ছ’চিয়েল মিডিয়া নে মানসিক ব্যাধি ?

- Advertisement -
- Advertisement -
- Advertisement -

● ‘ডিজিটেল বিহ’ৰ কবলত নৱপ্ৰজন্ম
● কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্যলৈ সংকট
● ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ দিশে বিশ্ব

ডিজিটেল যুগত শিশুৰ হাতত অতি সৰু বয়সতে স্মাৰ্টফোন তুলি দিয়াৰ প্ৰৱণতাই সমগ্ৰ বিশ্বতে এক উদ্বেগজনক মানসিক স্বাস্থ্য সংকটৰ সৃষ্টি কৰিছে। শেহতীয়া একাধিক আন্তঃৰাষ্ট্ৰীয় গৱেষণাই এই সাধাৰণ যেন লগা অভ্যাসটোৰ আঁৰৰ ভয়াবহ পৰিণাম উন্মোচন কৰিছে। ‘ছেপিয়েন লেবছ’ৰ উদ্যোগত এক লাখতকৈ অধিক যুৱক-যুৱতীৰ ওপৰত চলোৱা এক বিস্তৃত গৱেষণাত পোহৰলৈ আহিছে যে ১৩ বছৰ বয়সৰ পূৰ্বেই স্মাৰ্টফোন ব্যৱহাৰ কৰা শিশুসকলৰ মাজত পৰৱৰ্তী সময়ত আত্ম*হ*ত্যাৰ প্ৰৱণতা আৰু মানসিক বিচ্ছিন্নতা অস্বাভাৱিকভাৱে বৃদ্ধি পায়। একেদৰে, ‘পেডিয়াট্ৰিক্স’ আলোচনীত প্ৰকাশিত আন এক নিৰপেক্ষ অধ্যয়নে প্ৰমাণ কৰিছে যে ১২ বছৰ বয়সৰ পূৰ্বেই নিজা স্মাৰ্টফোন পোৱা শিশুৰ হতাশা বা ডিপ্ৰেছনৰ হাৰ ৩১ শতাংশ, মেদবহুলতা ৪০ শতাংশ আৰু নিদ্ৰাহীনতা ৬২ শতাংশলৈকে বৃদ্ধি পায়। প্ৰকৃততে, ক্ৰমবিকাশশীল মগজুৱে ছ’চিয়েল মিডিয়াৰ আসক্তি আৰু চাইবাৰ বুলিংৰ দৰে চাপ সহ্য কৰিব নোৱাৰাৰ ফলতেই তেওঁলোকৰ মানসিক স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে।

মানসিক স্বাস্থ্য বিশেষজ্ঞ আৰু সমাজ বিজ্ঞানীসকলে এই পৰিস্থিতিক ইতিমধ্যে এক গোলকীয় মহামাৰী আখ্যা দিছে। প্ৰখ্যাত মনোবিজ্ঞানী জনাথন হাইটে তেওঁৰ শেহতীয়া চৰ্চিত গ্ৰন্থ ‘দ্যা এংছিয়াছ জেনেৰেচন’ত দাবী কৰিছে যে ১৪ বছৰৰ পূৰ্বে শিশুক কোনো কাৰণতে স্মাৰ্টফোন দিয়াটো অনুচিত আৰু ১৬ বছৰ নোহোৱালৈকে ছ’চিয়েল মিডিয়াৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিব লাগে। আমেৰিকাৰ চাৰ্জন জেনেৰেলৰ শেহতীয়া সতৰ্কবাণী অনুসৰিও, দৈনিক ৩ ঘণ্টাতকৈ অধিক সময় ছ’চিয়েল মিডিয়াত কটোৱা শিশুৰ মানসিক অৱসাদ আৰু উদ্বেগ দুগুণলৈ বৃদ্ধি পায়। ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতো ছবিখন অতিশয় উদ্বেগজনক। ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্স আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰি ২ বছৰৰ তলৰ শিশুক স্ক্ৰীণ টাইম দিয়া অনুচিত যদিও, ‘কিউৰেছ’ জাৰ্নেলত প্ৰকাশিত এক শেহতীয়া গৱেষণা অনুসৰি ভাৰতত ৫ বছৰৰ তলৰ শিশুৱে দৈনিক গড়ে ২.২২ ঘণ্টা স্ক্ৰীণত কটায়, যিটোৱে তেওঁলোকৰ আৱেগিক আৰু ভাষিক বিকাশত প্ৰত্যক্ষ বাধা জন্মাইছে।

এই স্পৰ্শকাতৰ বিষয়টোক লৈ পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি বিশ্বৰ বিভিন্ন দেশে কঠোৰ আইনী স্থিতি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ অষ্ট্ৰেলিয়া চৰকাৰে ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে ছ’চিয়েল মিডিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি এক ঐতিহাসিক আইন প্ৰণয়ন কৰিছে। ইয়াৰ সমান্তৰালকৈ আমেৰিকা যুক্তৰাষ্ট্ৰতো ছিনেটৰ কেটি ব্ৰিট আৰু ব্ৰায়ান স্কটজৰ নেতৃত্বত অনুৰূপ ফেডাৰেল আইন প্ৰণয়নৰ প্ৰস্তুতি চলি থকাৰ লগতে, ডেনমাৰ্ক আৰু যুক্তৰাজ্যৰ দৰে দেশসমূহে বয়সৰ সীমা নিৰ্ধাৰণৰ দিশত অগ্ৰসৰ হৈছে। কেৱল সেয়াই নহয়, ৰাষ্ট্ৰসংঘৰ ইউনেস্কোৱে বিশ্বজুৰি বিদ্যালয়সমূহত স্মাৰ্টফোন নিষিদ্ধ কৰিবলৈ আহ্বান জনাইছে, যিটো ইতিমধ্যে বিশ্বৰ প্ৰায় ৫৪ শতাংশ দেশত কাৰ্যকৰী কৰা হৈছে। ইকুৱেডৰৰ দৰে দেশে আকৌ ইয়াক কেৱল মানসিক স্বাস্থ্যৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থতো ১৫ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

ভাৰততো শিশুৰ অনলাইন সুৰক্ষাৰ বিষয়টোৱে ক্ৰমান্বয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ওপৰত আইনী নিয়ন্ত্ৰণ অনাৰ সন্দৰ্ভত এক ৰাষ্ট্ৰীয় বিতৰ্কৰ সূচনা কৰিছে আৰু কৰ্ণাটক চৰকাৰে ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ এক প্ৰস্তাৱ বিবেচনা কৰি আছে।

নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,159FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
light rain
25.3 ° C
25.3 °
25.3 °
78 %
1.2kmh
81 %
Wed
25 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
34 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33
Video thumbnail
পুৰুষতকৈ মহিলাৰ বিষাদগ্ৰস্ততাত আক্ৰান্ত হোৱাৰ আশংকা দুগুণ বেছি || #notun_somoy
04:23
Video thumbnail
চাইকেলৰে ভাৰত ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত পাপ্পু ৰাম চৌধুৰী || #notun_somoy
06:13
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47
Video thumbnail
JEE Main ত উজলিল গুৱাহাটীৰ য়শৰাজ সিং | JEE Mains Result 2026 | #notun_somoy
02:32
Video thumbnail
একে সময়তে দুটা টি-২০ দল খেলপথাৰত নমোৱাৰ প্ৰস্তুতি | নতুন দলৰ অধিনায়কৰ দৌৰত শ্ৰেয়াস | #notun_somoy
02:49
Video thumbnail
শিৱসাগৰত ৰংঘৰ বাকৰিত চেৰা বিহু উদযাপন | খগেন গগৈলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা | Bihu | #notun_somoy
04:45
Video thumbnail
টেনিছ ক'ৰ্টক চিৰবিদায় কিংবদন্তি ৰাফেল নাডালৰ | Rafael Nadal | #notun_somoy
02:15

শেহতীয়া আপডেটঃ