● দেশৰ লক্ষ লক্ষ নিবনুৱাৰ বাবে আশাৰ বতৰা ● ভাৰতীয় ৰেলৱে’ মুকলি কৰিছে ৩২ হাজাৰৰো অধিক পদ

- Advertisement -
- Advertisement -
- Advertisement -

● দেশৰ লক্ষ লক্ষ নিবনুৱাৰ বাবে আশাৰ বতৰা
● ভাৰতীয় ৰেলৱে’ মুকলি কৰিছে ৩২ হাজাৰৰো অধিক পদ

শেহতীয়াকৈ ৰে’লৱে নিযুক্তি ব’ৰ্ডে গ্রুপ ডিৰ বিভিন্ন শাখাৰ ৩২ হাজাৰৰো অধিক পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰিছে। ২০২৫ চনৰ ২৩ জানুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হবলগীয়া এই পদ সমূহৰ অনলাইন আবেদনৰ লিংক আৰ আৰ বিৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব। প্ৰথম স্তৰৰ অন্তৰ্গত গ্ৰুপ ডি পদৰ বাবে মুঠ ৩২, ৪৩৮টা খালী পদত নিযুক্তি দিয়া হ’ব।

পৰীক্ষাৰ্থীসকলক কম্পিউটাৰ ভিত্তিক পৰীক্ষা(CBT), শাৰীৰিক পৰীক্ষা আৰু চিকিৎসা/নথিপত্র পৰীক্ষণ (physical efficiency test, and medical/document verification)ত তেওঁলোকৰ প্ৰদৰ্শনৰ ভিত্তিত নিৰ্বাচিত কৰা হ’ব। চিবিটিৰ বাবে যোগ্যতা অর্জন কৰা প্ৰাৰ্থীসকলক পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে নিৰ্বাচিত কৰা হ’ব।

■ আৰ আৰ বি গ্রুপ ডি নিযুক্তি ২০২৪ৰ খালী পদৰ সবিশেষ

◆ মুঠ পদৰ সংখ্যা – ৩২,৪৩৮ টা পদ

পইন্টমেন-বি: ৫, ০৫৮ টা পদ
এছিছটেণ্ট (ট্রেক মেচিন): ৭৯৯টা পদ
এছিছটেণ্ট (ব্ৰিজ): ৩০১ টা পদ
ট্রেক মেইন্টেইনাৰ গ্রেড IV ইঞ্জিনিয়াৰ: ১৩,১৮৭ টা পদ
এছিছটেণ্ট পি-ৱে: ২৫৭টা পদ
এছিছটেণ্ট (চি এণ্ড ডব্লিউ): ২,৫৮৭টা পদ
এছিছটেণ্ট টি আৰ ডি ইলেক্ট্রিক: ১, ৩৮১ টা পদ
এছিছটেণ্ট (এছ এণ্ড টি) এছ এণ্ড টি: ২, ০১২ টা পদ
এছিছটেণ্ট লক’ শ্বেড (ডিজেল): ৪২০টা পদ
এছিছটেণ্ট লক’ শ্বেড (ইলেক্ট্রিক): ৯৫০টা পদ
এছিছটেণ্ট অপাৰেচন (ইলেক্ট্রিক): ৭৪৪টা পদ
এছিছটেণ্ট টি এল আৰু এ চি: ১০৪১ টা পদ
এছিছটেণ্ট টি এল এণ্ড এ চি (ৱৰ্কশ্বপ): ৬২৪ টা পদ
এছিছটেণ্ট (কর্মশালা) (যান্ত্রিক): ৩,০৭৭টা পদ

■ আৰ আৰ বি গ্রুপ ডি নিযুক্তি ২০২৪ৰ যোগ্যতাৰ মাপকাঠী

◆ অর্হতা

এই পদসমূহত আৱেদন কৰা প্ৰাৰ্থীৰ দশম শ্ৰেণীৰ উত্তীৰ্ণ হব লাগিব। লগতে এন চি ভি টিৰ পৰা ৰাষ্ট্ৰীয় এপ্রেন্টিছশ্বিপ চার্টিফিকেট (এন এ চি) থাকিব লাগিব।

◆ বয়সৰ সীমা

এই পদসমূহত আবেদন কৰা প্ৰাৰ্থীৰ বয়স ২০২৫ চনৰ ১ জুলাই অনুসৰি ১৮ বছৰৰ পৰা ২৬ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলে আৰ আৰ বিৰ নিয়ম অনুসৰি এই ক্ষেত্রত শিথিলতা লাভ কৰিব।

◆ কেনেকৈ আবেদন কৰিব

ইচ্ছুক আৰু যোগ্য প্রার্থীয়ে অনলাইন প্ৰক্ৰিয়াৰে আবেদন পত্র জমা দিব পাৰিব। অনলাইন আবেদনৰ লিংক আৰ আৰ বিৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব। প্রার্থীসকলক শেহতীয়া আপডেটৰ বাবে অফিচিয়েল ৱেবছাইট চাবলৈ আৰ আৰ বিৰ ফালৰ পৰা পৰামৰ্শ দিয়া হৈছে।

◆ আবেদন মাচুল

জেনেৰেল, অ’বিচি, ই ডব্লিউ এছ: ৫০০ টকা
এছ চি, এছ টি, পি এইচ : ২৫০ টকা
মহিলাৰ বাবে: ২৫০ টকা

আবেদন মাচুল কেৱল অনলাইনযোগে গ্রহণ কৰা হ’ব। ডেবিট কার্ড/ক্রেডিট কার্ড/নেট বেংকিং/ ইউ পি আইৰ জৰিয়তে মাচুল পৰিশোধ কৰিব পাৰিব। আবেদন মাচুল লিখিত পৰীক্ষাৰ পিছত ঘূৰাই দিয়া হ’ব। জেনেৰেল সকলে ৪০০ টকা, অ’ বি চি, ই ডব্লিউ এছ, এছ চি, এছ টি, পি এইচ সকলে ২৫০ টকা আৰু মহিলাসকলে সম্পূর্ণ ধন ঘূৰাই পাব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,917FansLike
0FollowersFollow
22,900SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
22 ° C
22 °
22 °
86 %
1.4kmh
100 %
Tue
22 °
Wed
31 °
Thu
31 °
Fri
33 °
Sat
34 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03
Video thumbnail
নতুন অধ্যায় সূচনাৰে আজিৰে পৰা আইপিএল ২০২৬ | A new chapter, IPL 2026 | #notun_somoy
02:40
Video thumbnail
ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে আকাশলংঘী হ'ব পাৰে বিমান টিকটৰ দাম || #notun_somoy
03:06
Video thumbnail
পুনৰ বৃদ্ধি পাব অত্যাৱশ্যকীয় ঔষধৰ মূল্য | Medicine Price | #notun_somoy
03:11
Video thumbnail
আই পি এলত ক’ৰ্পৰেটৰ বৃহৎ চমক || #notun_somoy
03:33
Video thumbnail
বিশ্বৰ শীৰ্ষ ৫০খন প্ৰদূষিত চহৰৰ ভিতৰত ভাৰতৰ ২৯ খন চহৰ | Air pollution | #notun_somoy
02:54

শেহতীয়া আপডেটঃ