৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপৰ ১৭ সংখ্যক সংস্কৰণ : কোহলীৰ অনুপস্থিতিয়ে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মাজত উৎকণ্ঠা

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্কঃ

৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপৰ ১৭ সংখ্যক সংস্কৰণ। তাৰ পৰৱৰ্তী দিনতটোতেই ভাৰতে ইউ এ ইৰ বিৰুদ্ধে ডুবাইৰ ক্ৰিকেট গ্ৰাউণ্ডত সমুখ সমৰত নামিব। কিন্তু এইবাৰৰ প্ৰতিযোগিতাখনত ক্ৰিকেট অনুৰাগী সকলে জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট ক’হলীক আৰু দেখা নাপাব। বিগত বছৰত টি-২০ৰ পৰা অৱসৰ লোৱা ভাৰতীয় বেটিং আইকন গৰাকীয়ে ২০২৫ চনৰ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে, যাৰ ফলত অনুৰাগীসকলে এইবাৰ ফৰ্মেটটোৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীৰ খেল উপভোগ কৰাৰ পৰা বঞ্চিত হ’ব।

২০১৬ আৰু ২০২২ চনৰ পিছত ভাৰতে তৃতীয়বাৰৰ বাবে টি-২০ ফৰ্মেটত এছিয়া কাপ খেলিছে।ভাৰতে এম এছ ধোনিৰ নেতৃত্বত প্ৰথমটো টি-২০ এছিয়া কাপত জয়লাভ কৰিছিল।২০২২ চনত শ্ৰীলংকাই এই ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে টি-২০ আৰু এদিনীয়া দুয়োটা ফৰ্মেটতে এছিয়া কাপৰ খিতাপ দখল কৰা একমাত্ৰ অধিনায়ক ধোনী যদিও ক’হলী হৈছে দুয়োটা ফৰ্মেটতে শতক অৰ্জন কৰা একমাত্ৰ খেলুৱৈ।

আহিবলগীয়া টি-২০ আন্তৰ্জাতিক এছিয়া কাপত ক’হলীৰ অনুপস্থিতি এতিয়া বাৰুকৈয়ে অনুভৱ কৰা হৈছে ।কাৰণ,টি-২০ ইণ্টাৰনেছনেল এছিয়া কাপত ক’হলীৰ আছে ব্যতিক্ৰমী অভিলেখ । মাত্ৰ ১০খন মেচতে তেওঁ ৮৫.৮০ৰ আকৰ্ষণীয় গড় ৰাণেৰে আৰু ১৩২ ষ্ট্ৰাইক ৰেটত ৪২৯ ৰান সংগ্ৰহ কৰিছিল। আৰু ই হৈছে এই ফৰ্মেটৰ যিকোনো খেলুৱৈয়ে সংগ্ৰহ কৰা ৰাণৰ ভিতৰত সৰ্বাধিক।তেওঁৰ প্ৰদৰ্শনৰ ভিতৰত আছিল এটা শতক আৰু তিনিটা অৰ্ধশতক, য’ত কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ অপৰাজিত ইনিংছ ১২২ ৰানো অন্তৰ্ভুক্ত যিটো আছিল তেওঁৰ একমাত্ৰ টি-২০ শতক। এনেধৰণৰ অভিলেখ সৃষ্টিৰ বাবেই তেওঁক টি-২০ এছিয়া কাপ ক্ৰিকেটৰ ‘কিং’ হিচাপে ক্ৰিকেটপ্ৰেমীৰ মাজত পৰিচিত।

এছিয়া কাপতো কোহলীৰ এদিনীয়া অভিলেখ সমানেই আকৰ্ষণীয়। ১৬খন মেচত গড়ে ৬১.৮৩ আৰু ষ্ট্ৰাইক ৰেট ৯৯.৭৩ ৰে মুঠ ৭৪২ ৰান সংগ্ৰহ কৰিছে। চাৰিটা শতক আৰু ১৮৩ ৰান শীৰ্ষ স্ক’ৰেৰে – এদিনীয়াত তেওঁৰ সৰ্বোচ্চ স্ক’ৰেৰে তেওঁ প্ৰতিযোগিতাখনৰ অন্যতম আকৰ্ষণীয় প্ৰদৰ্শনকাৰী হৈয়ে আছে। ৩৬ বৰ্ষীয়া ক্ৰিকেটাৰ গৰাকীৰ ক্ৰিকেট কেৰিয়াৰ সমাপ্তিৰ কাষ চপাৰ পাছতো তেওঁ ভাৰতৰ হৈ এদিনীয়া মেচত তেওঁৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে।

সম্প্ৰতি ক’হলীৰ অনুপস্থিতিত ভাৰতৰ সম্ভাৱনাক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি হৈছে। অৱশ্যে ক’হলী নাথাকিলেও এছিয়া কাপৰ টি-২০ ফৰ্মেটত অভিলেখ সৃষ্টিৰে তেওঁ লাখ লাখ অনুৰাগীৰ মাজত চিৰস্মৰণীয় হৈ থাকিব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,254FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
few clouds
32 ° C
32 °
32 °
52%
1.8m/s
23%
Thu
31 °
Fri
32 °
Sat
31 °
Sun
34 °
Mon
32 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33

শেহতীয়া আপডেটঃ