● ভাৰতীয় অৰ্থনীতিৰ কেইটামান উল্লেখযোগ্য দিশ-২০২৪

- Advertisement -
- Advertisement -
- Advertisement -

জিডিপিৰ বৃদ্ধি, শক্তিশালী বৈদেশিক বিনিয়োগৰ মজুত, আৰু অভিলেখ সৃষ্টিকাৰী প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহে ২০২৪ বৰ্ষটোৰ সফলতাক চিহ্নিত কৰে যদিও উচ্চ মুদ্ৰাস্ফীতি, খৰচৰ গতি মন্থৰ হোৱা আৰু জিডিপি বৃদ্ধিৰ পূৰ্বাভাসৰ নিম্নগামী পুনৰীক্ষণে সমগ্র বছৰটোত দেশৰ অৰ্থনৈতিক নীতি নিৰ্ধাৰক আৰু বিশ্লেষক সকলৰ মাজত যথেষ্ট চিন্তাৰ সৃষ্টি কৰিছিল।

২০২৪ বৰ্ষটো অৰ্থনৈতিক আশাবাদেৰে আৰম্ভণি হৈছিল যদিও অতি সোনকালেই বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তা আৰু ঘৰুৱা চাপে ইয়াক ম্লান কৰি তুলিছিল। এই সকলোবোৰৰ মাজেৰে ভাৰতীয় অৰ্থনীতিয়ে গাঁথনিগত সংস্কাৰ, বিত্তীয় বিচক্ষণতা আৰু স্থিতিস্থাপকতাৰ মিশ্ৰণেৰে ২০২৪ বৰ্ষত আগুৱাই গৈছিল।

২০২৪ বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ৭.২%ৰ আকৰ্ষণীয় বৃদ্ধিৰ হাৰ পৰিলক্ষিত হৈছিল। যাৰ ফলত ই বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি হিচাপে পৰিগণিত হৈছিল।

আনকি এই বছৰটোত আই পি অ’ৰ ক্ষেত্রত ভাৰতে চীনকো অতিক্ৰম কৰি এছিয়াৰ আগশাৰীৰ বজাৰ হিচাপেও পৰিগণিত হয়। ছুইগি আৰু হুণ্ডাই মটৰৰ দৰে কোম্পানীয়ে আগবাঢ়ি আহি ভাৰতক ইকুইটি ফাণ্ড ৰেইজিঙত আমেৰিকাৰ পিছতে বিশ্বজুৰি দ্বিতীয় স্থানলৈ উন্নীত কৰিলে। এই আই পি অ’ৰ উত্থানে শ্বেয়াৰ বজাৰক পুনৰ সজীৱ কৰি তোলাই নহয়, বিশ্বৰ বিত্তীয় কেন্দ্ৰ হিচাপে ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰাধান্যকো উন্মোচিত কৰিলে।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনৰ মজিয়াত দাখিল কৰা কেন্দ্ৰীয় বাজেট ২০২৪-২৫ য়ে ভৱিষ্যতৰ বাবে এক সুদূৰপ্ৰসাৰি দৃষ্টিভংগী ৰচনা কৰে। ৪.৯% বিত্তীয় ঘাটিৰ লক্ষ্য লৈ বাজেটত আন্তঃগাঁথনি, সেউজ শক্তি, আৰু শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। এই ব্যৱস্থাসমূহ বিভিন্ন খণ্ডত লাখ লাখ নিয়োগ সৃষ্টি কৰাৰ লগতে বহনক্ষম বিকাশ বাবে যুগুত কৰা হৈছিল।

চলিত বৰ্ষটোত অন্যতম উল্লেখযোগ্য প্ৰত্যাহ্বান আছিল ভাৰতীয় টকাই প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে সৰ্বকালৰ নিম্নতম ৮৫.২৫ ত উপনীত হোৱা। বাণিজ্যিক ঘাটি বৃদ্ধি আৰু মূলধনৰ প্ৰবাহ মন্থৰ হোৱাৰ ফলত এই মূল্য হ্ৰাসে দেশৰ বাহ্যিক একাউণ্টৰ দুৰ্বলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। বছৰৰ পিছত বছৰ ধৰি ১৮.৪% বৃদ্ধি পোৱা বাণিজ্যিক ঘাটিয়ে ৰপ্তানি বৃদ্ধি আৰু আমদানি ফলপ্ৰসূভাৱে পৰিচালনাৰ বাবে নীতিগত হস্তক্ষেপৰ প্ৰয়োজনীয়তাক আৰু অধিক উজ্জ্বল কৰি তুলিছে।

বছৰটোত মুদ্ৰাস্ফীতি ধাৰাবাহিকভাৱে চিন্তাৰ বিষয় হৈয়েই থাকিল।খাদ্য আৰু ইন্ধনৰ মূল্য বৃদ্ধিয়ে বিশেষকৈ ভাৰতৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা পৰিয়ালসমূহৰ ওপৰত প্ৰভাৱ পেলাইছিল। উচ্চ মুদ্ৰাস্ফীতিৰ হাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকক মূল্যৰ স্থিতিশীলতাৰ সৈতে বৃদ্ধিৰ আকাংক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি সতৰ্ক মুদ্ৰানীতিৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল। শ্বেয়াৰ বজাৰতো এটা অশান্ত বছৰ দেখা গ’ল, নিৰ্বাচনৰ পিছৰ অস্থিৰতাই বছৰৰ শেষৰ ফালে ক্ৰমাৎ সুস্থিৰ হোৱাৰ পূৰ্বে বিনিয়োগকাৰীৰ আস্থা কঁপাই তুলিছিল।

২০২৪ চনত ভাৰতৰ অৰ্থনীতিৰ বাবে এক স্থিতিস্থাপকতা আৰু প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ এক বছৰ। এইটো বৰ্ষতে বিশ্বই প্ৰত্যক্ষ কৰি থকাৰ সময়তে ভাৰতৰ এই যাত্ৰাই বিশ্ব অৰ্থনৈতিক ক্ষেত্ৰত এক গতিশীল দেশ হিচাপে নিজৰ সম্ভাৱনাৰ ওপৰত আশা আৰু আস্থা জগাই তুলিছে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
23.7 ° C
23.7 °
23.7 °
90%
1.6m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ