ইউথেনাচিয়া বা ইচ্ছা মৃত্যু আৰু ভাৰত: দয়া, বিতৰ্ক, আৰু সন্মতি

- Advertisement -
- Advertisement -
- Advertisement -

প্ৰণৱজ্যোতি গগৈ

ইউথেনাচিয়া কি?

ইউথেনাচিয়া (Euthanasia) বা ইচ্ছামৃত্যুক “দয়া হত্যা(mercy killing)” হিচাপেও অভিহিত কৰা হয়। ই হৈছে সাধাৰণতে কোনো মৃত্যুমুখী ৰোগ বা অপ্ৰত্যাৱৰ্তনীয় চিকিৎসাজনিত অৱস্থাৰ ব্যক্তিৰ অত্যন্ত বিষ আৰু দুখৰ পৰা সকাহ পাবলৈ ইচ্ছাকৃতভাৱে ব্যক্তিজনৰ জীৱন শেষ কৰা কাৰ্য্য। যেতিয়া কোনো ব্যক্তিৰ জীৱনৰ মানদণ্ড উন্নত কৰিব নোৱাৰাকৈ অৱনতি ঘটিছে তেতিয়া তেনে ব্যক্তিৰ জীৱন শান্তি আৰু মৰ্যাদাপূৰ্ণভাৱে অন্ত পেলোৱাই হৈছে ইউথেনাচিয়াৰ লক্ষ্য হৈছে। এই ইউথেনাচিয়া শব্দটো মূল গ্ৰীক শব্দ ‘ইউ’ (eu)যাৰ অৰ্থ হৈছে ‘ভাল’ আৰু ‘থেনাট’ছ’ (thanatos) যাৰ অৰ্থ হৈছে মৃত্যু, এই শব্দদুটা সংযুক্ত হৈ গঠন হৈছে।

ইউথেনাচিয়াক মূলতঃ চাৰি প্ৰকাৰে ভাগ কৰিব পাৰি:

১) সক্ৰিয় ইউথেনাচিয়া – য’ত ব্যক্তিজনৰ জীৱন শেষ কৰিবলৈ ইচ্ছাকৃতভাৱে কোনো ব্যৱস্থা, যেনে ঔষধৰ মাৰাত্মক মাত্ৰা প্ৰদান কৰা হয়।

২) নিষ্ক্ৰিয় ইউথেনাচিয়া – য’ত চিকিৎসা আহিলা সমূহ অথবা জীৱন সহায়ক বাবে ৰখা উপকৰণ সমূহ প্ৰত্যাহাৰ কৰা হয়, যাতে ব্যক্তিজনে স্বাভাৱিকভাৱে মৃত্যুবৰণ কৰিব পাৰে।

৩) স্বেচ্ছামূলক ইউথেনাচিয়া – যেতিয়া কোনো ব্যক্তিয়ে নিজেই মৃত্যুৰ বাবে সন্মতি দিয়ে ।

৪) অস্বেচ্ছামূলক ইউথেনাচিয়া – যেতিয়া কোনো ব্যক্তিয়ে নিজেই সন্মতি দিব নোৱাৰে তেনেক্ষেত্ৰত তেনে ব্যক্তিৰ হৈ তেওঁৰ নিকটতম আত্মীয়ৰ দ্বাৰা সিদ্ধান্ত লোৱা হয় । যেনে ক’মাত থকা ৰোগী

সাম্প্ৰতিক সময়ত ইউথেনাচিয়া বিশ্বৰ কেইখনমান দেশতে বৈধ। ২০০২ চনত নেদাৰলেণ্ডে প্ৰথমে ইয়াক বৈধতা প্ৰদান কৰাৰ পিছত বেলজিয়াম আৰু লাক্সেমবাৰ্গে ইয়াক বৈধতা প্ৰদান কৰে। চুইজাৰলেণ্ডৰ দৰে দেশত নিষ্ক্ৰিয় ইউথেনাচিয়াৰ অনুমতি দিয়া হয় যদিও সক্ৰিয় ইউথেনাচিয়াৰ অনুমতি দিয়া নহয়।

ইউথেনাচিয়া আৰু নৈতিক দ্বিধাদ্বন্দ্ব

ইউথেনাচিয়া নৈতিক হয় নে নহয় এই প্ৰশ্নটোৱে বিশ্বজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে। ইউথেনাচিয়াৰ সমৰ্থকসকলে যুক্তি আগবঢ়ায় যে যন্ত্ৰণাদায়ক বিষ বা মৃত্যুমুখী অৱস্থাত ভুগি থকা ব্যক্তিসকলে তেওঁলোকৰ মৃত্যুৰ ধৰণ আৰু সময় নিৰ্ণয় কৰাৰ অধিকাৰ থাকিব লাগে। তেওঁলোকৰ দাবী যে ইয়াৰ দ্বাৰা মানুহৰ যন্ত্ৰণা দীঘলীয়া কৰাতকৈ মৰ্যাদাৰে মৃত্যুবৰণ কৰিবলৈ অনুমতি প্ৰদান কৰে।

আনহাতে বিৰোধীসকলে ইউথেনাচিয়াই জীৱনৰ পবিত্ৰতাক উলংঘা কৰে বুলি দাবী কৰে। বহুতো ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰাই জীৱনক পবিত্ৰ বুলি গণ্য কৰে, আৰু ইচ্ছাকৃতভাৱে ইয়াক শেষ কৰাৰ ধাৰণাটো নৈতিকভাৱে ভুল বুলি গণ্য কৰা হয়। বিশেষকৈ বৃদ্ধ, অক্ষম বা অৰ্থনৈতিকভাৱে বঞ্চিত লোকৰ দৰে দুৰ্বল জনসংখ্যাৰ ক্ষেত্ৰত ইউথেনাচিয়াৰ অপব্যৱহাৰৰ সম্ভাৱনাৰ বিষয়েও সমালোচকসকলে উদ্বেগ প্ৰকাশ কৰে।

ভাৰতে ইউথেনাচিয়াক কেনেদৰে ব্যৱহাৰ কৰিব লাগে ?

বৈচিত্ৰময় সাংস্কৃতিক, নৈতিক আৰু ধৰ্মীয় মূল্যবোধৰ সৈতে ভাৰতে ইউথেনাচিয়াৰ ক্ষেত্ৰত এক অনন্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। দেশখনে এই ক্ষেত্ৰত কিছু অগ্ৰগতি লাভ কৰিছে, উচ্চতম ন্যায়ালয়ে ২০১৮ চনত কেতবোৰ কঠোৰ চৰ্ত সাপেক্ষে নিষ্ক্ৰিয় ইউথেনাচিয়াক বৈধতা প্ৰদান কৰিছে। এই সিদ্ধান্ত লোৱা হৈছে ঐতিহাসিক অৰুণা শ্বানবাগ গোচৰৰ পিছত, য’ত আদালতে স্থায়ীভাৱে সংজ্ঞাহীন অৱস্থাত থকা ব্যক্তিসকলৰ বাবে তেওঁলোকৰ পৰিয়ালৰ লোকৰ আবেদনৰ ভিত্তিত স্থায়ীভাৱে সংজ্ঞাহীন লোকৰ জীৱন ধাৰণৰ চিকিৎসা প্ৰণালী প্ৰত্যাহাৰ কৰাৰ অনুমতি দিছিল। এই ৰায়দান আছিল মৰ্যাদাৰে মৃত্যু(die with dignity)ৰ অধিকাৰৰ স্বীকৃতি।

কিন্তু ভাৰতত সক্ৰিয় ইউথেনাচিয়া অবৈধ হৈয়েই আছে, আৰু ইয়াক কেন্দ্ৰ কৰি নৈতিক আৰু আইনী বিতৰ্ক বৰ্তমানেও অব্যাহত আছে। যিকোনো ৰূপতে ইউথেনাচিয়াক বৈধকৰণে এই প্ৰশ্ন উত্থাপন কৰে যে আৰ্থ-সামাজিক বৈষম্য আৰু স্বাস্থ্যসেৱাৰ বিভিন্ন অসুবিধাৰ দ্বাৰা জৰ্জৰিত সমাজখনত ইয়াৰ অপব্যৱহাৰ নোহোৱাকৈ থাকিব জানো ?

ভাৰতত ইউথেনাচিয়াক আইনী মৰ্যাদা দিয়া উচিত নে?

ভাৰতে নিষ্ক্ৰিয় ৰূপৰ বাহিৰেও সক্ৰিয় ইউথেনাচিয়াক বৈধতা প্ৰদান কৰাটো উচিত নে অনুচিত এইটো এটা জটিল প্ৰশ্ন যাৰ কোনো সহজ অথবা পোনপটীয়া উত্তৰ নাই।

ইউথেনাচিয়াৰ পক্ষত যুক্তিসমূহ:

১) বাছনি কৰাৰ অধিকাৰ: সমৰ্থকসকলে যুক্তি আগবঢ়ায় যে ব্যক্তিসকলে নিজৰ শৰীৰ আৰু জীৱনৰ বিষয়ে সিদ্ধান্ত লোৱাৰ অধিকাৰ থাকিব লাগে, য’ত দুখ-কষ্টৰ অন্ত পেলোৱাৰ বাছনিও অন্তৰ্ভুক্ত। ইউথেনাচিয়াই মৃত্যুমুখী ৰোগৰ সন্মুখীন হোৱাসকলৰ বাবে মৰ্যাদাৰে মৃত্যুৰ বিকল্প আগবঢ়ায়।

২) দুখ-কষ্টৰ পৰা সকাহ: বহু ৰোগীয়ে দীৰ্ঘদিনীয়া, অসহ্যকৰ বিষ সহ্য কৰে আৰু ইউথেনাচিয়াক তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালক সেই দুখৰ পৰা সকাহ দিয়াৰ এক উপায় হ’ব পাৰে।

৩) স্বাস্থ্যসেৱা ব্যৱস্থা: ভাৰতৰ বহু ঠাইত প্ৰশমনমূলক যত্ন আৰু চিকিৎসা ব্যৱস্থাৰ সীমিত সুবিধা থকাৰ পৰিপ্ৰেক্ষিতত ইউথেনাচিয়াই দীৰ্ঘম্যাদী যত্ন ল’ব নোৱাৰাসকলৰ বাবে ব্যৱহাৰিক সমাধান আগবঢ়াব পাৰে।

ইউথেনাচিয়াৰ বিৰোধী যুক্তিসমূহ:

১) নৈতিক চিন্তা: বহুতে যুক্তি আগবঢ়ায় যে জীৱনটো এটা উপহাৰ, আৰু কোনো ব্যক্তি বা প্ৰতিষ্ঠানে ইয়াক শেষ কৰাৰ অধিকাৰ নাই। প্ৰবল ধৰ্মীয় আৰু সাংস্কৃতিক বিশ্বাস থকা ভাৰতত ইউথেনাচিয়া আধ্যাত্মিক মূল্যবোধৰ প্ৰতি চূড়ান্ত অপমান ।

২) অপপ্ৰয়োগৰ সম্ভাৱনা: বিশেষকৈ যিখন দেশত দৰিদ্ৰতা, শিক্ষাৰ অভাৱ আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি পৰ্যাপ্ত পৰিমাণৰ নহয় তেনে এখন দেশত মানুহে নিজৰ জীৱন শেষ কৰিবলৈ কুণ্ঠাবোধ নকৰিব। ভাৰতত ইউথেনাচিয়াক বৈধ কৰিলে অৰাজকতা সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

৩) প্ৰশমনমূলক যত্নৰ ওপৰত গুৰুত্ব দিয়া: বিৰোধীসকলে যুক্তি আগবঢ়ায় যে ইউথেনাচিয়াক বৈধ কৰাৰ পৰিৱৰ্তে ভাৰতে প্ৰশমনমূলক যত্নৰ উন্নতি আৰু স্থায়ীভাৱে সংজ্ঞাহীন হৈ পৰা ৰোগীক উন্নত চিকিৎসা সেৱা আগবঢ়োৱাত গুৰুত্ব দিব লাগে।

এই ক্ষেত্ৰত ভাৰতে কি কৰা উচিত

১) ভাৰতৰ বাবে সতৰ্ক আৰু সুষম পন্থা অতি প্ৰয়োজনীয়। কঠোৰ নিৰ্দেশনাৰ অধীনত নিষ্ক্ৰিয় ইউথেনাচিয়া ইতিমধ্যে বৈধ যদিও সক্ৰিয় ইউথেনাচিয়ালৈ আইনী মৰ্যাদা সম্প্ৰসাৰণৰ বাবে সযতনে চিন্তা কৰাৰ প্ৰয়োজন।

২) ভাৰতে নিশ্চিত কৰিব লাগিব যে যদি ইউথেনাচিয়া বৈধ হয়, তেন্তে ইয়াৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ আইনী, চিকিৎসা, আৰু মানসিক মূল্যায়নকে ধৰি কঠোৰ নিয়মৰ ব্যৱস্থা কৰিব লাগিব। দেশে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে প্ৰশমনমূলক যত্ন আৰু মানসিক স্বাস্থ্যৰ সহায়ৰ সুবিধাও উন্নত কৰাৰ প্ৰয়োজন আছে, যাতে ইউথেনাচিয়া অপৰ্যাপ্ত স্বাস্থ্যসেৱাৰ পৰিণতিৰ পৰিৱৰ্তে শেষ উপায়ৰ বিকল্প হে হয়।

ইউথেনাচিয়া এক যথেষ্ট গভীৰ, ব্যক্তিগত আৰু জটিল বিষয়। ভাৰতত ইয়াৰ বৰ্তমানৰ ৰূপৰ বাহিৰেও সক্ৰিয় ইউথেনাচিয়াক বৈধতা প্ৰদান কৰা উচিত হয় নে নহয় সেয়া পূৰ্ণৰূপে নিৰ্ভৰ কৰিব দুখভোগ কৰাসকলৰ প্ৰতি মমতাৰ ভাৰসাম্য ৰক্ষা, সাংস্কৃতিক মূল্যবোধৰ প্ৰতি সন্মান, আৰু দুৰ্বল ব্যক্তিক সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,926FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
34.7 ° C
34.7 °
34.7 °
36 %
3kmh
99 %
Sat
33 °
Sun
35 °
Mon
34 °
Tue
32 °
Wed
30 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
দেশৰ শ্ৰেষ্ঠ মগজুসমূহক ধৰি ৰখাত কিয় ব্যৰ্থ হৈছে ভাৰত ? | Indian's best intellect | #notun_somoy
03:28
Video thumbnail
আত্মনিৰ্ভৰশীল ভাৰতৰ চমক
03:02
Video thumbnail
ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা ৰাঘৱ চাড্ডাক অপসাৰণ | Raghav Chaddha | #notun_somoy
03:32
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03

শেহতীয়া আপডেটঃ