ভাৰতীয় চিনেমাৰ ব্লকবাষ্টাৰ বছৰ হিচাপে পৰিগণিত ২০২৪

- Advertisement -
- Advertisement -
- Advertisement -

● ভাৰতীয় চিনেমাৰ ব্লকবাষ্টাৰ বছৰ হিচাপে পৰিগণিত ২০২৪
● বক্স অফিচত ‘পুষ্পা-২: দ্যা ৰোল’ৰ খলকনি
● চিকাৰ, স্বৰ্গৰথ, জিয়া আদিয়ে সমৃদ্ধ কৰিলে অসমীয়া ছবি উদ্যোগ
● ১১ কোটি উপার্জনেৰে অসমীয়া চিনেমাৰ শীৰ্ষত ‘বিদুৰভাই’

ভাৰতীয় চিনেমা জগতৰ ক্ষেত্ৰত ষ্টৰী টেইলিং, প্ৰযুক্তি, আৰু সাংস্কৃতিক প্ৰভাৱেৰে ২০২৪ বৰ্ষটো উজ্বলি উঠিল। চলিত বৰ্ষত এখনৰ পাছত আন এখন অভিলেখ ভংগকাৰী ব্লকবাষ্টাৰ ছবিৰ মুক্তিৰে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগে বিশ্বজুৰি দৰ্শকৰ সৈতে মনোৰঞ্জন প্ৰদান কৰিছিল।

২০২৪ চনত ভাৰতীয় চিনেমাৰ সফলতাৰ ক্ষেত্ৰত অন্যতম আছিল ২০২১ চনৰ চুপাৰ হিট ছবিখনৰ বহু প্ৰত্যাশিত ছিকুৱেল “পুষ্পা: দ্যা ৰুল”। দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনে পুষ্পা ৰাজৰ চিনাকি চৰিত্ৰত অভিনয় কৰা এই ছবিখনে অভিলেখ ভংগ কৰি বিশ্বজুৰি ১,৭০৫ কোটি টকাৰ উপাৰ্জনেৰে বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় চিনেমা হিচাপে পৰিগণিত হয়।

ইফালে, প্ৰভাস, দীপিকা পাডুকন, আৰু অমিতাভ বচ্চনক লৈ নাগ অশ্বিনৰ নিৰ্দেশনাত নিৰ্মিত চলচিত্ৰ “কল্কি ২৮৯৮ এ ডি” য়ে ১,২০০ কোটি টকা সংগ্ৰহ কৰে, অত্যাধুনিক ভিজুৱেল ইফেক্টৰ সৈতে মিশ্ৰণেৰে নিৰ্মিত ছবিখনে বিশ্বজুৰি দৰ্শকক মোহিত কৰে।

এই বৰ্ষটোত ভাৰতীয় চিনেমাৰ বিশ্বব্যাপী স্থান যথেষ্ট সম্প্ৰসাৰিত হয়।লেটিন আমেৰিকা আৰু ইউৰোপৰ দৰে অগতানুগতিক বজাৰত “পুষ্পা: দ্যা ৰুল”ৰ সফলতাই বিদেশত ভাৰতীয় ছবিৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আকৰ্ষণক প্ৰতিফলিত কৰিলে। ইয়াৰ উপৰিও কিৰণ ৰাওৰ নিৰ্দেশনাৰে নিৰ্মিত চলচিত্ৰ “লাপতা লেডীজ” নামৰ চিনেমাখনে অস্কাৰৰ দৌৰত ভাৰতীয় ছবিৰ শিতানত প্ৰৱেশ কৰিছিল।

 

চলিত বৰ্ষত আঞ্চলিক চিনেমাৰ উত্থানেও ভাৰতীয় চিনেমাৰ বৈচিত্ৰ্যক উজ্বলাই তুলিছিল। তামিল, তেলেগু, মালায়ালম, পাঞ্জাৱী, বাংলা আদি আঞ্চলিক ছবি উদ্যোগসমূহেও কিছুমান প্ৰভাৱশালী ছবি নিৰ্মাণ কৰিলে। পিছপৰি নাথাকিল অসমীয়া চলচ্চিত্ৰ উদ্যোগো। বছৰটোত মুক্তিপ্ৰাপ্ত “জিয়া”,”স্বৰ্গৰথ”, “সুন্দৰপুৰ কে অ এছ”, ৱাইড এংগল”, “চিকাৰ” আদি ছবিয়ে অসমীয়া চলচিত্ৰ উদ্যোগটো সমৃদ্ধ কৰিলে। “বিদুৰভাই” ছবিখনে প্ৰায় ১১ কোটি টকা উপাৰ্জনেৰে বছৰটোৰ সৰ্বাধিক উপাৰ্জনকাৰী অসমীয়া চলচিত্ৰ হিচাপে অভিলেখ সৃষ্টি কৰিলে।

বক্স অফিচত ব্লকবাষ্টাৰ, ক্ৰিয়েটিভ ষ্টৰী টেইলিং , আৰু বিশ্বব্যাপী স্বীকৃতিৰ সংমিশ্ৰণেৰে ২০২৪ বৰ্ষত ভাৰতীয় চিনেমাই সাংস্কৃতিক আৰু অৰ্থনৈতিক শক্তি হিচাপে নিজৰ মৰ্যাদাক পুনৰ এবাৰ সুদৃঢ় কৰিলে ।

- Advertisement -

গুৱাহাটীঃ

Stay Connected

27,264FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
23.7 ° C
23.7 °
23.7 °
90%
1.6m/s
100%
Mon
29 °
Tue
33 °
Wed
35 °
Thu
35 °
Fri
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
00:51
Video thumbnail
গুৱাহাটীত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত ডিজিটেল বেংকৰ শুভাৰম্ভ || #notun_somoy
02:23
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33

শেহতীয়া আপডেটঃ