ইউ পি এছ চিয়ে ঘোষণা কৰিলে এন ডি এ, এন এ পৰীক্ষাৰ তাৰিখ, পূৰণ কৰা হ’ব ৪০৬টা খালী পদ

- Advertisement -
- Advertisement -
- Advertisement -

নিউজ ডেস্কঃ

কেন্দ্ৰীয় লোকসেৱা আয়োগে ২০২৫ বৰ্ষৰ নেছনেল ডিফেন্স একাডেমী (এন ডি এ) আৰু নেভেল একাডেমীৰ (এন এ) বাবে অনুষ্ঠিত কৰিবলগীয়া দ্বিতীয়টো পৰীক্ষাৰ সময়সূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।২০২৫ চনৰ ১৪ ছেপ্টেম্বৰ দেওবাৰে ভাৰতৰ বিভিন্ন কেন্দ্ৰত লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব।আয়োগে নিশ্চিত কৰে যে এন ডি এৰ সেনা, নৌসেনা আৰু বায়ুসেনা শাখাৰ লগতে ভাৰতীয় নৌসেনা একাডেমীৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ৪০৬টা খালী পদ পূৰণ কৰা হ’ব।

ইউ পি এছ চিৰ অধিসূচনা অনুসৰি একেদিনাই দুটা শ্বিফ্টত পৰীক্ষা অনুষ্ঠিত হ’ব। মুঠ ৩০০ নম্বৰ থকা গণিতৰ কাকতখন পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজালৈ অনুষ্ঠিত হ’ব, তাৰ পিছত ৬০০ নম্বৰ থকা ‘জেনেৰেল এবিলিটি’ৰ কাকতখনৰ পৰীক্ষা দিনৰ ২:০০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ অনুষ্ঠিত হ’ব। প্ৰশ্নকাকত সমূহ বস্তুনিষ্ঠ ধৰণৰ, দ্বিভাষিক (হিন্দী আৰু ইংৰাজী) হ’ব।

লিখিত পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলে ‘চাৰ্ভিছ ছিলেক্সন ব’ৰ্ড’ (এছ এছ বি)ৰ সাক্ষাৎকাৰলৈ উত্তীৰ্ণ হব, সাক্ষাৎকাৰত ৯০০ নম্বৰ থাকিব। সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক তেওঁলোকৰ যোগ্যতা আৰু পছন্দৰ ওপৰত নিৰ্ভৰ কৰি ইণ্ডিয়ান মিলিটেৰী একাডেমী, ডেৰাডুন, ‘এয়াৰফৰ্চ একাডেমী, হায়দৰাবাদ, ইণ্ডিয়ান নেভেল একাডেমী, এজিমালা, অফিচাৰ্চ ট্ৰেইনিং একাডেমী, চেন্নাই, বা নেছনেল ডিফেন্স একাডেমীত দ্বিতীয় পৰ্যায়ৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোগ্য হিচাপে বিবেচনা কৰা হ’ব।

পৰীক্ষাৰ সাত দিন পূৰ্বে ইউ পি এছ চিৰ অফিচিয়েল পৰ্টেল – upsc.gov.in আৰু upsconline.nic.in ত এডমিট কাৰ্ড (ই-এডমিট কাৰ্ড) মুকলি কৰা হ’ব বুলি আয়োগে স্পষ্ট কৰি দিছে। হলৰ টিকট ডাউনলোড কৰিবলৈ প্ৰাৰ্থীসকলৰ এপ্লিকেছন আইডি আৰু জন্ম তাৰিখৰ প্ৰয়োজন হ’ব। সকলো প্ৰাৰ্থীকে আয়োগে তেওঁলোকৰ এডমিট কাৰ্ডৰ সবিশেষ সযতনে পৰীক্ষা কৰিবলৈ আৰু যিকোনো অমিল থাকিলে তৎকালীনভাৱে ৰিপৰ্ট কৰিবলৈ আহ্বান জনাইছে।

পৰীক্ষাৰ স্থানলৈ সকলো পৰীক্ষাৰ্থীয়ে নিজৰ ই-এডমিট কাৰ্ড লৈ আহিব লাগিব; অন্যথা তেওঁলোকক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ দিয়া নহ’ব। যদি কোনো প্ৰাৰ্থীয়ে এডমিট কাৰ্ড লাভ নকৰে তেন্তে তেওঁলোকক ইউ পি এছ চি হেল্পডেস্কৰ ০১১-২৪০৪১০০১ নম্বৰত যোগাযোগ কৰিবলৈ বা ব্যক্তিগতভাৱে আয়োগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,256FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
81%
1.2m/s
82%
Thu
25 °
Fri
30 °
Sat
28 °
Sun
28 °
Mon
31 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33

শেহতীয়া আপডেটঃ