অসমত সম্ভাৱনাপূৰ্ণ বৰ্ষাকালীন তৈলবীজ শস্য ছয়াবিন ✒️ ডঃ প্ৰদীপ চহৰীয়া

- Advertisement -
- Advertisement -
- Advertisement -

Soybean | Health Benefits of Soybean dgtl - Anandabazar

ছয়াবিন (Glycine max) এবিধ মুখ্য তৈলবীজ শস্য৷ আবাদী ছয়াবিন খ্ৰীষ্টাব্দ ২৮০০১ সময়ত চীন দেশত প্ৰথমে খেতি কৰা হৈছিল৷ সোতৰশ খ্ৰীষ্টাব্দত ইউৰোপ মহাদেশ আৰু আমেৰিকাত ইয়াৰ খেতি কৰা হয়৷ খ্ৰীষ্টাব্দ কুৰি শতিকাৰ সত্তৰ দশকত ছয়াবিনৰ খেতি ভাৰতবৰ্ষত প্ৰথমে প্ৰচলন হয়৷
অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট চৌহদত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনত এখন সৰ্বভাৰতীয় সমন্বিত ছয়াবিন আঁচনিৰ বহু বছৰৰ পৰা গৱেষণা কৰি থকা হৈছে৷ এই গৱেষণা আঁচনিৰ ফলত বিভিন্ন সঁচ উদ্ভাৱন অথবা বাছনি কৰা হৈছে৷ তাৰোপৰি বিভিন্ন কৃষি প্ৰণালী যেনে ধান সিঁচাৰ সময়, সাৰ প্ৰয়োগ, বন-বাত নিৰণি, ৰোগ নিৰাময় আৰু পোক-পতঙ্গৰ নিয়ন্ত্ৰণ আদি ব্যৱস্থাৰ অনুমোদন দিয়া হৈছে৷ উক্ত আঁচনিখন বৰ্তমান বিশ্বনাথ কৃষি মহাবিদ্যালয়ত ২০০২ চনৰ পৰা ৰূপায়িত হৈ আছে৷ এই আঁচনিৰ অধীনত এতিয়ালৈকে ১২বিধ ছয়াবিনৰ উন্নত জাত অসমৰ মাটি আৰু জলবায়ুৰ উপযোগী হোৱাকৈ নিৰ্বাচন কৰা হৈছে৷
ছয়াবিন বিশেষকৈ মাংসসাৰ আৰু খোৱা তেলৰ উৎসৰ বাবে উল্লেখযোগ্য ছয়াবিন বীজত শতকৰা ২০ভাগ তেল আৰু শতকৰা ৪০-৪২ভাগ মাংসসাৰ থাকে৷ ছয়াবিন তেল খোৱা তেল হিচাপে ৰন্ধা-বঢ়াত ব্যৱহাৰ হোৱাৰ উপৰি বিভিন্ন উদ্যোগ যেনে চাবোন আৰু বিভিন্ন ৰং প্ৰস্তুতকৰণত বিস্তৃতভাৱে ব্যৱহাৰ হয়৷ আজিকালি বজাৰত ছয়াবিন গাখীৰ, ছয়াবিন চচ, ছয়াবিন আটা আদি বিভিন্ন খাদ্যসামগ্ৰী পোৱা যায়৷ ছয়াবিন গাখীৰৰ পৰা বিভিন্ন প্ৰকাৰৰ মিঠাই প্ৰস্তুত কৰা হয়৷ ছয়াবিন উৰহী জাতীয় [Leguminous] হোৱা বাবে বীজত থকা লাইচিন [Lysine] এবিধ প্ৰধান এমিন’ এচিড৷

सोयाबीन - विकिपीडिया
ভাৰতবৰ্ষৰ মুঠ ছয়াবিন উৎপাদনৰ শতকৰা ৫০ভাগ অকল মধ্যপ্ৰদেশ ৰাজ্যই উৎপাদন কৰে৷ অন্যান্য মুখ্য উৎপাদনকাৰী ৰাজ্যকেইখন হ’ল মহাৰাষ্ট˜, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটক৷
ছয়াবিন আৰু মাকৈৰ মিশ্ৰণ কুকুৰাৰ [Poultry] উকৃষ্ট খাদ্য৷
গৱেষণাৰ পৰা দেখা গৈছে যে অসমত ছয়াবিন পৰীক্ষামূলক খেতিত পোৱা উৎপাদন যথেষ্ট বেছি৷ ইয়াৰ পৰা বুজা যায় যে ছয়াবিন খেতিৰ অসমত যথেষ্ট সম্ভাৱনা আছে৷ অৱশ্যে ছয়াবিন খেতিত কেইটামান বিশেষ অন্তৰায় থকাৰ বাবে এই খেতিয়ে বিস্তাৰ লাভ কৰা নাই৷ প্ৰধান অন্তৰায়সমূহ হ’ল–

[১] ছয়াবিনৰ মাটি প্ৰস্তুতি আৰু বীজ সিঁচা বাৰিষাকালত হোৱা বাবে বিশেষ অসুবিধা
[২] ছয়াবিন গোটাকৈ খাব নোৱাৰা বাবে তৈয়াৰী খাদ্য [Processed food] ব্যৱস্থা নথকা
[৩] অসম ধানপ্ৰধান শস্যৰ ৰাজ্য হোৱা হেতুকে এই শস্যত কম গুৰুত্ব
[৪] জলবায়ুত আদ্ৰৰ্তা বেছি থকা বাবে বীজৰ অঙ্কুৰণ ক্ষমতা সোনকালে হ্ৰাস পায়
ছয়াবিন খেতি বিভিন্ন জলবায়ু আৰু মাটিত কৰিব পাৰি যদিও বালিঅঁহীয়া আৰু আলতীয়া মাটিত এই খেতি ভাল হয়৷ ছয়াবিন খেতি ঘাইকৈ গ্ৰীষ্মকালত আৰু বসন্তকালত কৰা হয়৷ ছয়াবিনৰ বীজ সিঁচাৰ সময় যদিও কৃষি জলবায়ু পৰিমণ্ডল ভেদে বেলেগ বেলেগ তথাপি মে’-জুন মাহেই বীজ সিঁচাৰ উত্তম সময়৷

Soya Chunk And Green Peas Sabzi Recipe

ছয়াবিনৰ কৃষিকাল সঁচভেদে ৯০-১২০ দিন৷ ছয়াবিন ক্ৰান্তীয় (Tropical) বতৰৰ শস্য হোৱা বাবে বিভিন্ন শস্যৰ লগত অনুক্ৰম [Sequential Crohping] শস্যাক্ৰম, আন্তঃশস্যাকৰণ [Intercrohping] শস্যাক্ৰম পদ্ধতিত কৰা খেতিৰ বাবে অতি উপযুক্ত৷ ছয়াবিন অনুক্ৰম শস্য হিচাপে ঘেঁহু, মটৰ, সৰিয়হ, আলু, মচুৰ আদি সকলো শীতকালীন শস্যৰ লগত একেডৰা মাটিতে কৰিব পাৰি৷ মিশ্ৰিত শস্যাকৰণ [Mixed Crohping] পদ্ধতিত ৰহৰ মাহ, মাকৈ, বাদাম, তিল আদি অনেক শস্যৰ লগত ছয়াবিন শাৰী পদ্ধতিত কৰিব পাৰি৷
বৰষুণ বতৰৰ ওপৰত নিৰ্ভৰশীল ছয়াবিন খেতিত প্ৰতি হেক্টৰত ১৬১ পৰা ২০ কুইণ্টল আৰু জলসিঞ্চনৰ দ্বাৰা কৰা খেতিত ২০১ পৰা ২৫ কুইণ্টল উৎপাদন পোৱা যায়৷

Download-Here (1)

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

26,926FansLike
0FollowersFollow
22,800SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
34.7 ° C
34.7 °
34.7 °
36 %
3kmh
99 %
Sat
33 °
Sun
35 °
Mon
34 °
Tue
32 °
Wed
30 °
Click & Play Now YouTube- ভিডিঅ’
Video thumbnail
আত্মনিৰ্ভৰশীল ভাৰতৰ চমক
03:02
Video thumbnail
ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা ৰাঘৱ চাড্ডাক অপসাৰণ | Raghav Chaddha | #notun_somoy
03:32
Video thumbnail
বোৱাৰীৰ পৰা ভৰণ-পোষণ দাবী কৰিব নোৱাৰিব শহুৰ-শাহুৱেকে | Allahabad High Court | #notun_somoy
03:12
Video thumbnail
প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল মাধ্যমৰে আৰম্ভ লোকপিয়ল ২০২৭ | Census 2027 | #notun_somoy
02:42
Video thumbnail
ইৰাণলৈ ট্ৰাম্পৰ সকীয়নি, চুক্তি নহ'লে শক্তি প্ৰকল্প ধ্বংসৰ হুংকাৰ | US-Iran War | #notun_somoy
03:42
Video thumbnail
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ হৰমুজত থমকি ৰৈছে খাৰুৱা তেলৰ জাহাজ || #notun_somoy
04:12
Video thumbnail
গুৱাহাটীত চেন্নাইক ধৰাশায়ী কৰি ৰাজস্থানৰ বৃহৎ জয় | IPL-2026-Guwahati | #notun_somoy
02:10
Video thumbnail
ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৮৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে | postal vote | #notun_somoy
02:36
Video thumbnail
১৮ মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন | 8th Pay Commission | #notun_somoy
03:03
Video thumbnail
১ এপ্ৰিলৰ পৰা সলনি হ'ব ডিজিটেল লেনদেনৰ নিয়ম | Digital Transaction | #notun_somoy
03:03

শেহতীয়া আপডেটঃ