সীমা অতিক্ৰম কৰিছেঃ বেদব্ৰত বৰা
গুৱাহাটী, ১৯ জুনঃ ছিণ্ডিকেট আৰু চৰম দুৰ্নীতিৰ বাবে অসম তথা বৰাক উপত্যকাত অৰাজক অৱস্থাৰ সৃষ্টি হৈছে আৰু ছিণ্ডিকেটৰ বাবে নিৰিখতকৈ বেছি বোজা কঢ়িওৱা ট্ৰাক পাৰ কৰি বৰাক উপত্যকাৰ লগত অসমৰ যোগাযোগ ৰক্ষা কৰি থকা দলংসমূহ বিধ্বস্ত কৰি পেলোৱা হৈছে। ছিণ্ডিকেটৰ ভাগ দিছপুৰলৈ আহে বুলি উল্লেখ কৰি আজি অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে এইদৰে কয়। গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত অধিবক্তা চৌধুৰীয়ে অভিযোগ কৰি কয় যে কয়লা, চূণশিল, চুপাৰি আৰু গৰু ছিণ্ডিকেটৰ নামত মালবাহী ট্ৰাকসমূহত অধিক বোজা দি দলং পাৰ কৰাৰ বাবে শেহতীয়াকৈ শিলচৰত হাৰাং নৈৰ সেতুখন ভাগি পৰা বুলি উল্লেখ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত চৌধুৰীয়ে কয় যে সাম্প্ৰদায়িক ৰাজনীতি আৰু মানুহৰ খাদ্যাভ্যাসক লৈ উচতনি যোগোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আইনগতভাৱে জগৰীয়া আৰু তেখেতৰ বিৰুদ্ধে ব্যৱস্থা হ’ব লাগে। সংবাদমেলত বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে বৰাক উপত্যকাক চৌদিশৰ পৰা বঞ্চিত কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে৷ আজি ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি বৰাক উপত্যকাত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ গুৰুতৰ অভিযোগ আনে৷ থলুৱাৰ চুপাৰি ব্যৱসায়, থলুৱা গো-পালকৰ গো-ধনৰ বাবে চিকিৎসা ব্যৱস্থা ধ্বংস কৰাৰ লগতে কাগজ কল-চেনি মিল বন্ধ কৰি দিয়াৰ লগতে দুটাকৈ বিধানসভা সমষ্টি হ্ৰাস কৰি বৰাকৰ বিৰুদ্ধে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে ষড়যন্ত্ৰ কৰাৰ অভিযোগ আনিছে৷ কালি ১ কোটি ৪০ লাখ টকাৰে মেৰামতি কৰা শিলচৰ-কালাইন পথৰ হাৰাং নৈৰ ওপৰৰ দলংখন ছিণ্ডিকেটৰ অত্যধিক বোজা কঢ়িওৱা ডাম্পাৰ পাৰ হোৱাৰ সময়তে ভাঙি বৰাত বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰাৰ অভিযোগ আনিছে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে৷ হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে বহিঃজগৰ সৈতে বৰাকৰ সংযোগ বিচ্ছিন্ন হোৱাৰ অভিযোগ উত্থাপন কৰি কয় যে এখন চৰকাৰ যেতিয়া গঠন হয় সেইখনক ৱেলফেয়াৰ ষ্টেট বুলি কোৱা হয়৷ ৱেলফেয়াৰ ষ্টেটত মানুহৰ সুবিধা হ’ব লাগে৷ মানুহৰ সুবিধাসমূহ চাব লাগে৷ এইটো মৌলিক প্ৰশ্ন হ’ব লাগে৷ কিন্তু মুখ্যমন্ত্ৰীয়ে আগতে এবাৰ কৈছিল যে যদি বৰাকৰ মানুহে বিচাৰে তেন্তে বৰাকক পৃথক কৰি দিম৷ হয়তো মুখ্যমন্ত্ৰীয়ে তাকে বিচাৰিছে৷ বৰাক ভাৰতৰ লগতে আছে নে অসমৰ ভিতৰত আছে সেই কথা আজি কোনোৱে ক’ব নোৱাৰে৷ বৰাকত আজি যোগাযোগৰ সকলো ব্যৱস্থা বন্ধ হৈ গৈছে৷ গেমন সেতুখনেৰে কৰিমগঞ্জ-শ্বিলং-গুৱাহাটী সংযোগ কৰা হৈছিল৷ গেমন সেতু পূৰ্বেই বিধ্বস্ত হৈছে৷ যিটো বিকল্প ৰাস্তা দিছিল সেইটো এদিন আগত বন্ধ হ’ল৷ একমাত্ৰ বিকল্প ৰাস্তা এতিয়া হাৰাং-হাফলং হৈ গুৱাহাটীলৈ অহা পথটো৷ কিন্তু এই পথটোৰ ৩০ কিঃমিঃ এলেকা ৱান-ৱে’৷ এই ৰাস্তাটো সাংঘাতিক ধৰণে বিধ্বস্ত৷ আজি মানুহ কেনেকৈ বৰাকলৈ অহা-যোৱা কৰিব তাৰ কোনো নিশ্চয়তা নাই৷ মানুহৰ কোনো নিৰাপত্তা নাই৷ এতিয়া বৰাক ভেলী ক’ত আছে, কেনেদৰে আছে তাৰ কোনো খবৰ নাই৷ বৰাক ভেলীৰ আৰ্থিক যি অৱস্থা সেয়া ধ্বংস হৈ যোৱাৰ অভিযোগ আনি চৌধুৰীয়ে কয় যে আগতে মানুহে কৃষি ভাগৰ অধীনৰ স্থানীয় চুপাৰিৰ ব্যৱসায় চলাইছিল৷ কিন্তু বাৰ্মিজ চুপাৰিৰ নামত স্থানীয় চুপাৰিৰ ব্যৱসায় ধ্বংস কৰা হ’ল৷ গাঁৱৰ মানুহক হাৰাশাস্তি কৰি গাঁৱত চলা চুপাৰিৰ ব্যৱসায় বন্ধ কৰা হ’ল৷ স্থানীয় লোকক অযথা হাৰাশাস্তি কৰাত লোকেল চুপাৰিৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হৈ গ’ল৷ লোকেল চুপাৰিৰ ব্যৱসায় আৰম্ভ কৰি ছিণ্ডিকেট আৰম্ভ কৰা হ’ল৷ ছিণ্ডিকেটৰ বাবেই দলং ভাগি পৰিছে৷ ইপিনে আগতে বৰাকৰ মানুহে গৰু পুহিছিল৷ কিন্তু আজি গৰু পুহিব নোৱাৰে৷ এখন পশু চিকিৎসালয় ভাল হৈ থকা নাই৷ একমাত্ৰ ভাল পশু চিকিৎসাল আছে খানাপাৰাত৷ খানাপাৰাত মানুহ আহিব নোৱাৰে৷ যদি আমি গো-মাতাক শ্ৰদ্ধা কৰো তেন্তে আগতে গো-মাতাক ৰক্ষা কৰিব লাগিব৷ যদি তোমালোকে গো-মাতাক ইমান শ্ৰদ্ধা কৰা তেন্তে এখন পশু চিকিৎসালয় নাই কিয় বুলি চৌধুৰীয়ে প্ৰশ্ন কৰে৷ আজি বৰাকত এখন সক্ৰিয় পশু চিকিৎসালয় নাই৷ বৰাক ভেলীক কি কৰিব খুজিছা বুলি প্ৰশ্ন কৰি চৌধুৰীয়ে কয় যে এটা মাত্ৰ কাগজ মিল আছিল৷ কংগ্ৰেছে স্থাপন কৰা মিলটো বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ অহাৰ পিছত বন্ধ কৰি দিয়া হ’ল৷ চেনি মিল আছিল সেইটো বন্ধ হৈ গ’ল৷ মিনি সচিবালয় নিৰ্মাণ কৰাৰ কথা আছিল কিন্তু আজিলৈ কাম নহ’ল৷ অট্টালিকা নিৰ্মাণ কৰিও আজিলৈ মিনি সচিবলায় আৰম্ভ নকৰি মাহীআইৰ দৰে ব্যৱহাৰ কৰা হৈছে বৰাক উপত্যকাক৷ আজি ৰাস্তা বেয়া৷ গুৱাহাটীলৈ আহিব লাগে পেন্সনৰ বাবে৷ ৰোগী আজি আহিবলগীয়া হ’লে ৰাস্তাতে মৃত্যু হয়৷ বিজেপিয়ে কয় আমাৰ ডাবল ইঞ্জিনৰ চৰকাৰ৷ কিন্তু বৰাকক বঞ্চিত কৰি আহিছে৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত দুটা সমষ্টি বৰাকত কমাই দিলে৷ লোকপিয়লত মানুহে বাঢ়িলে সমষ্টি বঢ়াই দিব লাগে৷ কিন্তু বিজেপিয়ে বৰাকত দুটা সমষ্টি কমাই দিলে৷ পঞ্চায়তত জিলা পঞ্চায়ত কমাই দিলে৷ মই নিৰ্বাচন খেলিছিলো মানুহে মোক যথেষ্ট ভোট দিছিল৷ ভোট দিয়া আৰু নিদিয়াসকলৰ বাবে দলে দিয়া দায়িত্বৰ বাবে আমি বৰাকৰ মানুহৰ হকে প্ৰশ্ন কৰি যাম৷ যদি বিজেপি চৰকাৰে বৰাকৰ বাবে একো কৰিব নোৱাৰে, তেন্তে আন্তৰিকতাৰে কৈ দিব লাগে যে আমি একো কৰিব নোৱাৰিম৷ বিজেপিয়ে কৈ দিয়ক আমি কেৱল ছিণ্ডিকেটত ব্যস্ত থাকিম৷ এখন ট্ৰাকত ১০ টন আনিব লাগে৷ কিন্তু আনিছে ২০ টন৷ ৪০ টন আনিব লাগে, আনে ৬০ টন৷ এনে কৰিবলৈ অনুমতি কোনে দিয়ে৷ এয়া হৈছে ছিণ্ডিকেটৰাজ৷ চৰকাৰে সকলো জানে৷ দিছপুৰলৈ চিণ্ডিকেটৰ টকাৰ ভাগ আহে৷ বৰাকত সাংসদ বিজেপিৰ, বিধায়কসকল বিজেপিৰ, ইউডিএফৰ বিধায়কসকলো বিজেপিৰ পাৰ্টনাৰ৷ বিজেপিয়ে সাংসদ-বিধায়ক থকাৰ পিছত বৰাকৰ বাবে কি কৰিছে সেই উত্তৰ দিয়ক? বদৰপুৰত ৰে’ললাইনত বাঁহ বান্ধি দিয়া হৈছে৷ ইমানৰ পিছতো ডাবল ইঞ্জিনৰ চৰকাৰ বুলি ক’বলৈ লাজ নালাগে৷ লোকেল চুপাৰিৰ ব্যৱসায় উদ্ধাৰ, বৰাকৰ ৰাস্তা-দলং, ছিণ্ডিকেট, গো-পালকৰ বাবে চিকিৎসা ব্যৱস্থা কৰাত গুৰুত্ব দিয়ক চৰকাৰে৷ আমি কংগ্ৰেছৰ নেতৃত্বত বৰাকৰ জাতি, বৰ্ণ, ধৰ্মক লৈ বৰাকৰ সমস্যাসমূহ সমাধানৰ দাবীত শীঘ্ৰে প্ৰতিবাদ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে৷ ইফালে, সংবাদমেলত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্টানি বিভাগত চৰম দুৰ্নীতি চলিছে। যাৰ বাবে এমাহ পূৰ্বে ১ কোটি ৩০ লাখ টকাৰে মেৰামতি কৰা হাৰাং নৈৰ দলংখন ভাগি পৰিছে। বৰাই কমিছনৰ বাবে গড়কাপ্টানি বিভাগে খৰধৰকৈ কাম সম্পূৰ্ণ কৰা বুলি অভিযোগ কৰি কয় যে গুৱাহাটীৰ উৰণীয়া সেতুকেইখনো কেতিয়া ভাগে তাৰ নিশ্চয়তা নোহোৱা হৈ পৰিছে বুলি কয়। সঠিকভাৱে দলং নিৰ্মাণত ব্যৰ্থ হোৱা গড়কাপ্টানি বিভাগে প্ৰতিখন দলঙৰ কাৰিকৰী দিশ সন্দৰ্ভত ৰাইজক শ্বেতপত্ৰ প্ৰকাশ কৰি জনাব লাগে বুলিও বৰাই লগতে উল্লেখ কৰে। বিজেপি চৰকাৰৰ আমোলত বিধ্বস্ত হোৱা বৰাকৰ হাৰাং সেতু, চিংলা নৈৰ ওলোমা সেতু, তামুলপুৰ জিলাৰ কুমাৰীকাটাত বানে উটুৱাই নিয়া দলং, মানকাচৰৰ কাঠৰ দলং, চৰাইদেউ জিলাৰ নাইলং নৈৰ কাঠৰ সেতুকে ধৰি কেইবাখনো দলঙৰ এখন তালিকা প্ৰকাশ কৰি কয় যে এইসমূহ দলং চৰকাৰৰ নিৰীক্ষণত নাছিল আৰু একমাত্ৰ ছিণ্ডিকেটৰ বাবে অধিক বোজা দিয়া ট্ৰাক সৰবৰাহ কৰিবলৈ দি দলংসমূহ মৰণফান্দ কৰি তুলিছে। আজিৰ সংবাদমেলখনৰ আঁত ধৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ বৰ্ণালী ফুকনে। জ্যেষ্ঠ কংগ্ৰেছ নেতা মেহদী আলম বৰাও সংবাদমেলত উপস্থিত থাকে।
- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
23.7 ° C
23.7 °
23.7 °
90%
1.6m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ