৭ ফেব্ৰুৱাৰীত দেশজুৰি অ’লা-উবেৰ চালকৰ ‘সৰ্বাত্মক ধৰ্মঘট’ৰ ঘোষণা

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্ক

ভাৰতৰ গিগ ইক’নমি বা প্লেটফৰ্ম ভিত্তিক অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ অ’লা, উবেৰ আৰু ৰেপিড’ৰ দৰে আগশাৰীৰ ৰাইড-হেয়াৰিং প্লেটফৰ্মৰ চালকসকলে অহা ৭ ফেব্ৰুৱাৰীত দেশজুৰি এক ‘অল ইণ্ডিয়া ব্ৰেকডাউন’ বা সৰ্বাত্মক ধৰ্মঘটৰ কথা ঘোষণা কৰিছে। তেলেংগানা এপ-বেছড ড্ৰাইভাৰছ ফৰাম চমুকৈ TADF-এ নিশ্চিত কৰা এই প্ৰতিবাদৰ মূল লক্ষ্য হ’ল চালকসকলৰ ওপৰত চলি থকা বিত্তীয় শোষণ আৰু চৰকাৰৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে একত্ৰিত হোৱা। চালক সন্থাৰ অভিযোগ অনুসৰি, ‘মটৰ ভেহিকল এগ্ৰিগেটৰ গাইডলাইনছ, ২০২৫’ জাৰি হোৱাৰ পিছতো কোম্পানীবোৰে নিজৰ খেয়াল-খুচি মতে ভাড়া নিৰ্ধাৰণ কৰি আহিছে, যাৰ ফলত ইন্ধনৰ মূল্যবৃদ্ধি আৰু গাড়ীৰ মেৰামতিৰ খৰচ বহন কৰাৰ পিছত চালকসকলৰ হাতত জীৱিকা নিৰ্বাহৰ বাবে নূন্যতম ধনো বাকী নাথাকে।

সম্প্ৰতি,এই সমস্যাটো কেৱল চালক আৰু কোম্পানীৰ মাজৰ পাৰিশ্ৰমিকৰ বিবাদতেই সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ ই বৰ্তমান দেশৰ নীতি নিৰ্ধাৰণৰ মজিয়াটো চৰ্চাৰ বিষয় হৈ পৰিছে। শেহতীয়াকৈ সংসদৰ শীতকালীন অধিৱেশনত আম আদমি পাৰ্টীৰ সাংসদ ৰাঘৱ চাদ্ধাই ৰাজ্যসভাত গিগ ৱৰ্কাৰসকলৰ দুৰৱস্থাৰ কথা অতি গুৰুত্বসহকাৰে উত্থাপন কৰিছিল। তেওঁ সদনত স্পষ্টকৈ উল্লেখ কৰিছিল যে ভাৰতত লাখ লাখ যুৱকে গিগ ৱৰ্কাৰ হিচাপে কাম কৰিছে যদিও তেওঁলোকৰ বাবে কোনো সামাজিক সুৰক্ষা নাই আৰু তেওঁলোকক শ্ৰমিক আইনাৰ আওতাতো ধৰা নহয়। সাংসদগৰাকীয়ে এই চালক আৰু ডেলিভাৰী কৰ্মীসকলৰ বাবে এখন সুকীয়া কল্যাণকামী ব’ৰ্ড গঠন আৰু আইনী সুৰক্ষাৰ দাবী জনাইছিল, যিটো বৰ্তমানৰ চালকসকলৰ প্ৰতিবাদৰ মূল দাবীসমূহৰ সৈতে সংগতিপূৰ্ণ।

বৰ্তমান চালক সন্থাবোৰে অভিযোগ কৰিছে যে চৰকাৰী নিৰীক্ষণৰ অভাৱত কোম্পানীবোৰে গ্ৰাহকৰ পৰা অত্যাধিক ভাড়া আদায় কৰে যদিও তাৰ লভ্যাংশ চালকসকলে নাপায়। ইয়াৰ বিপৰীতে বৰ্ধিত কমিছনৰ বোজাই তেওঁলোকক জুৰুলা কৰিছে। সেয়েহে, ৭ ফেব্ৰুৱাৰীৰ এই ধৰ্মঘটত চালকসকলে চৰকাৰৰ ওচৰত তাৎক্ষণিকভাৱে ‘নূন্যতম বেছ ফেয়াৰ’ নিৰ্ধাৰণ কৰাৰ লগতে ব্যৱসায়িক কামত ব্যক্তিগত নম্বৰ প্লেটৰ বাহন ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ দাবী জনাইছে। তেওঁলোকৰ মতে, ব্যক্তিগত বাহনৰ অবৈধ ব্যৱহাৰে পেছাদাৰী চালকসকলৰ ব্যৱসায়ত কুঠাৰাঘাত কৰিছে আৰু যাত্ৰীৰ সুৰক্ষাও বিঘ্নিত কৰিছে।

উল্লেখ্য যে, যোৱা বৰদিন আৰু ইংৰাজী নৱবৰ্ষৰ দৰে ব্যস্ত সময়তো দেশৰ বিভিন্ন প্ৰান্তত ডেলিভাৰী আৰু ৰাইড শ্বেয়াৰিং কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই সময়ত তেওঁলোকে কামৰ সময়সীমা নিৰ্ধাৰণ, এলগৰিদমৰ দ্বাৰা পৰিচালিত কামৰ আবণ্টনত স্বচ্ছতা আৰু জৰিমনা বিহীন কৰ্ম পৰিৱেশৰ দাবী জনাইছিল। ৭ ফেব্ৰুৱাৰীৰ এই প্ৰস্তাৱিত ধৰ্মঘট সেই ধাৰাবাহিক আন্দোলনৰে এক গুৰুত্বপূৰ্ণ অংশ, যিয়ে ভাৰতত দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা অথচ নিয়ন্ত্ৰণহীন গিগ অৰ্থনীতিৰ এক ক্ৰমবৰ্ধমান সংকটক আঙুলিয়াই দিছে। চৰকাৰে এইক্ষেত্ৰত কোনো দৃঢ় পদক্ষেপ গ্ৰহণ নকৰিলে আগন্তুক দিনত পৰিবহণ খণ্ডত এক বৃহৎ অচলাৱস্থাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,256FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
81%
1.2m/s
82%
Thu
25 °
Fri
30 °
Sat
28 °
Sun
28 °
Mon
31 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33

শেহতীয়া আপডেটঃ