৪৭,৮০০ কোটিৰ মেগা পেকেজ লৈ অসমত প্ৰধানমন্ত্ৰী মোদী

- Advertisement -
● ৪৭,৮০০ কোটিৰ মেগা পেকেজ লৈ অসমত প্ৰধানমন্ত্ৰী মোদী
● চাহ শ্ৰমিকলৈ ভূমিৰ পট্টা, বৰাকলৈ এক্সপ্ৰেছৱে’
● অসমৰ আন্তঃগাঁথনিত প্ৰধানমন্ত্ৰীৰ বৃহৎ ঘোষণা
●’বিকাশ’ আৰু ‘সুৰক্ষা’ৰ প্ৰতিশ্ৰুতিৰে দিছপুৰত হেট্ৰিকৰ লক্ষ্য
নিউজ ডেস্ক, গুৱাহাটী, ১৪ মাৰ্চ :
অসমৰ আগন্তুক ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যখনৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দৃশ্যপট সলনি কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে এক বৃহৎ উন্নয়নমূলক কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰে। কোকৰাঝাৰ, গুৱাহাটী আৰু শিলচৰক সামৰি মুঠ ৪৭,৮০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ মেগা প্ৰকল্পৰ পেকেজ ঘোষণা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে শাসকীয় বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰৰ আনুষ্ঠানিক শংখধ্বনি কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।ৰাজনৈতিক বিশ্লেষক সকলৰ মত অনুসৰি এই বিশাল পুঁজিৰ বিনিয়োগ কেৱল আন্তঃগাঁথনিৰ উন্নয়নতে সীমাবদ্ধ থকা নাই, বৰঞ্চ ইয়াৰ জৰিয়তে একেৰাহে তৃতীয়বাৰৰ বাবে দিছপুৰৰ ক্ষমতা দখলৰ এক সুচিন্তিত ৰাজনৈতিক বাৰ্তা প্ৰেৰণ কৰা হৈছে।
May be an image of crowd
প্ৰতিকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ পৰাই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিটিআৰৰ বাবে ৪,৫৭০ কোটি টকাৰ প্ৰকল্পৰ লগতে ‘অসম মালা ৩.০’ আৰু বাশবাৰীত এক ৰেলৱে ৱৰ্কশ্বপৰ আধাৰশিলা স্থাপন কৰে, যিয়ে বড়োভূমিত শান্তিৰ সমান্তৰালভাৱে ঔদ্যোগিক বিপ্লৱৰ সূচনা কৰিব। একেদৰে, গুৱাহাটীক দক্ষিণ-পূব এছিয়াৰ ব্যৱসায়িক প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত ১৯,৬৮০ কোটি টকাৰ পেকেজৰ অধীনত ১৫০ মেগাৱাটৰ কপিলী জলবিদ্যুৎ প্ৰকল্প, থলুৱা সামগ্ৰীৰ বজাৰৰ বাবে ‘পিএম একতা মল’ আৰু কেইবাখনো নতুন ৰেল সেৱাৰ শুভাৰম্ভ কৰা হয়। এই প্ৰকল্পসমূহে সমগ্ৰ ৰাজ্যখনৰ যাতায়ত আৰু শক্তি খণ্ডত আত্মনিৰ্ভৰশীলতা অনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি চৰকাৰে দাবী কৰিছে।
May be an image of one or more people, flute, dais and text
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপটো আছিল চাহ জনজাতি সম্প্ৰদায়ৰ ৩.৩৩ লাখ পৰিয়ালক ভূমিৰ পট্টা প্ৰদান আৰু শিলচৰ-গুৱাহাটী ৪-লেনযুক্ত এক্সপ্ৰেছৱে’ৰ আধাৰশিলা স্থাপন। প্ৰায় দুশ বছৰীয়া বঞ্চনাৰ অন্ত পেলাই চাহ শ্ৰমিকক ভূমিৰ আইনী অধিকাৰ দিয়াটো অসমৰ নিৰ্বাচনী অংকত এক ‘মাষ্টাৰষ্ট্ৰোক’ হিচাপে বিবেচিত হৈছে, যিয়ে ৰাজ্যৰ ১৮ শতাংশ ভোটাৰক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব। আনহাতে, বৰাক উপত্যকাৰ যাতায়তৰ সময় ৮.৫ ঘণ্টাৰ পৰা মাত্ৰ ৫ ঘণ্টালৈ হ্ৰাস কৰিবলগীয়া শিলচৰ এক্সপ্ৰেছৱে’ৰ ঘোষণাই উক্ত অঞ্চলত বিজেপিৰ দুৰ্গ অধিক সুৰক্ষিত কৰিব বুলি শেহতীয়া ৰাজনৈতিক বিশ্লেষণত প্ৰকাশ পাইছে।
May be an image of dais and text
- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,256FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
81%
1.2m/s
82%
Thu
25 °
Fri
30 °
Sat
28 °
Sun
28 °
Mon
31 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33

শেহতীয়া আপডেটঃ