জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগলে প্ৰকাশ কৰিলে ২০২৪ বৰ্ষৰ চাৰ্চ তালিকা

- Advertisement -
- Advertisement -
- Advertisement -

● জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগলে প্ৰকাশ কৰিলে ২০২৪ বৰ্ষৰ চাৰ্চ তালিকা
● শীৰ্ষ স্থানত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰু টি-২০ বিশ্বকাপ
● ভাৰতীয় জনতা পাৰ্টীৰ স্থান তৃতীয়ত
● সৰ্বাধিক চাৰ্চ কৰা চলচিত্ৰৰ ভিতৰত ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰ অভিনীত ‘স্ত্ৰী-২’

চাৰ্চ ইঞ্জিন গুগলে ২০২৪ বৰ্ষত আটাইতকৈ বেছি চাৰ্চ কৰা তালিকাখন প্ৰকাশ কৰিছে। এই বৰ্ষত বিভিন্ন বিষয়ে মানুহৰ আগ্ৰহ আকৰ্ষণ কৰিছিল যদিও ক্ৰিকেটৰ বিষয়টোৱে শীৰ্ষ স্থান দখল কৰে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰু টি-২০ বিশ্বকাপ আছিল সৰ্বাধিক চাৰ্চ কৰা বিষয়। বহু লোকে এইবাৰ নিৰ্বাচনী ফলাফলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল; ভাৰতীয় জনতা পাৰ্টি আৰু নিৰ্বাচনী ফলাফল-২০২৪ আছিল ক্ৰমে তৃতীয় আৰু চতুৰ্থ সৰ্বাধিক চাৰ্চ কৰা বিষয়। ২০২৪ চনৰ অলিম্পিকেও চাৰ্চ কৰা শীৰ্ষ পাঁচটা বিষয়ৰ ভিতৰত স্থান লাভ কৰিছে।

আমি অধিকাংশ ব্যৱহাৰকাৰী বা ইউজাৰে সাধাৰণতে শব্দৰ অৰ্থ বিচাৰিবলৈ গুগলত চাৰ্চ কৰোঁ। এই বছৰ ভাৰতীয়সকলে ‘অল আইজ অন ৰাফাহ’, ‘আকাই’, ‘চাৰ্ভিকেল কেন্সাৰ’, ‘টাৱাইফ’, ‘ডেমুৰে’ৰ অৰ্থ বিচাৰিছিল। এই বছৰত দুখন চলচিত্ৰৰ প্ৰতিও ইউজাৰে গুগলত যথেষ্ট আগ্ৰহ দেখুৱাইছিল, সেই ছবি দুখন হৈছে ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰ অভিনীত ‘স্ত্ৰী-২’, আৰু অমিতাভ বচ্চন, প্রভাছ আৰু দীপিকা পাডুকন অভিনীত ‘কল্কি-২৮৯৮ এ ডি’। কেইমাহ মান পূৰ্বে ছবিগৃহত মুক্তি পোৱা এই চলচিত্ৰ দুখনে দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল।

গুগলে এইটো বৰ্ষতে ‘হাম তু চাৰ্চ’ নামৰ এটা নতুন বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছে যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে গীতসমূহ বিচাৰি পাব পাৰে। এই বৈশিষ্ট্য ব্যৱহাৰ কৰি ইউজাৰে ‘নাদানিয়া’, ‘হুচন’, ‘ইলুমিনাটি’ ‘কাটচি চেৰা’, ‘ইয়ে টু নে ক্যা কিয়া’ আদি চাৰ্চ কৰিছিল।

গুগলত ভাৰতীয় লোকসকলে সৰ্বাধিক চাৰ্চ কৰা চলচিত্ৰসমূহ হৈছে ক্ৰমে- স্ত্ৰী ২, কল্কি ২৮৯৮, টুৱেল্থ ফেইল, লা পাতা লেডীজ, হানু-মান, মহাৰাজা, মঞ্জুমেল বয়জ, দ্যা গ্ৰেটেষ্ট অব অল টাইম, চালাৰ আৰু আৱেশম। ইয়াৰ উপৰি বহুতো জনপ্ৰিয় ৱেব ধাৰাবাহিক আৰু টেলিভিছন শ্ব’ সঘনাই চাৰ্চ কৰা হৈছিল। সেইসমূহ হৈছে হীৰামাণ্ডি, মিৰ্জাপুৰ, দ্যা লাষ্ট অব আচ, বিগবছ-১৭ আৰু পঞ্চায়ত।

ভাৰতীয় লোকসকলে এইটো বৰ্ষত চাৰ্চ কৰা ভ্ৰমণৰ গন্তব্যস্থান সমূহ হৈছে ক্ৰমে- আজাৰবাইজন, বালি, মানালী, কাজাখস্তান, জয়পুৰ, জৰ্জীয়া, মালয়েছিয়া, আযোধ্যা, কাশ্মীৰ আৰু দক্ষিণ গোৱা।

এই বৰ্ষতে ভালেসংখ্যক ভাৰতীয়ই গুগলত বিভিন্ন ৰেচিপি বিশেষকৈ আমৰ আচাৰ, কাঞ্জী, চৰণামৃত, ধনীয়া পাঞ্জিৰি, উগাড়ী পাছাড়ী আৰু শংকৰপালিৰ বিষয়ে চাৰ্চ কৰিছিল বুলি গুগলৰ দ্বাৰা প্ৰকাশিত চাৰ্চ তালিকাখনত প্ৰকাশ পাইছে।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,258FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
23.4 ° C
23.4 °
23.4 °
93%
0.1m/s
68%
Thu
23 °
Fri
32 °
Sat
28 °
Sun
28 °
Mon
31 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33

শেহতীয়া আপডেটঃ