‘ইতিহাসৰ পাত লুটিয়াই’ (খণ্ডঃ ২১)

- Advertisement -
- Advertisement -
- Advertisement -

– আহোম সাম্ৰাজ্যৰ ৰাজধানী বহু কেইবাৰ স্থানান্তৰিত হৈছিল
– স্বৰ্গদেউ চুকাফাই প্ৰথম ৰাজধানী স্থাপন কৰিছিল শিৱসাগৰৰ জয়পুৰত
– প্ৰায় আঢ়ৈশ বছৰ আহোম সাম্ৰাজ্যৰ ৰাজধানী আছিল গড়গাঁৱত

আহোম ৰাজত্ব কালৰ অধিক সময় গড়গাঁৱত ৰাজধানী আছিল যদিও স্বৰ্গদেউ সকলে বহু সময়ত এই ৰাজধানী পৰিৱৰ্তন কৰিছিল৷ আহোম ৰাজত্ব কালত ৰাজধানী একে ঠাইতে নাছিল৷
১২২৬ -ত স্বৰ্গদেউ চুকাফা সৌমাৰত প্ৰৱেশ কৰি মুং-ক্লাং-চেখ্ৰাক অৰ্থাৎ অভয়পুৰত ৰাজধানী স্থাপন কৰে৷ শিৱসাগৰৰ এই স্থানত বানপানী অহাৰ বাবে স্বৰ্গদেউৱে অভয়পুৰৰ পৰা হাবুঙলৈ ৰাজধানী স্থানান্তৰ কৰে৷ হাবুঙতো বানপানী হোৱাত ১২৪৪-ত লিগিৰী গাঁৱত ৰাজধানী স্থাপন কৰিলে৷ শিৱসাগৰৰ এই স্থানৰ পৰা ১২৪৬ -ত স্বৰ্গদেউৱে পুনৰ শিমলুগুৰিলৈ ৰাজধানী স্থানান্তৰিত কৰে৷
১২৫৩ -ত স্বৰ্গদেউৱে শিমলুগুৰিৰ পৰা চে-তাম-ডয়ত ৰাজধানী স্থানান্তৰ কৰে৷ নতুনকৈ স্থাপন কৰা ৰাজধানীত দেওধাইৰ হতুৱাই নুনি গছৰ তলত দেৱতাসকলক পূজা দিয়াৰ লগতে দুটা ঘোঁৰা বলি দিয়া হয়৷ চে-তাম-ডয় পৰৱৰ্তী কালত চৰাইদেউ নামেৰে পৰিচিত হয়৷
স্বৰ্গদেউ বামুনী কোঁৱৰে চৰাউদেউৰ পৰা ৰাজধানী স্থানান্তৰিত কৰি দিহিঙৰ কাষত চৰগুৱাত পাতে৷ চৰগুৱাত প্ৰায় ৯০ বছৰ ৰাজধানী আছিল৷
স্বৰ্গদেউ দিহিঙীয়া ৰজাই চৰগুৱাৰ পৰা বকতালৈ ৰাজধানী স্থানান্তৰ কৰে৷ বকতাত ৰাজধানী পাতি আহোম স্বৰ্গদেউৱে চুতীয়া, ভূঞা আৰু কছাৰী ৰাজ্য জয় কৰি ৩ খন ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল কৰে৷
১৫৩৯ -ত স্বৰ্গদেউ গড়গঞা ৰজাই গড়গাঁৱত ৰাজধানী পাতে৷ গড় মাৰি ৰাজধানী পতাৰ বাবেই সেই ঠাইৰ নাম গড়গাওঁ হয়৷
স্বৰ্গদেউ প্ৰতাপ সিংহই ১৬০৩ -ত গড়গাঁৱত নগৰ সুৰক্ষিত কৰিবৰ উদ্দেশ্যে নগৰৰ চাৰিওফালে বাঁহগড় নিৰ্মাণ কৰাই ১০ খন দুৱাৰ আৰু ৩ খন সিংহদুৱাৰ দিয়ে৷ স্বৰ্গদেউ ৰুদ্ৰসিংহই গড়গাঁৱত পকী পূজা ঘৰ, দুৱাৰ আৰু ৰংঘৰ নিৰ্মাণ কৰে৷ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৰংপুৰ আৰু গড়গাঁৱৰ দুয়ো নগৰতে ২টা পকী তলাতল ঘৰ কৰালে৷ ইতিহাসবিদসকলৰ মতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই গড়গাঁৱৰ কাৰেংঘৰ নিৰ্মাণ কৰাইছিল৷ এইজনা স্বৰ্গদেউৱে তেহমুঙত এখন পকী নগৰ নিৰ্মাণ কৰাইছিল৷
স্বৰ্গদেউ গড়গঞা ৰজাই যোৰহাটলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল৷
স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনলৈকে গড়গাঁৱত আৰু ৰংপুৰ দুয়োখনেই আহোম ৰাজ্যৰ ৰাজধানী আছিল৷
গড়গাঁৱত ৰাজধানী থকা প্ৰায় আঢ়ৈশ বছৰত আহোম সাম্ৰাজ্য সমগ্ৰ অসমতে বিস্তাৰিত হৈছিল৷

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,258FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
22.5 ° C
22.5 °
22.5 °
96%
1m/s
53%
Fri
32 °
Sat
32 °
Sun
32 °
Mon
28 °
Tue
32 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33

শেহতীয়া আপডেটঃ