27.2 C
Guwahati
Friday, April 25, 2025

Buy now

বৰ্ষাপাৰাত আই পি এলৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা

- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ হ’বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ টি-২০ ক্রিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ যাতায়তৰ সুবিধা হোৱাৰ লগতে জৰুৰীকালীন বাহন যেনে এম্বুলেন্স, স্কুল বাছ, অগ্নি নিৰ্বাপক বাহন আদিৰ চলাচল সুচল হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসাৰে কাইলৈ দিনৰ ৩ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাহাটী মহানগৰী অংশত গধূৰ যান-বাহন আৰু বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। কাইলৈ গুৱাহাটীৰ আৰ্য নগৰৰ পৰা লখৰা চাৰিআলিলৈ যোৱা পথটো দিনৰ ৩ বজাৰ পৰা ৱানৱে হৈ পৰিব। লালগণেশ তিনিআলি অঞ্চলৰ পৰা খেলৰ কাৰ পাছ থকা বাহনকহে বৰ্ষাপাৰালৈ চলাচলৰ অনুমতি প্ৰদান কৰা হ’ব। আনহাতে বর্ষাপাৰা তিনিআলিৰ পৰা ধীৰেণপাৰা তিনিআলিলৈও পথছোৱা ৱানৱে হৈ পৰিব আৰু খেলৰ কাৰ পাছ থকা বাহনেহে চলাচলৰ অনুমতি পাব। অৱশ্যে স্থানীয় বাসিন্দাৰ বাহন আৰু জৰুৰীকালীন সেৱাৰ বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য নহয়।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

10,496FansLike
0FollowersFollow
22,300SubscribersSubscribe
- Advertisement -
Assam
light rain
25.1 ° C
25.1 °
25.1 °
72 %
1.5kmh
37 %
Fri
25 °
Sat
38 °
Sun
36 °
Mon
29 °
Tue
34 °
Click & Play Now YouTube- ভিডিঅ’
শিৱসাগৰ খনামুখ গাওঁ পঞ্চায়তত মানস শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ || #notun_somoy
02:50
Video thumbnail
শিৱসাগৰ খনামুখ গাওঁ পঞ্চায়তত মানস শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ || #notun_somoy
02:50
Video thumbnail
নিজ সমষ্টি নাজিৰাতে বিধায়ক দেৱব্ৰত শইকীয়াৰ পুত্তলিকা দাহ || #notun_somoy
03:24
Video thumbnail
দিখৌমুখত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিধায়ক প্ৰদীপ হাজৰিকা || #notun_somoy
04:24
Video thumbnail
শূন্য ভূমিহীন, শূন্য গৃহহীন ৰাজ্য কেৰালা || #notun_somoy
10:38
Video thumbnail
ভগৱান মহাবীৰ জয়ন্তী আৰু বিশ্ব নমোকাৰ মহামন্ত্ৰ দিৱস || #notun_somoy
01:08
Video thumbnail
•অশ্বিনী গগৈৰ সৈতে ‘ইতিহাসৰ পাত লুটীয়াই’ •খণ্ড-২০ || #notun_somoy
03:28
Video thumbnail
চৰকাৰে গুৰুত্ব নিদিয়া অসম চুক্তিৰ ৪০ বছৰ হ’ল || #notun_somoy
16:23
Video thumbnail
নাজিৰাৰ মেকিপুৰ চাহ বাগিচা কৰ্তৃপক্ষৰ অবিবেচক কাণ্ডৰ পৰিণতি || #notun_somoy
06:18
Video thumbnail
ডিমৌ উপ-সংমণ্ডলত প্ৰায় ১৫ লাখৰো অধিক টকাৰ বিত্তীয় কেলেংকাৰী || #notun_somoy
02:06
Video thumbnail
চৰকাৰে জৰিমনাৰ নামত মহানগৰৰ নাগৰিকৰ জেপৰ পৰা ১ বছৰতে নিলে ৩১ কোটি || #notun_somoy
02:21

শেহতীয়া আপডেটঃ