▪️১৪ মাৰ্চত প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা, বৈঠকৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

নতুন দিল্লী, ১৩ মাৰ্চঃ নতুন দিল্লীত আজি অসমৰ সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সভাপতিত্বত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, অসমৰ নিৰ্বাচনৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধী আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক কেচি বেণুগোপাল, সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছ কমিটীৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, সহ-তত্বাৱধায়ক পৃথ্বীৰাজ প্ৰভাকৰ সাথে, মনোজ চৌহান, বিকাশ উপাধ্যায়ৰ লগতে জ্যেষ্ঠ পৰ্যবেক্ষকসকল আৰু কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্যসকলেও অংশগ্ৰহণ কৰে।

উক্ত বৈঠকত অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থী নিৰ্বাচনৰ লগতে নিৰ্বাচন সম্পৰ্কীয় অন্যান্য বিষয়সমূহৰ ওপৰতো বিশদভাবে আলোচনা কৰা হয়। বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ ৯৫ শতাংশ চূড়ান্ত হৈছে। কাইলৈৰ ভিতৰত কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ পাব বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। আনহাতে ৰাইজৰ দলৰে মিত্ৰতা সন্দৰ্ভত ইতিবাচক দৃষ্টিভংগী প্ৰকাশ কৰি গগৈয়ে কয়, ”মিত্ৰতাৰ ক্ষেত্ৰত বিৰতিহে লোৱা হৈছে, ভংগ কৰা হোৱা নাই।’’ মিত্ৰতা ভাললৈ যাব পাৰে বুলিও বিশেষ ইংগিতপূৰ্ণ মন্তব্য কৰে গগৈয়ে। ৰাইজৰ দলৰ সৈতে আসন বুজাবুজিক লৈ অলপ গৰম হয় বাবে শান্ত হৈ সিদ্ধান্ত ল’বলৈকে এখোজ পিছুৱাই দিয়া হৈছিল বুলিও কয় গগৈয়ে।











