কংগ্ৰেছৰ হৈ দেৱব্ৰত শইকীয়া, ৰিপুন বৰা, প্ৰণতি ফুকনৰ মনোনয়ন পত্ৰ দাখিল

- Advertisement -
- Advertisement -
- Advertisement -

▪️কংগ্ৰেছৰ হৈ দেৱব্ৰত শইকীয়া, ৰিপুন বৰা, প্ৰণতি ফুকনৰ মনোনয়ন পত্ৰ দাখিল
▪️মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অখিল গগৈ, লুৰীণজ্যোতি গগৈৰ মনোনয়ন পত্ৰ দাখিল
▪️মনোনয়ন পত্ৰ দাখিলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ অংশগ্ৰহণ

গুৱাহাটী, ২০ মাৰ্চঃ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেবাজনো মনোনীত প্ৰাৰ্থীৰ লগতে মিত্ৰজোঁটৰ নেতাসকলে আজি মনোনয়ন পত্ৰ দাখিল কৰে। সেইমৰ্মে বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই নাজিৰা বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্বৰ আবেদন লৈ মনোনয়ন পত্ৰ দাখিল কৰে। শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আজি দেৱব্ৰত শইকীয়াৰ লগতে ৰাইজৰ দলৰ সভাপতি বিধায়ক তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী অখিল গগৈয়েও নিজৰ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল কৰি সংবাদ মাধ্যমৰ আগত দেৱব্ৰত শইকীয়াই কয়, “মই বিজেপিলৈ যাব পাৰোঁ যদিহে কংগ্ৰেছৰ নীতি-আদৰ্শ আৰু বিজেপিৰ নীতি-আদৰ্শ পঢ়িলে একো পাৰ্থক্য পোৱা নাযায়। যেতিয়ালৈকে নীতি-আদৰ্শৰ পাৰ্থক্য থাকিব তেতিয়ালৈকে বিজেপিলৈ যোৱাৰ প্ৰশ্নই নুঠে। কাৰণ মই সংবিধানক বিশ্বাস কৰো।” আনহাতে, খোৱাং সমষ্টিৰ বাবে ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। একেদৰে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখং বিধানসভা সমষ্টিৰ প্ৰাৰ্থী বিপুল গগৈ, নাহৰকটীয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰণতি ফুকন, দুলীয়াজান বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈ, ৮৭ নং চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰ আৰু ডিব্ৰুগড় সদৰ সমষ্টিৰ বিৰোধী ঐক্যৰ উমৈহতীয়া প্ৰাৰ্থী মৈনাক পাত্ৰই সমৰ্থকসকলক লগত লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ উপস্থিতত ডিব্ৰুগড় জিলা আয়ুক্তৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। একেদৰে বৰছলা সমষ্টিৰ বাবে শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আজি মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাক্তন সাংসদ ৰিপুন বৰাই।

May be an image of one or more people, suit and textউল্লেখ্য যে, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ উপস্থিত থাকে। এখন বৰ অসম গঢ়াৰ স্বাৰ্থত কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দি ভ্ৰষ্টাচাৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাম্প্ৰদায়িক দল বিজেপিক পৰাভূত কৰিবলৈ গগৈয়ে আহ্বান জনায়। গগৈয়ে আৰু কয়, “শিৱসাগৰত তিনিওটা সমষ্টিতে আমি জয়ী হ’ম। শিৱসাগৰত বিজেপি শূন্য হ’ব।” অহা ২৩ মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ বাবে কংগ্ৰেছ আৰু প্ৰাৰ্থীসকলে ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। কংগ্ৰেছ প্ৰাৰ্থীসকলে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা ‘এ’ ফৰ্ম আৰু ‘বি’ ফৰ্ম সংগ্ৰহ কৰিছে। নদুৱাৰ সমষ্টিৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰী, নলবাৰী সমষ্টিৰ বাবে অশোক শৰ্মা, ৰঙানদী সমষ্টিৰ বাবে জয়ন্ত খাউণ্ডকে ধৰি আজি প্ৰায় ৩০জন প্ৰাৰ্থীয়ে ৰাজীৱ ভৱনৰ পৰা নথি-পত্ৰ সংগ্ৰহ কৰে। ইফালে, কংগ্ৰেছৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী শান্তনু বৰাই সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব। এই অনুযায়ী শান্তনু বৰাই ৰাজীৱ ভৱনৰ পৰা আৰু মীৰা বৰঠাকুৰে দিছপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা শোভাযাত্ৰা কৰি মনোনয়ন দাখিল কৰিব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,159FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
light rain
31.1 ° C
31.1 °
31.1 °
59 %
2.5kmh
70 %
Wed
31 °
Thu
31 °
Fri
31 °
Sat
34 °
Sun
35 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33
Video thumbnail
পুৰুষতকৈ মহিলাৰ বিষাদগ্ৰস্ততাত আক্ৰান্ত হোৱাৰ আশংকা দুগুণ বেছি || #notun_somoy
04:23
Video thumbnail
চাইকেলৰে ভাৰত ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত পাপ্পু ৰাম চৌধুৰী || #notun_somoy
06:13
Video thumbnail
পশ্চিমবংগ নিৰ্বাচনৰ প্ৰথম পৰ্যায় আৰম্ভ | West Bengal 1st Phase Election | #notun_somoy
03:47
Video thumbnail
JEE Main ত উজলিল গুৱাহাটীৰ য়শৰাজ সিং | JEE Mains Result 2026 | #notun_somoy
02:32
Video thumbnail
একে সময়তে দুটা টি-২০ দল খেলপথাৰত নমোৱাৰ প্ৰস্তুতি | নতুন দলৰ অধিনায়কৰ দৌৰত শ্ৰেয়াস | #notun_somoy
02:49
Video thumbnail
শিৱসাগৰত ৰংঘৰ বাকৰিত চেৰা বিহু উদযাপন | খগেন গগৈলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা | Bihu | #notun_somoy
04:45
Video thumbnail
টেনিছ ক'ৰ্টক চিৰবিদায় কিংবদন্তি ৰাফেল নাডালৰ | Rafael Nadal | #notun_somoy
02:15

শেহতীয়া আপডেটঃ