অসমত এতিয়া বিজেপি নাই, বিজেপিৰ লেবেল লগোৱা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ কংগ্ৰেছহে আছেঃ গৌৰৱ গগৈ

- Advertisement -
- Advertisement -
- Advertisement -

▪️অসমত এতিয়া বিজেপি নাই, বিজেপিৰ লেবেল লগোৱা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ কংগ্ৰেছহে আছেঃ গৌৰৱ গগৈ
▪️”যিসকল নেতাৰ বাবে ৰাইজে কংগ্ৰেছক বেয়া পাইছিল সেইসকল কংগ্ৰেছী নেতা এতিয়া বাজপেয়ী ভৱনত একত্ৰিত হৈছে’’
▪️”এইবাৰৰ নিৰ্বাচনী যুঁজ হিমন্ত বিশ্বৰ নেতৃত্বৰ দাগী কংগ্ৰেছী আৰু তৰুণ গগৈৰ আদৰ্শৰ নতুন কংগ্ৰেছৰ মাজত হ’ব’’
▪️মাজুলীত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ড০ ইন্দ্ৰনীল পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ

May be an image of one or more people and text

গুৱাহাটী, ২১ মাৰ্চঃ ‘সন্মুখত আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ কংগ্ৰেছ, বিজেপি মাত্ৰ এটা টেগ হে। তৰুণ গগৈৰ দিনত বেয়া কাম কৰা কংগ্ৰেছী নেতা আজি বিজেপিত আছে। এই নিৰ্বাচনী যুঁজখন হ’ব তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন কংগ্ৰেছৰ মাজত।’- মাজুলীত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ড০ ইন্দ্ৰনীল পেগুৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আৰু কয়, ”অসমত এতিয়া বিজেপি নাই। অসমত এতিয়া বিজেপিৰ লেবেল লগোৱা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ কংগ্ৰেছহে আছে। তেওঁৰ নেতৃত্বত বাজপেয়ী ভৱনত একাংশ প্ৰাক্তন কংগ্ৰেছীয়ে নিজৰ আৰু নিজৰ পৰিয়ালৰ স্বাৰ্থত নিৰ্বাচন খেলিবলৈ উঠি-পৰি লাগিছে। বিপৰীতে আমাৰ লগত আছে তৰুণ গগৈৰ আদৰ্শৰে উদ্বেলিত কংগ্ৰেছ।’’ তেওঁ আৰু কয় যে অসমৰ ৰাইজে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ কংগ্ৰেছ বিচাৰে নে তৰুণ গগৈৰ আদৰ্শৰ কংগ্ৰেছ বিচাৰে সেই সিদ্ধান্ত গ্ৰহণ কৰিব। ”যেতিয়া অসমত কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া যিসকল নেতা-মন্ত্ৰীৰ কাম-কাজৰ বাবে তৰুণ গগৈদেৱৰ চৰকাৰৰ ওপৰত এটা দাগ লাগিল আৰু মানুহবোৰে কংগ্ৰেছ চৰকাৰৰ পৰা আঁতৰি গ’ল সেইসকল নেতাই এতিয়া বাজপেয়ী ভৱনত মন্ত্ৰী-বিধায়ক হোৱাৰ বাবে একত্ৰিত হৈছে। আমাৰ লগত আছে তৰুণ গগৈৰ আদৰ্শৰে আগবঢ়া কংগ্ৰেছ। য’ত ৰাইজে নতুনত্ব দেখিবলৈ পাইছে। নতুন চেহেৰা দেখা পাইছে।’’-গগৈয়ে কয়। এইবাৰৰ নিৰ্বাচনত বিজেপি দল নহয়, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ পুৰণি কংগ্ৰেছ আৰু তৰুণ গগৈৰ আদৰ্শৰে অনুপ্ৰাণিত নতুন কংগ্ৰেছৰ মাজতহে যুঁজ হ’ব বুলিও কয় গগৈয়ে। তেওঁ আৰু কয়, ”আমি এইবাৰ নতুন মুখৰ ওপৰত গুৰুত্ব দিছো। উজনি অসমত বিৰোধী দলৰ মাজত যথেষ্ট মিল আছে। যাৰ বাবে মই আশাবাদী এইবাৰ অসমত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ’ব। এই চৰকাৰৰ ৰণডংকা উজনি অসম আৰু উত্তৰ অসমত প্ৰথম শুনা পাম। উজনি অসম আৰু উত্তৰ অসমত ফলাফল এইবাৰ ভাল হ’ব।’’ মিত্ৰতাক লৈ দলে যি সিদ্ধান্ত ল’লে তাৰ প্ৰতি সকলো নেতা-কৰ্মীয়ে অসমৰ বৃহত্তৰ স্বাৰ্থত সন্মান প্ৰদৰ্শন কৰি কাম কৰি যাবলৈকো গগৈয়ে সকলোকে আহ্বান জনায়। মিত্ৰজোঁটত থকা প্ৰতিটো দলৰ নেতা-কৰ্মীসকলৰ ত্যাগ আৰু কষ্টৰ বাবেও তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। গগৈয়ে কয় যে মিত্ৰতা যথেষ্ট শক্তিশালী হৈছে আৰু সেয়ে এইবাৰ কংগ্ৰেছৰ নেতৃত্বত অসমত নতুন চৰকাৰ গঠন হ’ব। মাজুলী সমষ্টিত এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ বিজয় সুনিশ্চিত বুলিও গগৈয়ে মন্তব্য কৰে। উল্লেখ্য যে, আজি মাজুলীত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৰ হৈ ৰাইজৰ আশীৰ্বাদ বিচাৰি হাজাৰৰো অধিক বাইকৰ অংশগ্ৰহণেৰে এক বাইক ৰেলীত অংশগ্ৰহণ কৰে।
#Congress #GauravGogoi #CongressParty #political #PoliticalNews

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

27,256FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
81%
1.2m/s
82%
Thu
25 °
Fri
30 °
Sat
28 °
Sun
28 °
Mon
31 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
নিট ইউজি বাতিলক লৈ উত্তাল বিৰোধী || #notun_somoy
02:31
Video thumbnail
অসমত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ || #notun_somoy
03:07
Video thumbnail
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত বিপদসংকুল যাতাযাত || #notun_somoy
01:51
Video thumbnail
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ ‘ক্ৰাইম ইন ইণ্ডিয়া’ প্ৰতিবেদন || #notun_somoy
04:10
Video thumbnail
আন্তঃগাঁথনি আৰু শিক্ষাদান পদ্ধতি সৱলীকৰণৰ বাবে নিটি আয়োগৰ ব্লুপ্ৰিণ্ট প্ৰকাশ || #notun_somoy
02:09
Video thumbnail
শিৱসাগৰত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ || #notun_somoy
03:35
Video thumbnail
শাসকীয় পক্ষৰ অভিযোগৰ প্ৰত্যুতৰ নাজিৰাৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ || #notun_somoy
02:08
Video thumbnail
মমতাৰ দুৰ্গত প্ৰধানমন্ত্ৰী মোডীৰ আধিপত্য | West Bengal Election result 2026 | #notun_somoy
02:33
Video thumbnail
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম || #notun_somoy
07:48
Video thumbnail
অস্তিত্বৰ সংকটত সোণাই নদী, জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ || #notun_somoy
04:33

শেহতীয়া আপডেটঃ